প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উৎসৱ উদযাপন কৰে

কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিক আন্তৰিক শুভকামনা জনায়

Posted On: 10 DEC 2023 12:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীযুত য়ুন চুক য়েওলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। পাৰস্পৰিক সন্মান, মূল্যবোধ ভাগ-বতৰা আৰু বিকশিত অংশীদাৰিত্বৰ যাত্ৰাক আলোকপাত কৰি, প্ৰধানমন্ত্ৰীয়ে বিশেষ কূটনৈতিক অংশীদাৰিত্বক গভীৰ আৰু সম্প্ৰসাৰণ কৰিবৰ বাবে য়ুন চুক য়েওলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এই পোষ্ট কৰে:

 

"আমি আজি ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উৎসৱ উদযাপন কৰিছোঁ। এয়া পাৰস্পৰিক সন্মান, মূল্যবোধৰ ভাগ-বতৰা আৰু বিকশিত অংশীদাৰিত্বৰ যাত্ৰা। মই কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীযুত য়ুন চুক য়েওল ডাঙৰীয়াক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আমাৰ বিশেষ কূটনৈতিক অংশীদাৰিত্ব গভীৰ আৰু সম্প্ৰসাৰণ কৰিবৰ বাবে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।"

**********

 

DS/TS



(Release ID: 1984877) Visitor Counter : 49