তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

আইএফএফআই ৫৪ ত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে গোল্ডেন পিকক বঁটাৰে সন্মানিত আব্বাছ আমিনীৰ পাৰ্চী চলচ্চিত্ৰ ‘ইণ্ডলেছ বৰ্ডাৰছ’এ

চলচ্চিত্ৰখনে চিত্ৰিত কৰিছে কুসংস্কাৰৰ পৰা মুক্ত হৈ প্ৰেমৰ শক্তিৰে ৰাজনৈতিক আৰু আৱেগিক সীমা অতিক্ৰম কৰাৰ নিটোল কাহিনী

'ব্লাগাৰ’ছ লেচনছ' ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ ছিলভাৰ পিকক বঁটা অৰ্জন বুলগেৰিয়াৰ পৰিচালক ষ্টিফান কোমাণ্ডাৰেভৰ

'ইণ্ডলেছ বৰ্ডাৰ'ত অনন্য অভিনয়ৰ বাবে পুৰিয়া ৰহিমী ছেমক শ্ৰেষ্ঠ অভিনেতাৰ (পুৰুষ) ছিলভাৰ পিকক বঁটাৰে সন্মানিত

'পাৰ্টি অফ ফুলছ'ত কৰা ব্যতিক্ৰমী অভিনয়ৰ স্বীকৃতি স্বৰূপে মেলানিয়া থিয়েৰীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ছিলভাৰ পিকক বঁটা

Posted On: 28 NOV 2023 7:06PM by PIB Guwahati

চলচ্চিত্ৰ বিভিন্ন শ্ৰেণীত উৎকৃষ্টতাৰ স্বীকৃতি প্ৰদান কৰি  ভাৰতীয় ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআইত ) সন্মানীয় গোল্ডেন পিকক বঁটা ঘোষণাা প্ৰদান কৰা হয়৷  চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তিসকলক লৈ গঠিত আন্তঃৰাষ্ট্ৰীয় জুৰীয়ে  গোৱাৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত এক বৰ্ণাঢ্য্য সামৰণি অনুষ্ঠানত বঁটা প্ৰাপকসকলৰ  নাম ঘোষণা কৰে। গোৱাত অনুষ্ঠিত হোৱা মহোৎসৱত ১২  খন আন্তৰ্জাতিক আৰু ৩ খন ভাৰতীয় চলচ্চিত্ৰকে ধৰি ১৫ খন ব্যতিক্ৰমী চলচ্চিত্ৰ বঁঁটাৰ বাবে  বাছনি কৰা হয়৷  সন্মানীয় গোল্ডেন পিকক বঁটালাভৰ বাবে বিভিন্ন ছবিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হৈছিল। এই বঁটাত  আছে ৪০ লাখ টকা, এখন  প্ৰমাণপত্ৰ আৰু এটা গোল্ডেন পিককৰ  প্ৰতিকৃতি অংকিত পদক।

১.  পাৰ্চী চলচ্চিত্ৰ 'ইণ্ডলেছ বৰ্ডাৰ' লৈ  শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা

শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত   'গোল্ডেন পিকক' বঁটা লাভ কৰে আব্বাছ আমিনীৰ দ্বাৰা পৰিচালিত পাৰ্চী ছবি  'ইণ্ড়লেছ বৰ্ডাৰ 'এ৷ । আফগানিস্তানত তালিবানৰ উত্থানৰ ফলত সৃষ্টি হোৱা অস্থিৰতাৰ  মাজত এজন ইৰানী শিক্ষকে প্ৰদৰ্শন কৰা সেৱাৰ মনোভাৱৰ ছবি এই ছবি খনত প্ৰতিফলিত হৈছে৷  ছবি খন আৱেগিক উত্থান-পতন,  কুসংস্কাৰৰ বিৰুদ্ধে সংগ্ৰাম, নৈতিক দ্বিধা আৰু নিষিদ্ধ প্ৰেমৰ জটিলতাবোৰক সুন্দৰভাবে ফুটাই তুলিছে৷  জুৰীয়ে চলচ্চিত্ৰখনত প্ৰতিফলিত কৰা  শাৰীৰিক আৰু আৱেগিক সীমা অতিক্ৰম কৰাৰ সামৰ্থ্যৰ ভাবনাৰ  লগতে  পৰিচালক আব্বাছ আমিনীৰ সাহসী পদক্ষেপকো  প্ৰশংসা কৰে।

