তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

চিএমঅ'টিয়ে যুৱচামক মিডিয়া আৰু মনোৰঞ্জন খণ্ডত উৎকৃষ্ট হোৱাৰ অতুলনীয় সুযোগ প্ৰদান কৰিছে: কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ

৫৪ সংখ্যক আইএফএফআইত '৪৮ ঘণ্টাৰ চলচ্চিত্ৰ চেলেঞ্জ ' মুকলি কৰা হৈছে

Posted On: 21 NOV 2023 3:05PM by PIB Guwahati

'৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰো' (চিএমঅ'টি) পদক্ষেপৰ বিজয়ীসকলৰ বাবে '৪৮ ঘণ্টাৰ চলচ্চিত্ৰ চেলেঞ্জ' মুকলি কৰাৰ সময়ত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে কয় যে ভাৰত চৰকাৰ নিয়োগ সৃষ্টি, সৃষ্টিশীল অৰ্থনীতি শক্তিশালী কৰা, উৎকৃষ্ট শিল্পীসকলক পৰামৰ্শ দিয়াৰ লগতে যুৱচামক চলচ্চিত্ৰৰ ক্ষেত্ৰত উৎকৃষ্টতা অৰ্জন কৰিবলৈ উৎসাহিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। উৎসাহী ব্যক্তিসকলৰ এক শক্তিশালী সৃষ্টিশীল সম্প্ৰদায় সৃষ্টি কৰাৰ ক্ষেত্ৰত 'ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰো'ৰ ভূমিকাক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে এক কঠোৰ জুৰী প্ৰক্ৰিয়াৰ জৰিয়তে বাছনিকৃত এই পদক্ষেপৰ শীৰ্ষ ৭৫জন অংশগ্ৰহণকাৰীক অভিনন্দন জনায়।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চিএমঅ'টি হৈছে দেশৰ দুৰ্গম অঞ্চলসমূহৰ পৰা যুৱ মনক উৎসাহিত আৰু পৰামৰ্শ দিয়াৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ অংশ। বিষ্ণুপুৰ (মণিপুৰ), জগতসিংপুৰ (ওড়িশা), আৰু চৰ্দাৰপুৰ (মধ্য প্ৰদেশ)ৰ দৰে স্থানসমূহকে ধৰি ভাৰতৰ প্ৰায় ১৯ খন বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা এই বছৰৰ "৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰো" নিৰ্বাচিত হৈছে । তেওঁ লগতে কয় যে এই পদক্ষেপৰ উদ্দেশ্য হৈছে তেওঁলোকক মিডিয়া আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত অতুলনীয় সুযোগ প্ৰদান কৰা ।

                                                                     

 

শ্ৰী ঠাকুৰে যোৱা বছৰ চিএমঅ'টিত অংশগ্ৰহণ কৰা তামিলনাডুৰ এজন যুৱ অভিলাষীৰ হৃদয়স্পৰ্শী কাহিনী বৰ্ণনা কৰিছে। "প্ৰথমতে তাইৰ মাক দেউতাকে তাইক গোৱালৈ পঠোৱাৰ বিষয়ে নিশ্চিত নাছিল। চি.এম.ও.টি.-ত তাইৰ বাবে অপেক্ষা কৰি থকা কঠোৰ বাছনি প্ৰক্ৰিয়া আৰু অতুলনীয় সুযোগবোৰৰ বিষয়ে বুজি পোৱাৰ পিছত, তাইৰ মাক-দেউতাকে তাইক সপোনৰ পম খেদি বাট বুলিবলৈ অনুমতি দি আনন্দিত হৈছিল। এই ছোৱালীজনী আৰু তেওঁৰ দলে যোৱা বছৰ ৫৩ ঘণ্টাৰ প্ৰত্যাহ্বানত জয়লাভ কৰি ২,২৫,০০০ টকাৰ নগদ পুৰস্কাৰ লাভ কৰিছিল। বিজয়ী চলচ্চিত্ৰ ডিয়াৰ ডায়েৰীয়ে ভৱিষ্যতে মহিলাৰ সুৰক্ষা কেনেদৰে এক স্বাভাৱিক ঘটনা হৈ উঠিব সেই সন্দৰ্ভত আলোকপাত কৰিছিল। এনেধৰণৰ সফলতাৰ কাহিনী এই মঞ্চখনে লিখিব বিচাৰে," তেওঁ বৰ্ণনা কৰে।

