তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

‘৫৪ সংখ্যক আইএফএফআই’-য়ে সম্পূৰ্ণ কৰিব অৰ্ধেক পৰিক্ৰমা: ‘মিডফেষ্ট ফিল্ম’ শিতানত কাইলৈ প্ৰদৰ্শিত হ'ব তুৰস্কৰ ছবি "এবাউট ড্ৰাই গ্ৰাছেছ"

Posted On: 23 NOV 2023 12:52PM by PIB Guwahati

‘ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’য়ে কাইলৈ ইয়াৰ অৰ্ধেক পথ পৰিক্ৰমা সম্পূৰ্ণ কৰিব। মহোত্সৱত কাইলৈ বিশিষ্ট পৰিচালক নুৰি বিলগে চিলান পৰিচালিত ‘এবাউট ড্ৰাই গ্ৰাছেছ’ শীৰ্ষক শিল্পসন্মত তুৰ্কী ছবিখন ‘মিড ফেষ্ট ফিল্ম’ হিচাপে প্ৰদৰ্শিত হ'ব। আকৰ্ষণীয় কাহিনী আৰু ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে প্ৰসিদ্ধি লাভ কৰা এই ছবিখনে ইতিমধ্যেই আন্তৰ্জাতিক প্ৰশংসা লাভ কৰিছে। ইয়াৰ শেহতীয়া সাফল্য হৈছে ‘কান চলচ্চিত্ৰ মহোৎসৱ ২০২৩’-ত ‘শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা’ লাভ।

‘এবাউট ড্ৰাই গ্ৰাছেছ’-য়ে ইতিমধ্যে বিশ্বৰ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱসমূহত নিজৰ প্ৰভাৱ বিস্তাৰিত কৰিবলৈ সক্ষম হৈছে। এইসমূহ মহোত্সৱৰ ভিতৰত আছে ‘কান চলচ্চিত্ৰ মহোৎসৱ ২০২৩’, ‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩’, ‘কাৰ্লোভী ভেৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩’, ‘বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩’, আৰু ‘চাও পাওলো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩’। ছবিখনৰ আকৰ্ষণীয় বৰ্ণনাশৈলীয়ে বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীক বাৰুকৈয়ে আহ্লাদিত কৰিছে। মূলতঃ এই আৱেদনেই চলচ্চিত্ৰীয় দৃশ্যপটত এক অসাধাৰণ ছবি হিচাপে পৰিগণিত কৰাইছে ‘এবাউট ড্ৰাই গ্ৰাছেছ’-ক।

 

কাইলৈ সন্ধিয়া ৫:৩০ বজাত (২৪.১১.২০২৩) পানাজীৰ ‘আইএনঅ'এক্স স্ক্ৰীণ-১’-ত ‘এবাউট ড্ৰাই গ্ৰাছেছ’-ৰ প্ৰদৰ্শন কৰা হ'ব। চলচ্চিত্ৰখনৰ শিল্পী আৰু কলাকুশলীসকলক প্ৰদৰ্শনৰ সময়ত সন্মানিত কৰা হ'ব।

                                                                      

 

চলচ্চিত্ৰখনৰ সম্যক আভাস

এগৰাকী যুৱ শিক্ষকে বাধ্যতামূলক কৰ্তব্য সম্পূৰ্ণ কৰাৰ পিছত এখন সৰু গাঁৱৰ সীমাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কৰা আকাংক্ষাৰ চাৰিওফালে ঘূৰিছে চলচ্চিত্ৰখনৰ কাহিনীভাগ। আপাত দৃষ্টিত বিষাদময় জীৱনৰ হতাশাৰ সন্মুখীন হোৱা নায়কৰ দৃষ্টিভংগীয়ে এগৰাকী সহকৰ্মী নুৰেৰ উপস্থিতিত এক অপ্ৰত্যাশিত ৰূপ লয়।

পৰিচালক নুৰি বিলগে চিলান

১৯৫৯ চনত ইস্তাম্বুলত জন্মগ্ৰহণ কৰা নুৰি বিলগে চিলানে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এগৰাকী বিশিষ্ট ব্যক্তিত্ব হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তেওঁৰ যাত্ৰা ১৯৯৫ চনত চুটি ছবি ‘কোজা’-ই ‘ফেষ্টিভেল ডি কান’ত কৰা প্ৰতিদ্বন্দ্বিতাৰে আৰম্ভ হৈছিল। নুৰি চিলানৰ উল্লেখযোগ্য সাফল্যসমূহৰ ভিতৰত আছে ১৯৯৮ চনত ‘কাছাবা’ৰ বাবে ‘বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱ’ত ‘কেলিগাৰী পুৰস্কাৰ’ আৰু ২০০৩ চনত ‘উজাক’ (দূৰত্ব)ৰ বাবে কানত ‘গ্ৰাঁ প্ৰি আৰু শ্ৰেষ্ঠ অভিনেতা’ৰ পুৰস্কাৰ লাভ। তেওঁৰ ছবি ‘উইণ্টাৰ শ্লিপ’-য়ে ২০১৪ চনত ‘৬৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱ’ত ‘পালমে ডি'অৰ’ লাভ কৰিছিল। ‘শ্ৰেষ্ঠ আন্তৰ্জাতিক চলচ্চিত্ৰৰ একাডেমী বঁটা’ৰ বাবে তুৰস্কৰ প্ৰৱেশ হিচাপে আছে চিলানৰ ছখন চলচ্চিত্ৰ, যাৰ ভিতৰত আছে ‘এবাউট ড্ৰাই গ্ৰাছেছ’ও।

 

অধিক বিৱৰণৰ বাবে: https://iffigoa.org/best-of-iffi-midfest-film-2023/en

 

* * *

PIB Team IFFI | Nadeem/Bibin/Darshana | IFFI 54 - 036



(Release ID: 1979121) Visitor Counter : 92