জুৰীয়ে কয়, "চলচ্চিত্ৰখনত প্ৰতিফলিত কাহিনীয়ে জটিলতাৰ   ভৌতিক সীমা কিমান বিশাল  হ'ব পাৰে তাৰ বিষয়ে আভাস দিছে৷ আৱেগিক আৰু নৈতিক সীমাতকৈ অধিক জটিল একো হ'ব নোৱাৰে সেই কথা ছবি খনে দাঙি ধৰিছে৷  চলচ্চিত্ৰখনৰ ক্ষেত্ৰত পৰিচালকে নিজৰ স্বাধীনতাৰ প্ৰশ্নত ৰাজনৈতিক সীমা অতিক্ৰম কৰিছে।"

চলচ্চিত্ৰখনে আফগান সীমান্তৰ ওচৰৰ ইৰাণৰ এখন দৰিদ্ৰ গাঁৱত নিৰ্বাসিত ইৰানী শিক্ষক আহমাদৰ সংগ্ৰামৰ  কাহিনী উপস্থাপন  কৰিছে। আফগানিস্তানত তালিবানৰ উত্থানে জাতিগত আৰু জনজাতীয় যুদ্ধৰ জুইক জ্বলাই তুলিছে। তালিবানৰ পৰা তীব্ৰ  ভাবুকিৰ সন্মুখীন হোৱা হাজাৰা আফগানসকলে অবৈধভাৱে ইৰাণত প্ৰৱেশ কৰে। যেতিয়া আহমাদে আফগানিস্তানৰ হাজাৰা পৰিয়ালৰ সৈতে পৰিচয়  হয়, তেতিয়া তেওঁ অঞ্চলটোত বৰ্তি থকা  কুসংস্কাৰ বিষয়ে জানিব পাৰে। এটা নিষিদ্ধ প্ৰেমে তেওঁক নিজৰ জীৱনত প্ৰেম আৰু সাহসিকতাৰ অভাৱ আৱিষ্কাৰ কৰিবলৈ বাধ্য কৰে।

                                                                                                       

'ইণ্ডলেছ বৰ্ডাৰ' চলচ্চিত্ৰৰ এটা দৃশ্য

 

২.  'ব্লাগাৰ’ছ লেচনছ ' ছবিৰ  বাবে শ্ৰেষ্ঠ পৰিচালকৰ  ছিলভাৰ পিকক বঁটা লাভ কৰে বুলগেৰিয়াৰ পৰিচালক ষ্টিফান কোমাণ্ডাৰেভে

বুলগেৰিয়াৰ পৰিচালক ষ্টিফান কোমাণ্ডাৰেভে 'ব্লাগা'ছ লেচনছ' ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ  'ছিলভাৰ পিকক' বঁটা লাভ কৰে৷ ছবি খনত  প্ৰৱঞ্চনাৰ সন্মুখীন হৈ নৈতিক আপোচৰ এক শক্তিশালী অন্বেষণৰ কথা ফুটাই তোলা হৈছে। ছবি খনৰ কাহিনীভাগ   ব্লাগা নামৰ এগৰাকী বিধৱা মহিলাকলৈ আগবাঢ়িছে৷, যিগৰাকী মহিলাই  টেলিফোন স্কেমাৰৰ বলি হোৱাৰ পিছত নানান পৰিঘটনাৰ সাক্ষী হ‘বলগীয়া হৈছিল৷ ছবি খনত কমিউনিষ্ট শালনৰ পিছৰ বুলগেৰিয়াত এগৰাকী জ্যেষ্ঠ নাগৰিকৰ দুঃসহ  জীৱনৰ কথা  আলোকপাত কৰিছে৷

ষ্টিফান কোমাণ্ডাৰেভে এগৰাকী মহিলাৰ চৰিত্ৰৰ জৰিয়তে এক শক্তিশালী  বাৰ্তা দিবলৈ সক্ষম হৈছে৷  বিধৱা মহিলাগৰাকীয়ে তেওঁ তেওঁৰ লক্ষ্য প্ৰাপ্ত কৰাৰ সিদ্ধান্ত লওঁতে  মূল্যবোধৰ সৈতে আপোচ কৰিবলগীয়া হৈছিল । ছবি খনত  শিল্পী  এলি স্কৰচেভাৰৰ অভিনয়ে  জুৰীৰ লগতে সকলোকে বিমোহিত কৰিছে৷

বঁটাটোত আছে ১৫  লাখ টকা, এখন টা প্ৰমাণপত্ৰ আৰু ৰূপালী ময়ূৰ(ছিলভাৰ পিকক)ৰ পদক।

                                                                                                     

'ব্লাগা'ছ লেচনছ'  মুখ্য অভিনেত্ৰী শ্ৰীমতী এলি স্কৰচেভাই পৰিচালকৰ হৈ বঁটা গ্ৰহণ কৰিছে

 

৩. অনন্য অভিনয়ৰ বাবে পুৰিয়া ৰহিমী ছেমক শ্ৰেষ্ঠ অভিনেতাৰ (পুৰুষ)  ছিলভাৰ পিকক বঁটাৰে  সন্মানিত কৰা হয়

 

অভিনেতা পুৰিয়া ৰহিমী ছেমক আব্বাছ আমিনীৰ দ্বাৰা পৰিচালিত পাৰ্চী চলচ্চিত্ৰ এণ্ডলেছ বৰ্ডাৰছত কৰা অভিনয়ৰ বাবে সৰ্বসন্মতিক্ৰমে শ্ৰেষ্ঠ অভিনেতা হিচাপে বাছনি কৰা হৈছে। জুৰীয়ে অভিনেতাগৰাকীক  "শ্বুটিঙৰ প্ৰত্যাহ্বানমূলক পৰিস্থিতিত তেওঁৰ সঙ্গী, শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ সৈতে কৰা অনন` অভিনয় আৰু বাৰ্তালাপৰ বাবে" এই সন্মানৰ বাবে বাছনি কৰিছে।

জাতিগত উত্তেজনা আৰু নিষিদ্ধ প্ৰেমৰ সাক্ষী হোৱা নিৰ্বাসিত ইৰানী শিক্ষক আহমাদৰ চৰিত্ৰৰ  সূক্ষ্ম প্ৰদৰ্শনে  জুৰীক আপ্লুত কৰে৷ বিষম  পৰিস্থিতিকো প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত তেওঁ কৰা অভিনয়ৰ প্ৰশংসা কৰা হয়৷

                                                                                       

ইণ্ডলেছ বৰ্ডাৰছ  চলচ্চিত্ৰৰ অভিনেতা পুৰিয়া ৰহিমী ছেমৰ অভিনয়ৰ  এক মুহূৰ্ত

 

 

আইএফএফআইত আন্তৰ্জাতিক প্ৰতিযোগিতাৰ প্ৰায় ১৫ খন চলচ্চিত্ৰৰ পুৰুষ অভিনেতাসকলৰ মাজৰ পৰা আন্তৰ্জাতিক জুৰীয়ে বাছনি কৰা শ্ৰেষ্ঠ পুৰুষ অভিনেতাক এই বঁটা প্ৰদান কৰা হয়। বঁটাটোত আছে ১০ লাখ টকা, এখন  প্ৰমাণপত্ৰ আৰু ছিভাৰ পিককৰ পদক।

 

৪. মেলানিয়া থিয়েৰীয়ে পাৰ্টি অফ ফুলছৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ছিলভাৰ পিকক বঁটা লাভ কৰে

ফৰাচী অভিনেত্ৰী মেলানিয়া থিয়েৰীক পাৰ্টি অফ ফুলছৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ছিলভাৰ পিকক বঁটাৰে সন্মানিত কৰা হয়। জুৰী সদস্যসকলে মন্তব্য কৰে যে বঁটাটোৰে "এগৰাকী অভিনেত্ৰীক সন্মানিত কৰা হৈছে , যাৰ অভিব্যক্তিৰ পৰিসৰে আমাক সূক্ষ্মতাৰ ধাৰণা প্ৰদান কৰে – আশাৰ পৰা নিৰাশালৈকে সকলো আৱেগ, তেওঁৰ চৰিত্ৰত স্থান লাভ কৰিছে৷।"  চৰিত্ৰটোৰ সংগ্ৰামী  যাত্ৰাত আশা আৰু হতাশা কঢ়িয়াই অনা  সূক্ষ্মতা আৰু গভীৰতাই  দৰ্শকক আপ্লুত কৰিছে৷

আইএফএফআইত আন্তৰ্জাতিক প্ৰতিযোগিতাৰ প্ৰায় ১৫ খন চলচ্চিত্ৰৰ অভিনেত্ৰীসকলৰ  মাজৰ পৰা আন্তৰ্জাতিক জুৰীয়ে বাছনি কৰা শ্ৰেষ্ঠ  অভিনেত্ৰীক  এই বঁটা প্ৰদান কৰা হয়। ইয়াত ১০  লাখ টকা, এখন  প্ৰমাণপত্ৰ আৰু এটা ছিলভাৰ পিককৰ  পদক থাকে।

                                                                                       

ফৰাচী অভিনেত্ৰী মেলানিয়া থিয়েৰীয়ে পাৰ্টি অফ ফুলছৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা গ্ৰহণ  কৰিছে

 

 

৫. ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ঋষভ চেট্টীয়ে কান্তাৰৰ বাবে বিশেষ জুৰী বঁটা লাভ  কৰে

সমালোচকৰ দ্বাৰা প্ৰশংসিত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ঋষভ চেট্টীয়ে কান্তাৰ ছবিৰ  বাবে বিশেষ জুৰী বঁটা লাভ কৰিছে। এই প্ৰসংগত   জুৰীয়ে কৈছে , "পৰিচালকৰ এটা অতি গুৰুত্বপূৰ্ণ কাহিনী উপস্থাপন কৰাৰ  সামৰ্থ্যৰ বাবে। চলচ্চিত্ৰখনে সংস্কৃতিৰ সৈতে জড়িত বিষয় , সংস্কৃতি আৰু সামাজিক স্থিতি নিৰ্বিশেষে বহু কথাই  দৰ্শকৰ ওচৰলৈ যাব পাৰিছে" ৷ চেট্টীৰ চলচ্চিত্ৰখনে এখন কাল্পনিক গাঁৱত মানুহ আৰু প্ৰকৃতিৰ মাজত আদৰ্শগত সংঘৰ্ষৰ অন্বেষণ কৰিছে,  পৰম্পৰা আৰু আধুনিকতাৰ সংঘৰ্ষৰ মাজত ছবি খনে এক বাৰ্তা প্ৰদান কৰিছে।

ঋষভ চেট্টী কানাড়া চলচ্চিত্ৰ উদ্যোগৰ এজন সফল  অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা। সমালোচকৰ দ্বাৰা প্ৰশংসিত ব্লকবাষ্টাৰ 'কান্তাৰা'ৰ বাবে জনাজাত অভিনেতাগৰাকীয়ে পূৰ্বে ৬৬ সংখ্যক  ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাতো শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰকে ধৰি কেইবাটাও শিতানত  সন্মান লাভ কৰিছে৷ 

এই বঁটা এনে এখন চলচ্চিত্ৰক  প্ৰদান কৰা হয় য‘ত  শৈল্পিক অৱদানৰ বাবে জুৰী সন্তুষ্ট হয়৷ এই  বঁটাত  এটা ছিভাৰ পিককৰ  পদক, ১৫  লাখ টকা আৰু এখন প্ৰমাণপত্ৰ ।

                                                                                          

ঋষভ চেট্টীয়ে কান্তাৰাৰ বাবে বিশেষ জুৰী বঁটা গ্ৰহণ  কৰিছে

 

দক্ষিণ কানাড়াৰ কাল্পনিক গাঁৱকলৈ নিৰ্মিত  চলচ্চিত্ৰখনে মানুহ আৰু প্ৰকৃতিৰ মাজৰ আদৰ্শগত সংঘাতক প্ৰতিফলিত কৰিছে। বনাঞ্চলৰ সৈতে বাস কৰা এটা জনজাতিৰ সহাবস্থান এজন বন বিষয়াৰ সংগ্ৰাম, একাংশ লোকৰ  কিছুমান আচৰণ আৰু ৰীতি-নীতিয়ে প্ৰকৃতি মাতৃৰ বাবে ভাবুকিৰ সৃষ্টি কৰা আদি বিষয়সমূহ ছবি খনত প্ৰতিফলিত কৰা হৈছে৷ ছবি খনত  ভূমিৰ সৈতে সম্পৰ্কিত পৰম্পৰা আৰু সংস্কৃতিৰ সৈতে একাংশ লোকৰ অহংকাৰৰ যুঁজৰ কথাও চিত্ৰিত হৈছে। ছবি খনত শিৱ নায়ক   বন বিভাগৰ বাবে এক গুৰুতৰ ভাবুকি হৈ পৰিছিল৷  গছ কটা, জন্তুৰ চিকাৰ আদিত জড়িত  শিৱ আৰু তেওঁৰ সংগীসকলক  বন বিভাগে অৱশেষত কিদৰে কৰায়ত্ব কৰে সেই বিষয়ে ছবি খনত দেখুওৱা হৈছে৷

 

৬.  'ৱেন দ্য চিডলিংছ গ্ৰো' ছবিৰ  বাবে ৰেগাৰ আজাদ কায়ালৈ শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ  পৰিচালকৰ বঁটা 

