স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

বিকশিত ভাৰত সংকল্প যাত্ৰা

৯৯৫ খন গাঁও পঞ্চায়তত ৫,৪৭০ টা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈছে , য'ত মুঠ ৭,৮২,০০০ ৰো অধিক লোক উপকৃত হৈছে

শিবিৰসমূহত ৯,৩৫,৯৭০তকৈও অধিক আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰা হৈছে আৰু ১,০৭,০০০ৰো অধিক কাৰ্ড বিতৰণ কৰা হৈছে

১,৯৫,০০০ ৰো অধিক লোকৰ যক্ষ্মা ৰোগৰ পৰীক্ষা কৰা হৈছে আৰু ১৯,৫০০ৰো অধিক লোকক উন্নত চৰকাৰী স্বাস্থ্য সেৱা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে

৫৪,৭৫০ৰো অধিক লোকৰ এছচিডিৰ পৰীক্ষা কৰা হৈছিল আৰু ২,৯৩০ গৰাকী লোকক উন্নত চৰকাৰী স্বাস্থ্য সেৱা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে

Posted On: 27 NOV 2023 1:20PM by PIB Guwahati

সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ লাভালাভ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ খুণ্টিৰ পৰা মাননীয় প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ কৰিছিল। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত ঠাইতে আগবঢ়োৱা সেৱাৰ অংশ হিচাপে গাঁও পঞ্চায়তসমূহত স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।

২৬  নৱেম্বৰ ২০২৩  তাৰিখলৈকে ৯৯৫  খন গাঁও পঞ্চায়তত ৫,৪৭০  টা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে । য'ত মুঠ ৭,৮২,০০০ ৰো অধিক লোকে অংশগ্ৰহণ কৰিছে।  

                                                                      

ৰূপনগৰ, পঞ্জাৱ

                                                                      

সুন্দৰগড়, ওড়িশা

                                                                      

চাম্বা, হিমাচল প্ৰদেশ

                                                                      

কৃষ্ণা, অন্ধ্ৰ প্ৰদেশ

                                                                      

নাছিক, মহাৰাষ্ট্ৰ

                                                                      

তিনিচুকীয়া, অসম

 

স্বাস্থ্য শিবিৰত চলি থকা কাৰ্যকলাপৰ তথ্য  তলত উল্লেখ কৰা  হৈছে:

আয়ুষ্মান ভাৰত - প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এবি-পিএমজেএৱাই): বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বাবে এমঅ'এইচএফডব্লিউৰ ফ্লেগশ্বিপ আঁচনিৰ অধীনত, আয়ুষ্মান এপ ব্যৱহাৰ কৰি আয়ুষ্মান কাৰ্ড সৃষ্টি কৰা হৈছে আৰু হিতাধিকাৰীসকলক  কাৰ্ড বিতৰণ কৰা হৈছে। দ্বাদশ দিনৰ শেষলৈ, শিবিৰবোৰত ৯,৩৫,৯৭০ তকৈও অধিক আয়ুষ্মান কাৰ্ড সৃষ্টি কৰা হৈছিল আৰু ১,০৭,০০০ ৰো অধিক কাৰ্ড বিতৰণ কৰা হৈছে।

যক্ষ্মা (যক্ষ্মা): যক্ষ্মা ৰোগীৰ লক্ষণ, খেকাৰ পৰীক্ষা আদি কৰাৰ লগতে  য'ত  এন.এ.এ.টি. যন্ত্ৰ আছে তাত সেয়া ব্যৱহাৰ কৰি স্ক্ৰীণিং কৰা হৈছে। যক্ষ্মা থকাৰ সন্দেহ কৰা লোকক  উন্নত চৰকাৰী  স্বাস্থ্য সেৱা কেন্দ্ৰলৈ  প্ৰেৰণ কৰা হৈছে। দ্বাদশ দিনৰ শেষলৈ, ১,৯৫,০০০ ৰো অধিক লোকৰ পৰীক্ষা কৰা হৈছে।  যাৰ ভিতৰত ১৯,৫০০  ৰো অধিক লোকক উন্নত চৰকাৰী  স্বাস্থ্য সেৱা কেন্দ্ৰলৈ  প্ৰেৰণ কৰা হৈছে।

