তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

১ কোটি অংশগ্ৰহণকাৰীৰ সীমা অতিক্ৰম বিকশিত ভাৰত সংকল্প যাত্ৰাৰ

Posted On: 08 DEC 2023 3:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ খুঁটিত উদ্বোধন কৰা বিকশিত ভাৰত সংকল্প যাত্ৰা দেশজুৰি নাগৰিকৰ সৈতে সংযোগ গঢ়ি তোলা এক পৰিৱৰ্তনশীল অভিযান হিচাপে আত্মপ্ৰকাশ কৰিছে।

মেইটিয়ে প্ৰস্তুত কৰা কাষ্টমাইজড পৰ্টেলত সংগ্ৰহ কৰা তথ্য অনুসৰি ২০২৩ চনৰ ৭ ডিচেম্বৰলৈকে এই যাত্ৰাই ৩৬,০০০ৰো অধিক গাঁও পঞ্চায়তত উপনীত হৈছে আৰু ১ কোটিৰো অধিক নাগৰিকে ইয়াত অংশগ্ৰহণ কৰিছে৷ ৩৭ লাখৰো অধিক লোকে অংশগ্ৰহণেৰে ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্য উত্তৰ প্ৰদেশে শীৰ্ষত থকাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ (১২.০৭ লাখ) আৰু গুজৰাট (১১.৫৮ লাখ)। জম্মু-কাশ্মীৰতো এই যাত্ৰাই উৎসাহজনক সমৰ্থন লাভ কৰিছে, য’ত আজিলৈকে ৯ লক্ষাধিক লোকে অংশগ্ৰহণ কৰিছে।

প্ৰতিদিনে ৰাইজৰ অংশগ্ৰহণে এই অভিযানক আৰু অধিক গতি প্ৰদান কৰিছে। সংকল্প যাত্ৰাৰ প্ৰথম সপ্তাহত ৫ লাখ নাগৰিকে অংশগ্ৰহণ কৰাৰ বিপৰীতে বিগত ১০ দিনত সমগ্ৰ দেশৰ ৭৭ লক্ষাধিক লোকে এই যাত্ৰাত অংশগ্ৰহণ কৰে। কম সময়ৰ ভিতৰতে এই যাত্ৰাৰ নগৰীয়া খণ্ডই ৭০০ৰো অধিক স্থানত উপনীত হৈছে আৰু মুঠ ৭৯ লাখ ব্যক্তিয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে।

অভূতপূৰ্ব প্ৰচাৰ প্ৰচেষ্টাত যাত্ৰাই তথ্য, শিক্ষা আৰু যোগাযোগ (আইইচি) বাহন ব্যৱহাৰ কৰি ২.৬০ খনতকৈও অধিক গাঁও পঞ্চায়ত আৰু ৩৬০০তকৈ অধিক নগৰীয়া স্থানীয় সংস্থাক সামৰি ল'বলৈ চেষ্টা কৰিছে, যিয়ে মানুহক চৰকাৰী আঁচনিসমূহ তেওঁলোকৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

এই বিকশিত সংকল্প যাত্ৰাৰ এটা কেন্দ্ৰবিন্দু হৈছে মহিলাকেন্দ্ৰিক আঁচনিৰ বিষয়ে সজাগতা বৃদ্ধি, যাৰ ফলত ৪৬ হাজাৰৰো অধিক হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ বাবে নাম পঞ্জীয়ন কৰিছে। স্বাস্থ্য শিবিৰসমূহেও ব্যাপক আকৰ্ষণ লাভ কৰিছে আৰু আজিলৈকে ২২ লাখ ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে।

বিকশিত ভাৰত সংকল্পযাত্ৰাৰ অংশ হিচাপে কৃষকসকলৰ বাবে কৰা ড্ৰোন প্ৰদৰ্শনে অতি কৌতুহল সৃষ্টি কৰিছে। ‘ড্ৰোন দিদি আঁচনি’ আৰম্ভ হোৱাৰ লগে লগে ১৫ হাজাৰ মহিলা আত্মসহায়ক গোটক ড্ৰোনৰ ব্যৱস্থা কৰা হ’ব৷ লগতে দুগৰাকী মহিলা সদস্যৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ লগতে বৃহৎ সংখ্যক মহিলাইও ড্ৰোনৰ উৰণ প্ৰত্যক্ষ কৰিবলৈ আগুৱাই আহিছে। আত্মসহায়ক গোটসমূহে ড্ৰোন সেৱাসমূহ মাছুলৰ বিনিময়ত ভাড়াত দিব, যিয়ে আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে ৰাজহৰ আন এক উৎস হিচাপে কাম কৰিব।

                                                                              

                                                                              

 

সবিশেষ জানবিলৈ আৰু ফটোৰ বাবে www.viksitbharatsankalp.gov.in ৱেবছাইট চাওক৷



(Release ID: 1984076) Visitor Counter : 79