এজন প্ৰতিশ্ৰুতিসম্পন্ন  চলচ্চিত্ৰ নিৰ্মাতা ৰেগাৰ আজাদ কায়াই ৱেন দ্য চিডলিংছ গ্ৰোৰ বাবে শ্ৰেষ্ঠ  ফিচাৰ চলচ্চিত্ৰৰ  পৰিচালকৰ বঁটা লাভ কৰিছে। জুৰীয়ে কয়  যে চলচ্চিত্ৰখনে এনে এটা কাহিনী বৰ্ণনা কৰিছে যিয়ে আমাক এজন পিতৃ, কন্যা আৰু এটা হেৰুওৱা ল‘ৰাৰ কাহিনী চকুৰ সন্মুখলৈ লৈ আহিছে। চৰিত্ৰসমূহে সংঘাতৰ এক অন্তৰংগ কাহিনী প্ৰতিফলিত কৰিছেো। চলচ্চিত্ৰখন পিতৃ, কন্যা আৰু হেৰুওৱা ল‘ৰা  এটাৰ জীৱনৰ এটা দিনৰ এক মাৰ্মিক চিত্ৰায়ন কৰিছে৷

সংক্ষিপ্ত তালিকাভুক্ত চলচ্চিত্ৰৰ পৰিচালকসকলৰ মাজৰ পৰা আন্তৰ্জাতিক জুৰীয়ে বাছনি কৰা এই বঁটাটোৰ উদ্দেশ্য হৈছে বিশ্ব চলচ্চিত্ৰৰ আটাইতকৈ প্ৰতিশ্ৰুতিপূৰ্ণ নতুন পৰিচালকৰ প্ৰতিভাক স্বীকৃতি দিয়া আৰু উৎসাহিত কৰা। 

পাঁচখন আন্তৰ্জাতিক আৰু দুখন ভাৰতীয় চলচ্চিত্ৰই এই শাখাত ছিলভাৰ পিককৰ পদক আৰু প্ৰমাণপত্ৰৰ লগতে নগদ পুৰস্কাৰ হিচাবে ১০  লাখ টকা লাভ কৰিছে৷ ।

                                                                                             

চলচ্চিত্ৰখনৰ এটা বিষেশ দৃশ্য

 

 

চলচ্চিত্ৰ নিৰ্মাণত উৎকৃষ্টতাক স্বীকৃতি দি প্ৰদান কৰা গোল্ডেন পিকক বঁটা বিশ্বৰ সন্মানীয় চলচ্চিত্ৰ  বঁটাসমূহৰ মাজৰে এটা৷ এই বছৰৰ জুৰীত চলচ্চিত্ৰ উদ্যোগৰ উল্লেখনীয়  ব্যক্তি যেনে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰ, জুৰীৰ অধ্যক্ষ, স্পেনিছ চিত্ৰগ্ৰহণকাৰী জোছ লুইছ আলকেইন, ফৰাচী চলচ্চিত্ৰ প্ৰযোজক জেৰোম পাইলাৰ্ড আৰু কেথেৰিন ডুচাৰ্ট আৰু অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰ প্ৰযোজক হেলেন লিক অন্তৰ্ভুক্ত আছিল।

প্ৰতিযোগিতামূলক চলচ্চিত্ৰসমূহৰ ভিতৰত আছিল ৱমেন অফ (মূল শিৰোনাম- কোবিটা জেড), দ্য আদাৰ উইডো (অৰিজিনেল টাইটেল- পাইলেগেছ), দ্য পাৰ্টি অফ ফুলছ (অৰিজিনেল টাইটেল- কেপটিভছ), মেজাৰচ অফ মেন (অৰিজিনেল টাইটেল- ডাৰ ভাৰ্মেচিন মেঞ্চ), লুবো, হফমেনৰ ফেয়াৰী টেলছ (মূল শিৰোনাম: স্কাজকি গফমানা), ইণ্ডলেছ বৰ্ডাৰছ  (মূল শিৰোনাম: মাৰ্ঝাই বাই পায়ান) ডাই বিফৰ ডেথ (মূল শিৰোনাম: উমৰি প্ৰিজে স্মৰ্টি), বছনিয়ান পট (মূল শিৰোনাম: মূল শিৰোনাম:  বোচানস্কি লোনাক), ব্লাগাৰছ লেচনছ (মূল শিৰোনাম: ইউৰোটচাইট না ব্লাগা), আছোগ, আন্দ্ৰাগোগি (মূল শিৰোনাম: বুদি পেকাৰটি) আৰু তিনিখন ভাৰতীয় চলচ্চিত্ৰ কান্তাৰা , ছানা আৰু মিৰ্বিন।

PIB Team IFFI | DM

* * *



(Release ID: 1980653) Visitor Counter : 84