প্ৰধানমন্ত্ৰী যক্ষ্মা মুক্তি ভাৰত অভিযানৰ (পিএমটিবিএমএ) অধীনত  নিক্ষয়  মিত্ৰৰ পৰা সহায় লাভ কৰাৰ বাবে যক্ষ্মা ৰোগীসকলৰ  সন্মতি গ্ৰহণ কৰা  হৈছে। নিক্ষয়  মিত্ৰ হ'বলৈ ইচ্ছুক অংশগ্ৰহণকাৰীসকলকো ঠাইতে  পঞ্জীয়নৰ সুবিধা  প্ৰদান কৰা হৈছে। দ্বাদশ দিনৰ শেষলৈ, ১১,৫০০ ৰো অধিক ৰোগীয়ে পিএমটিবিএমবিএ-ৰ অধীনত সন্মতি প্ৰদান কৰে আৰু ৫,৫০০ ৰো অধিক নতুন নিক্ষয় মিত্ৰ পঞ্জীয়ন কৰা হৈছে ।

নিক্ষয়  পোষণ যোজনাৰ (এনপিৱাই) অধীনত, প্ৰত্যক্ষ ভাবে  যক্ষ্মা ৰোগীসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই উদ্দেশ্যে ধন নোপোৱা  হিতাধিকাৰীসকলৰ বেংক  একাউণ্টৰ বিৱৰণ সংগ্ৰহ কৰা হৈছে আৰু একাউণ্টবোৰ আধাৰ সংযোজিত কৰা হৈছে। দ্বাদশ দিনৰ শেষলৈ, এনে ৩,৩৭১ জন হিতাধিকাৰীৰ বেংকৰ বিৱৰণ সংগ্ৰহ কৰা হৈছে।

চিকল চেল ৰোগ:  জনজাতীয় সোক অধ্যুষিত  এলেকাবোৰত এছচিডিৰ বাবে পইণ্ট অফ কেয়াৰ (পিঅ'চি) পৰীক্ষাৰ জৰিয়তে বা সোলুবিলিটি পৰীক্ষাৰ জৰিয়তে চিকল চেল ৰোগ চিনাক্ত কৰাৰ বাবে  স্ক্ৰীণিং (৪০বছৰ লৈকে) কৰা হৈছে।  ইতিবাচক পৰীক্ষাৰ ফলাফল ওলোৱাসকলক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।  দ্বাদশ দিনৰ শেষলৈ,৫৪,৭৫০   ৰো অধিক লোকৰ পৰীক্ষা কৰা হৈছে ,  যাৰ ভিতৰত২,৯৩০  জনৰ পৰীক্ষাৰ ফলাফল  ইতিবাচক পোৱা গৈছে আৰু তেওঁলোকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

অসংক্ৰামক ৰোগ (এনচিডি): উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচৰ বাবে যোগ্য জনসংখ্যাৰ স্ক্ৰীণিং (৩০ বছৰ আৰু অধিক) কৰা হৈছে আৰু ইতিবাচক বুলি সন্দেহ কৰা ঘটনাবোৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। দ্বাদশ দিনৰ শেষলৈ, প্ৰায় ৫,৫১,০০০  লোকৰ উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচৰ  পৰীক্ষা কৰা হৈছে। উচ্চ ৰক্তচাপৰ বাবে ৩১,০০০ ৰো অধিক লোকক ৰোগৰ  ইতিবাচক বুলি সন্দেহ কৰা হৈছে আৰু ২৪,০০০ৰো অধিক লোক ডায়েবেটিচৰ বাবে ইতিবাচক বুলি সন্দেহ কৰা হৈছে।  ৪৮,৫০০ ৰো অধিক লোকক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

 

****

MV/DM



(Release ID: 1980220) Visitor Counter : 130