তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

মণিপুৰী চলচ্চিত্ৰ এন্দ্ৰো ড্ৰীমছে ৫৪ সংখ্যক আইএফএফআইত ভাৰতীয় পেনোৰামা নন-ফিচাৰ ফিল্ম শাখা মুকলি কৰে

এই কাহিনীটো প্ৰতিনিধিত্ব কৰিবলৈ পাই সুখী আৰু সন্মানিত অনুভৱ কৰিছোঁ: অভিনেতা লাইবি ফানজৌবাম

এণ্ড্ৰো ড্ৰীমছে অন্যান্য মাধ্যমসমূহত প্ৰতিনিধিত্ব নোহোৱা মণিপুৰৰ লোকসকলৰ অশ্ৰুত গাথা বৰ্ণনা কৰে: পৰিচালক মীনা লংজাম

Posted On: 22 NOV 2023 12:10PM by PIB Guwahati

৬০ বছৰীয়া শ্ৰীমতী লাইবি ফানজৌবামে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰত অৱস্থিত এন্দ্ৰো নামৰ এখন দুৰ্গম গাঁৱত এখন হস্ততাঁত আৰু বয়ন শিল্পৰ দোকান চলায়। আপাতদৃষ্টিত, এয়া এটা সাধাৰণ কাহিনী যেন বোধ হয়। কিন্তু শ্ৰীমতী লাইবি ফানজৌবাম কোনো সাধাৰণ মহিলা নহয়। তেওঁ তেওঁৰ প্ৰাচীন গাওঁখনত প্ৰোথিত পিতৃতান্ত্ৰিকতা, অৰ্থনৈতিক দুৰ্দশা আৰু গোঁড়ামিৰ বিৰুদ্ধে যুঁজ দি এটা সৰ্ব-মহিলা ফুটবল ক্লাব চলায়।

এখন সৰু বাতৰি কাকতৰ প্ৰৱন্ধত তেওঁৰ সৃষ্টিশীল কাহিনীটোৱে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক শ্ৰীমতী মীনা লংজামৰ দৃষ্টি আকৰ্ষণ কৰে, যাক আজি ৰূপালী পৰ্দালৈ এন্দ্ৰো ড্ৰীমছ হিচাপে লৈ অহা হৈছে। তথ্যচিত্ৰখন হৈছে লাইবি নামৰ এগৰাকী উদ্যমী বৃদ্ধা মহিলা আৰু তেওঁৰ তিনি দশক পুৰণি, কেৱল মহিলাৰ ফুটবল ক্লাব এন্দ্ৰো মহিলা মণ্ডল এছ'চিয়েচন ফুটবল ক্লাব (এএমএমএ-এফচি)ৰ কাহিনী। ইয়াত জিলিকি থকা তেওঁলোকৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ যুৱ ফুটবল খেলুৱৈ নিৰ্মলাৰ প্ৰত্যাহ্বান আৰু সংগ্ৰামক প্ৰদৰ্শন কৰা হয়।

৬৩ মিনিটৰ চলচ্চিত্ৰৰ বৈশিষ্ট্যপূৰ্ণ এক গাঁথা মণিপুৰী চলচ্চিত্ৰ এন্দ্ৰো ড্ৰীমছে  ৫৪ সংখ্যক আইএফএফআইত ভাৰতীয় পেনোৰামাৰ নন ফিচাৰ ফিল্ম শাখা মুকলি কৰে। এগৰাকী মহিলা পৰিচালক, প্ৰযোজক আৰু কলাকুশলীকে ধৰি ত্ৰিমূৰ্তিৰ জৰিয়তে অভিনৱ তথ্যচিত্ৰখন চালিত হৈছে।

লাইবি ফানজৌবানৰ প্ৰেৰণাদায়ক কাহিনীৰ বিষয়ে ব্যাখ্যা কৰোতে পৰিচালক লংজামে বৰ্ণনা কৰিছিল যে তেওঁ পৰিয়ালৰ চতুৰ্থ কন্যা সন্তান যাক প্ৰায়ে তেওঁৰ পৰিয়ালে অৱজ্ঞা কৰিছিল। অৱশ্যে, প্ৰতিকূলতা থকা স্বত্বেও, তেওঁ মেট্ৰিক ডিগ্ৰী সম্পূৰ্ণ কৰা তেওঁৰ গাওঁৰ প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হোৱাৰ লগতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হয়। তেওঁ নিজৰ গাঁৱত হস্ততাঁত আৰু বয়ন শিল্পৰ বিপণী স্থাপন কৰিছে।

চলচ্চিত্ৰখনৰ মূল চৰিত্ৰ লাইবি ফানজৌবামে এই তথ্যচিত্ৰখন নিৰ্মাণ কৰি আনন্দ প্ৰকাশ কৰে। চলচ্চিত্ৰখনে তেওঁৰ বাস্তৱ জীৱন আৰু সংগ্ৰাম উপস্থাপন কৰে, যাক বিশ্বৰ আগত উপস্থাপন কৰিবলৈ পাই তেওঁ সন্মানিত হৈছে।

