প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰীগুৰু টেগ বাহাদুৰ জীৰ প্ৰাণাহুতি দিৱসত প্ৰধানমন্ত্ৰীৰ প্ৰণাম
পোষ্ট কৰা হৈছে:
17 DEC 2023 1:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীগুৰু টেগ বাহাদুৰ জীৰ প্ৰাণাহুতি দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে স্বাধীনতা আৰু মানৱ মৰ্য্যাদাৰ বাবে শ্ৰীগুৰু টেগ বাহাদুৰ জীৰ অতুলনীয় ত্যাগ সময়ৰ লগে-লগে প্ৰতিধ্বনিত হৈ মানৱতাক সততা আৰু মমতাৰে জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;
“আজি আমি সাহস আৰু শক্তিৰ দীপস্বৰূপ শ্ৰীগুৰু টেগ বাহাদুৰ জীৰ প্ৰাণাহুতিৰ কথা স্মৰণ কৰিছোঁ। স্বাধীনতা আৰু মানৱ মৰ্য্যাদাৰ বাবে তেওঁৰ অতুলনীয় ত্যাগ সময়ৰ লগে-লগে প্ৰতিধ্বনিত হৈ মানৱতাক সততা আৰু মমতাৰে জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়। তেওঁৰ শিক্ষাই ঐক্য আৰু ন্যায় পৰায়ণতাত গুৰুত্ব আৰোপেৰে ভ্ৰাতৃত্ববোধ আৰু শান্তিৰ সন্ধানত আমাৰ পথ পোহৰাই তোলে।”
***
DS/ST/SB
(ৰিলিজ আই ডি : 1987578)
অতিথি কক্ষ : 119
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu