প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ জি-২০অধ্যক্ষতাঃ বহুপাক্ষিক সহযোগিতাৰ এক নতুন পুৱা

Posted On: 30 NOV 2023 10:49AM by PIB Guwahati

ভাৰতে জি-২০ অধ্যক্ষতাৰ দায়িত্ব  গ্ৰহণ কৰাৰ আজি ৩৬৫ দিন পূৰ্ণ হৈছে।এয়া  'বসুধৈৱ কুটুম্বকম, 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত'ৰ বাণীক  পুনৰ প্ৰতিফলিত কৰি   প্ৰতিশ্ৰুতিবোৰক  পুনৰুজ্জীৱিত কৰাৰ এক বিশেষ মুহূৰ্ত।

 

বিগত বৰ্ষত  আমি এই গুৰু  দায়িত্ব গ্ৰহণ কৰাৰ সময়তে  বিশ্বই বহু  প্ৰত্যাহ্বানৰ সৈতে যুঁজি আছিল: কোভিড-১৯  মহামাৰীৰ পিছৰ প্ৰত্যহ্বান, জলবায়ুৰ প্ৰতি অহা  ভাবুকি, বিত্তীয় অস্থিৰতা আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ওপৰত আহি পৰা  ঋণৰ বোজা, এই সকলোবোৰ সমস্যা দূৰ কৰিবলৈ  বহুপাক্ষিক সহযোগিতাৰে প্ৰয়োজন হৈছিল।  সংঘাত  আৰু প্ৰতিযোগিতাৰ ধামখুমীয়াত পৰি উন্নয়নৰ ধাৰা  ক্ষতিগ্ৰস্ত হৈছিল,  ফলত প্ৰগতি বাধাগ্ৰস্ত হৈছিল।

জি-২০ অধ্যক্ষতাৰ দায়িত্ব লাভ কৰি   ভাৰতে বিশ্বক তেনে বিষম পৰিস্থিতিসমূহৰ  বিকল্প প্ৰদান কৰিব বিচাৰিছিল। সেই বিকল্প  হৈছে মুঠ ঘৰুৱা উৎপাদনক মানৱ কেন্দ্ৰিক প্ৰগতিলৈ পৰিৱৰ্তন কৰা। কোনবোৰ বিষয়ে  আমাক একত্ৰিত কৰে আৰু কোনবোৰে বিভাজিত কৰে  সেইকথাও  ভাৰতে বিশ্বক  সোঁৱৰাই দিয়াৰ লক্ষ্য আগত ৰাখিছিল । শেষত  বিশ্বব্যাপী আলোচনাৰ প্ৰৱণতা প্ৰসাৰিত হৈছিল  - মুষ্টিমেয় লোকৰ  স্বাৰ্থই বৃহত্তৰ অংশৰ  আশা-আকাংক্ষাক পথ প্ৰদৰ্শন  কৰিব পৰাৰ পৰিবেশ গঢ় লৈ উঠিছিল। । ইয়াৰ বাবে বহুপাক্ষিক সহযোগিতা আৰু  সংস্কাৰৰ প্ৰয়োজন আছিল, সেই কথা আমি ভালদৰেই উপলব্ধি কৰিছিলো।

 

সামগ্ৰিক, উচ্চাভিলাষী, কাৰ্যমুখী আৰু নিৰ্ণায়ক - এই চাৰিটা শব্দই জি-২০ ৰ অধ্যক্ষতা কৰা দেশ   হিচাপে আমাৰ দৃষ্টিভংগী নিৰ্ধাৰণ কৰিছে।   জি-২০ৰ সকলো  সদস্যই সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা নতুন দিল্লী ঘোষণাপত্ৰই (এনডিএলডি) তেনে নীতি যে আমি পালন কৰিব পাৰিছো সেই কথাৰ প্ৰমাণ দাঙি ধৰিছে।

 

অন্তৰ্ভুক্তি অৰ্থাৎ সকলোকে সমাৰি লোৱাটো  আমাৰ জি-২০ অধ্যক্ষতাৰ কেন্দ্ৰীয়  বিষয় আছিল। আফ্ৰিকান ইউনিয়ন (এইউ)ক  জি-২০ -ৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপেৰে   ৫৫ খন আফ্ৰিকাৰ দেশক  এই মঞ্চত অন্তৰ্ভুক্ত কৰিব পৰা গৈছে।  লক্ষ্যণীয় কথাটো হ’ল এইদেশসমূহে   বিশ্বৰ  জনসংখ্যাৰ ৮০ % লোকক সামৰি লৈছে।  এনে সবল পদক্ষেপে   গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখী হ’ব পৰাকৈ  বিশ্বৰ দেশসমূহৰ বাবে   বিস্তৃত আলোচনাৰ পথ প্ৰশস্ত কৰিছে।