অংশগ্ৰহণকাৰীসকলৰ কেৰিয়াৰৰ ওপৰত এই পদক্ষেপৰ প্ৰভাৱ ব্যাখ্যা কৰি মন্ত্ৰীগৰাকীয়ে চিএমঅ'টিৰ পূৰ্বৱৰ্তী সংস্কৰণসমূহৰ পৰা প্ৰাপ্ত সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। 

                                                                     

যুৱচামৰ মনত তথা এই উদ্যোগত নেটৱৰ্কিং আৰু সহযোগিতাক উৎসাহিত আৰু অধিক শক্তিশালী কৰাৰ বাবে এই বছৰ আইএফএফআইয়ে আয়োজন কৰা প্ৰতিভা শিবিৰত ৭৫টা সৃষ্টিশীল মনে কেইবাটাও বিখ্যাত প্ৰডাকচন হাউচ, ষ্টুডিঅ' আৰু অ'টিটি প্লেটফৰ্মৰ প্ৰতিনিধিসকলক লগ পোৱাৰ সুযোগ লাভ কৰাৰ লগতে তেওঁলোকৰ লগত বাৰ্তালাপ আৰু সংযোগ স্থাপন কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। 

ষ্টাৰ্ট-আপৰ প্ৰতি চৰকাৰে আগবঢ়োৱা সমৰ্থনৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নতুন ষ্টাৰ্ট-আপ নীতি তথা এক লাখতকৈও অধিক ষ্টাৰ্ট-আপৰ সৈতে ভাৰতে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। "প্ৰতিদিনে এটা নতুন ষ্টাৰ্টআপৰ সৃষ্টি হৈছে। যেতিয়া কোভিড-১৯ মহামাৰীৰ সময়ত ডাঙৰ কোম্পানীবোৰেও সংগ্ৰাম কৰি আছে, সেই সময়ত ভাৰতীয় যুৱচামৰ শক্তি প্ৰদৰ্শন কৰি ভাৰতত পঞ্চাশটা ষ্টাৰ্টআপ দ্বিতীয় স্তৰলৈ উন্নীত হৈছে," তেওঁ সামৰণি মাৰে। মন্ত্ৰীগৰাকীয়ে ৭৫ জন ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰোৰ অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰে।

                                                                      

অনুষ্ঠানটোত শ্বৰ্টছ টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিষ্ঠাপক কাৰ্টাৰ পিলচাৰ, ইউৰোপীয় চলচ্চিত্ৰ বজাৰৰ সঞ্চালক ডেনিছ ৰুহ, দ্য আৰ্ছিজৰ কাৰ্যবাহী প্ৰযোজক জন গোল্ডৱাটাৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব তথা নীৰজা শেখৰ আৰু এন এফ ডি চিৰ পৰিচালন সঞ্চালক তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব (চলচ্চিত্ৰ) প্ৰীথুল কুমাৰ উপস্থিত থাকে। চৰ্টছ টিভিৰ সহযোগত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ দ্বাৰা চিএমঅ'টিৰ অংশ হিচাপে '৪৮ ঘণ্টাৰ চলচ্চিত্ৰ চেলেঞ্জ' আয়োজন কৰা হয়।

 

* * *

PIB Team IFFI | Rajith/Loukik/Bibin/ Darshana | IFFI 54 – 016/DD



(Release ID: 1978518) Visitor Counter : 98