গোৱাত অনুষ্ঠিত ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পিআইবিয়ে আয়োজন কৰা সংবাদ মাধ্যমৰ বাৰ্তালাপত লংজামে কয়, "এয়া আমাৰ লোকসকলৰ গাঁথা, যিসকল লোক অশ্ৰুত হৈ থকাৰ লগতে অন্যান্য মাধ্যমসমূহত প্ৰতিনিধিত্ব কৰাৰ সুযোগ নাপায়।" তেওঁ আৰু কয় যে তেওঁৰ "হঠাতে হোৱা" পৰিচালনা সম্পৰ্কীয় প্ৰচেষ্টা হৈছে মণিপুৰৰ লোকসকলৰ জীৱন প্ৰদৰ্শন কৰাৰ এক প্ৰয়াস যি মুখ্য মাধ্যমসমূহত অস্পষ্ট হৈ থাকে। "এণ্ড্ৰো ড্ৰীমছে লাইবি আৰু তেওঁৰ ফুটবল ক্লাবৰ ছোৱালীবোৰৰ বাস্তৱ জীৱন ধৰি ৰাখিছে যি সকলো প্ৰতিকূলতাৰ বিৰুদ্ধে যুঁজ দিছে", আবেগেৰে পৰিচালিত প্ৰকল্পটোৰ পৰিচালকে এই মত প্ৰকাশ কৰে।

তথ্যচিত্ৰ নিৰ্মাণৰ ধাৰাৰ বিষয়ে উল্লেখ কৰি লংজামে বৰ্ণনা কৰে যে, "এখন তথ্যচিত্ৰ নিৰ্মাণৰ বাবে দীঘলীয়া সময়ৰ বাবে বিষয়টোৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়োজন আৰু ই একক প্ৰকল্প হ'ব নোৱাৰে।" মীনা লংজাম এই ক্ষেত্ৰত এগৰাকী তাৰকা, কিয়নো ইয়াৰ পূৰ্বে তেওঁৰ আন এখন ছবি "অটো ড্ৰাইভাৰ"ৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম মণিপুৰী মহিলা হিচাপে তেওঁ পৰিগণিত হৈছিল।

"মহিলাসকল সমাজৰ "নীৰৱ স্তম্ভ" আৰু মই যিমান সম্ভৱ সিমান সংখ্যকক আগশাৰীলৈ আনিব বিচাৰো আৰু তেওঁলোকক প্ৰয়োজনীয় সুযোগ প্ৰদান কৰিব বিচাৰো। মই সেই অতুলনীয় প্ৰতিভাক উৎসাহিত, অনুপ্ৰাণিত আৰু সমৰ্থন কৰিব বিচাৰো যাৰ দক্ষতা আছে কিন্তু উপযুক্ত পুঁজি নাই", এন্দ্ৰো ড্ৰীমছৰ কাৰ্যবাহী প্ৰযোজক জানি বিশ্বনাথে এনে চলচ্চিত্ৰৰ বাবে পুঁজি যোগান ধৰাৰ অনুপ্ৰেৰণা সন্দৰ্ভত এইদৰে কয়।

চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এক উৎকৃষ্ট চলচ্চিত্ৰ অভিজ্ঞতা প্ৰদান কৰা আইএফএফআইৰ ভাৰতীয় পেনোৰামা শিতানত কালি ফিচাৰ শাখাত মালায়ালম চলচ্চিত্ৰ আত্তম আৰু নন-ফিচাৰ শাখাত মণিপুৰী চলচ্চিত্ৰ এন্দ্ৰো ড্ৰীমছৰ সৈতে মুকলি কৰা হৈছিল। ২০২৩ৰ ২০ৰ পৰা ২৮ নৱেম্বৰলৈ চলি থকা ৫৪ সংখ্যক আইএফএফআইত  ২৫ খন ফিচাৰ চলচ্চিত্ৰ আৰু ২০খন নন-ফিচাৰ চলচ্চিত্ৰ প্ৰদৰ্শিত হ'ব।

চলচ্চিত্ৰ কলাৰ সহায়ত ভাৰতৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰচাৰৰ বাবে আইএফএফআই পৰিসৰৰ অংশ হিচাপে ১৯৭৮ চনত ভাৰতীয় পেনোৰামা প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ আৰম্ভণিৰ পৰা, ভাৰতীয় পেনোৰামা বছৰটোৰ শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত হৈ আহিছে।

সবিশেষ ইয়াত চাওক : https://www.youtube.com/watch?v=l_l_hm3kQz0

* * *

PIB Team IFFI | Rajith/Ritu/Darshana |DD



(Release ID: 1978781) Visitor Counter : 94