 

দুটা সংস্কৰণত ভাৰতে আয়োজন  কৰা প্ৰথম 'ভইচ অফ দ্য গ্লোবেল চাউথ ছামিট'-এ বহুপাক্ষিক সহযোগিতাৰ  এক নতুন দুৱাৰ মুকলি কৰিছে। ভাৰতে এই আন্তৰ্জাতিক সন্মিলনতে  গোলকীয় উদ্বেগসমূহৰ অৱলোকন কৰিছে। এই সন্মিলনে এনে এক  পৰিবেশৰ সূচনা কৰিছে যাতে  উন্নয়নশীল দেশসমূহে বিশ্বব্যাপী তেওঁলোকৰ বাবে সঠিক স্থান নিশ্চিত কৰিব পাৰে।

 

সকলোকে সামৰি লোৱাৰ নীতিৰ জড়িয়তে   জি-২০ৰ প্ৰতি ভাৰতৰ নিজস্ব  দৃষ্টিভংগীও প্ৰতিফলিত হৈছে।  ফলত আমাৰ এই অধ্যক্ষতা   জনতাৰ অধ্যক্ষতা (পিপলছ প্ৰেচিডেন্সি) হৈ পৰিছে।  এয়া   বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ দেশ খনৰ বাবে  গৌৰৱৰ বিষয় হৈ  পৰিছে। "জন ভাগীদাৰী" (জনসাধাৰণৰ অংশগ্ৰহণ) অনুষ্ঠানৰ জৰিয়তে, জি-২০ৰ বাৰ্তা ১.৪ বিলিয়ন মানুহৰ মাজতৈ বিয়পি পৰিছে।  এই সন্মিলনত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক অংশীদাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এনে পদক্ষেপৰ জড়িয়তে ভাৰতে নিশ্চিত কৰিছে  যে গুৰুত্বপূৰ্ণ  বিষয়সমূহত    ভাৰতৰ আন্তৰ্জাতিক ধাৰণা তথা মনোভাব বহুলভাবে প্ৰসাৰিত আৰু  জি-২০ ৰ আদৰ্শৰ  সৈতে সংগতি ৰাখি উন্নয়নমূলক লক্ষ্যৰ প্ৰতি  সমৰ্পিত।

 

২০৩০ৰ কাৰ্যসূচী(এজেণ্ডা)ৰ প্ৰসংগত  ভাৰতে বহনক্ষম উন্নয়ন লক্ষ্যৰ (এছডিজি) ৰ বিষয়টো ত্বৰান্বিত কৰাৰ অৰ্থে  জি-২০  ২০৩০ কাৰ্য পৰিকল্পনা যুগুতাই উলিয়াইছে। স্বাস্থ্য, শিক্ষা, লিংগ সমতা আৰু পাৰিপাৰ্শ্বিক স্থিৰতাকে ধৰি ইটোৰ সৈতে সিটো সংপৃক্ত হৈ থকা বিষয়বোৰৰ ক্ষেত্ৰত  কাৰ্যমুখী দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে।

 

 প্ৰগতি নিশ্চিত কৰিব পৰা  এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে শক্তিশালী ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ব্যৱস্থা।  ভাৰতে এই প্ৰসংগত আগবঢ়োৱা পৰামৰ্শসমূহ সেয়ে  নিৰ্ণায়ক পৰামৰ্শ হিচাবে বিবেচিত হৈছে। ভাৰতে ইতিমধ্যে  আধাৰ, ইউ.পি.আই. আৰু ডিজিলকাৰৰ দৰে ডিজিটেল ব্যৱস্থাৰ  বৈপ্লৱিক পৰিৱৰ্তন আৰু এইবোৰৰ প্ৰভাৱ  প্ৰত্যক্ষ কৰিছে। জি-২০ৰ জৰিয়তে আমি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ভঁৰাল (repository)  টনকিয়াল কৰিব পাৰিছো। এয়া  হৈছে বিশ্বব্যাপী প্ৰযুক্তিগত সহযোগিতাৰ ক্ষেত্ৰত  এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ১৬ খন দেশৰ ৫০ টাতকৈও অধিক ডিপিআই থকা এই ভঁৰালে( repository) বিশ্বৰ   সামগ্ৰিক বিকাশক তৰান্বিত কৰিব বুলি আমি আশাবাদী।

সমগ্ৰ বিশ্বকে 'এখন পৃথিৱী' হিচাবে  গঢ়ি তোলাৰ  বাবে আমি জৰুৰী, স্থায়ী আৰু ন্যায়সঙ্গত পৰিৱৰ্তন নিশ্চিত  কৰিবলৈ  আমি  সামগ্ৰিক লক্ষ্যত পৰিৱৰ্তন   সাধন কৰিব পাৰিছো। সন্মিলনৰ ঘোষণাপত্ৰৰ 'সেউজ উন্নয়ন চুক্তি'ত ক্ষুধাৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰু আমাৰ এই গ্ৰহটোক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আহি পৰা  প্ৰত্যাহ্বানবোৰ দূৰ কৰিবলৈ  এক বিস্তৃত কাৰ্যপ্ৰণালী গ্ৰহণ কৰা হৈছে৷ এনে কাৰ্যপ্ৰণালীয়ে  নিয়োগৰ ক্ষেত্ৰখনৰ লগতে  পৰিবেশতিতন্ত্ৰ সুৰক্ষাৰ কথাও নিশ্চিত কৰিব৷

 

জলবায়ু সুৰক্ষাৰ  সঠিক নীতি মানি চলি উৎপাদন ব্যৱস্থাক   গ্ৰহ-অনুকূল কৰি তোলাৰ বিষয়ত জোৰ দিয়া হৈছে।  জি-২০  ঘোষণাপত্ৰত ২০৩০ চনৰ ভিতৰত বিশ্বব্যাপী নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা  ত্ৰিগুণলৈ বৃদ্ধি কৰাৰ  উচ্চাভিলাষী পদক্ষেপ গ্ৰহণৰ  আহ্বান জনোৱা হৈছে। গোলকীয় জৈৱ ইন্ধন জোঁট  স্থাপনৰ জড়িয়তে সেউজ হাইড্ৰজেনৰ ব্যৱহাৰেৰে এক নিকা, সেউজীয়া পৃথিৱী গঢ়ি তোলাৰ বিষয়ত     জি-২০য়ে   আশাৰ ৰেঙনি দেখুৱাইছে ।ভাৰতে সদায় এনে নীতি গ্ৰহণ কৰি আহিছে যাতে  বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত  বিশ্বই আমাৰ বহু পুৰণি পৰম্পৰাৰ পৰা লাভাৱান্বিত হ'ব পাৰে।

 

 ঘোষণাপত্ৰখনে জলবায়ুৰ ক্ষেত্ৰত  ন্যায় প্ৰদান  আৰু সমতাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ বিষয়বোৰত  গুৰুত্ব আৰোপ কৰিছে।  এই ক্ষেত্ৰত বিশ্বৰ উত্তৰ অংশৰ  পৰা পৰ্যাপ্ত বিত্তীয় আৰু প্ৰযুক্তিগত সমৰ্থনৰ বাবেও আহ্বান জনোৱা হৈছে। অৰ্থনৈতিক বিকাশ বিলিয়নৰ পৰা ট্ৰিলিয়ন ডলাৰলৈ আগুৱাই নিবলৈ অংগীকাৰ গ্ৰহণ কৰা হৈছে।   উন্নয়নশীল দেশসমূহক ২০৩০ চনৰ ভিতৰত তেওঁলোকৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি)ৰ লক্ষ্যত উপনীত  হ’বলৈ  ৫.৯ ট্ৰিলিয়ন ডলাৰৰ প্ৰয়োজন হ’ব ।সেই কথা জি-২০য়ে স্বীকাৰ কৰি লৈছে।

 

সম্পদ সৃষ্টিৰ  প্ৰসংগত জি-২০ -য়ে বহুপাক্ষিক উন্নয়ন বেংকৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে। একে সময়তে ভাৰতে ৰাষ্ট্ৰসংঘৰ সংস্কাৰমূলক পদক্ষেপবোৰত, বিশেষকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দৰে মুখ্য অঙ্গসমূহৰ পুনৰ্গঠনত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। এই কথাই  অধিক ন্যায়সঙ্গত গোলকীয় শৃংখলা নিশ্চিত কৰিব বুলি ক’ব পাৰি।

 

ঘোষণাপত্ৰত লিংগ সমতাৰ বিষয়টোৱে  বিশেষ গুৰুত্ব লাভ কৰিছে। ইয়াৰ পৰিণতিতে  অহা বছৰ মহিলাৰ সবলীকৰণৰ অৰ্থে  এক কাৰ্যকৰী গোট (ৱৰ্কিং গ্ৰুপ) গঠন কৰা হ'ব। ভাৰতত মহিলা সংৰক্ষণ বিধেয়ক ২০২৩,ৰ জড়িয়তে  মহিলাসকলৰ বাবে দেশৰ  সংসদ আৰু ৰাজ্যিক বিধান সভাৰ এক-তৃতীয়াংশ আসন সংৰক্ষণ কৰাৰ কথাটোৱে  মহিলাই নেতৃত্ব প্ৰদান কৰা উন্নয়নৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিকে প্ৰতিপন্ন কৰিছে।

নতুন দিল্লী ঘোষণাপত্ৰত এই গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰসমূহ সন্দৰ্ভত  সহযোগিতাৰ এক নতুন মনোভাৱ প্ৰতিফলিত  হৈছে। নীতিগত সমন্বয়, নিৰ্ভৰযোগ্য বাণিজ্য আৰু  জলবায়ু সম্পৰ্কীয়  পদক্ষেপৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। এয়া  গৌৰৱৰ বিষয় যে আমাৰ অধ্যক্ষতাৰ সময়তে জি-২০-এ ৮৭  টা ইতিবাচক ফলাফল লাভ কৰাৰ লগতে  বিভিন্ন  বিষয়ত ১১৮ খন গুৰুত্বপূৰ্ণ  নথি গ্ৰহণ  কৰিবলৈ  সক্ষম হৈছে।  এয়া  পূৰ্বৰ তুলনাত এক লক্ষণীয় উত্থান।

 

আমাৰ জি-২০ অধ্যক্ষতাৰ  সময়ত ভাৰতে ভূ-ৰাজনৈতিক বিষয় আৰু অৰ্থনৈতিক বিকাশ তথা  বিকাশৰ ওপৰত  প্ৰভাৱ পোলোৱা বিষয়সমূহ সন্দৰ্ভত   আলোচনাৰ নেতৃত্ব দিছিল। সন্ত্ৰাসবাদ আৰু নিৰীহ অসামৰিক লোকৰ হত্যা কেতিয়াও গ্ৰহণযোগ্য নহয়।   আমি এনেবোৰ ঘটনা  শূন্য সহনশীলতাৰ নীতিৰে সমাধান কৰিব লাগিব। আমি শত্ৰুতাৰ সলনি  মানৱতাবাদক শিৰোধাৰ্য কৰিব লাগিব আৰু এইকথাৰ পুনৰাবৃত্তি কৰিব লাগিব যে এয়া  যুদ্ধৰ যুগ নহয়।

 

মই আনন্দিত যে আমাৰ জি-২০  অধ্যক্ষতাৰ সময়তে ভাৰতে অসাধাৰণ সফলতা অৰ্জন কৰিছে: ই বহুপাক্ষিক সহযোগিতাক পুনৰুজ্জীৱিত কৰিছে, গোলকীয় দক্ষিণৰ কণ্ঠস্বৰ সকলোৰে কৰ্ণগোচৰ কৰিছে, উন্নয়নক সমর্থন কৰিছে আৰু  মহিলাৰ সৱলীকৰণৰ বিষয়ত  যুঁজ দিয়াৰ পৰিবেশ ৰচনা কৰিছে।

 

আমি পৰৱৰ্তী  জি-২০ৰ অধ্যক্ষতা  ব্ৰাজিলক হস্তান্তৰ কৰিছো। আমি লগতে বিশ্বাস ৰাখিছো  যে আমাৰ সামূহিক পদক্ষেপবোৰে  অনাগত বছৰবোৰত    মানুহৰ লগতে আমাৰ গ্ৰহটোত  শান্তি আৰু সমৃদ্ধিৰ পৰিবেশ ৰচনাত সহায় কৰিব। আমাৰ তেনে সামূহিক পদক্ষেপৰ নীতি অনাগত দিনতো সকলোৰে মাজত  প্ৰতিধ্বনিত হৈ ৰ’ব। 



(Release ID: 1981002) Visitor Counter : 101