পৰ্যটন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ সম্ভাৱনা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে অহা ২১-২৩ নৱেম্বৰত মেঘালয়ৰ শ্বিলঙত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ আয়োজন পৰ্যটন মন্ত্ৰালয়ৰ

এই মাৰ্টে উত্তৰ-পূৰ্বাঞ্চলৰ অংশীদাৰসকলক দেশ আৰু বিদেশৰ বজাৰ উভয়ৰে সমকক্ষসকলৰ সৈতে মত-বিনিময়ৰ এক মঞ্চ প্ৰদান কৰিব

Posted On: 20 NOV 2023 3:21PM by PIB Guwahati

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত ২০২৩ৰ ২১ নৱেম্বৰৰপৰা ২৩ নৱেম্বৰলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ আয়োজন কৰা হৈছে। পৰ্যটন মন্ত্ৰালয়ে প্ৰতি বছৰে উত্তৰ-পূৰ্বাঞ্চলৰ যিকোনো এখন ৰাজ্যত ক্ৰমানুসাৰে এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ অংশীদাৰসকলক দেশ আৰু বিদেশৰ বজাৰ উভয়ৰে সমকক্ষসকলৰ সৈতে মত-বিনিময়ৰ বাবে এখনি উৎকৃষ্ট মঞ্চ প্ৰদান কৰিব। ইয়াৰ লগতে, উত্তৰ-পূৰ্বাঞ্চলৰ (NER) পৰ্যটনৰ সম্ভাৱনাৰ বিষয়ে সজাগতা সৃষ্টি তথা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ আগত ইয়াৰ অনন্য পৰ্যটনৰ উপাদানসমূহ, চহকী জৈৱ-বৈচিত্ৰ্য, স্থানীয় পৰম্পৰা, নৃত্য-ৰূপ, কলা, হস্তশিল্প আৰু হস্ততাঁতকে প্ৰমুখ্য কৰি অনন্য ঐতিহ্যৰাজিক উজ্জ্বল কৰি তুলিব।

 

আন এক দৃষ্টিকোণেৰেও আন্তঃৰাষ্ট্ৰীয় মাৰ্ট এক অনন্য অনুষ্ঠান হৈ উঠিব। সেয়া হৈছে মিছন লাইফ (Mission LiFE) ৰূপায়ণৰ বাবে ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰণয়ন কৰা একচন পইন্টৰে সংগতিপূৰ্ণ নিম্ন কাৰ্বন বিকল্পৰ অভিযোজনাৰে ইয়াক সেউজ ইভেন্ট কৰি তোলাৰ পৰিকল্পনা কৰা হৈছে আৰু পৰ্যটনৰ অংশীদাৰসকলক এই সন্দৰ্ভত সংবেদনশীল কৰি তোলা আৰু ইয়াৰ উদ্দেশ্য সম্পৰ্কে তেওঁলোকৰ মাজত অধিক সজাগতা সৃষ্টি কৰা হ সেই অনুসাৰে, ইয়াত এছইউপি (এবাৰ-ব্যৱহৃত প্লাষ্টিক)ৰ ব্যৱহাৰ নিষিদ্ধ, ডিজিটেল আৰু কাগজবিহীন পন্থা অনুসৰণৰ লগতে গছপুলি ৰোপণৰ অভিযানো গ্ৰহণ কৰা হ’ব।

 

কেন্দ্ৰীয় পৰ্যটন, সংস্কৃতি আৰু ড’নাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী জি. কিষাণ ৰেড্ডীয়ে উদ্বোধন কৰিবলগীয়া এই অনুষ্ঠানত উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ পৰ্যটন মন্ত্ৰীসকল, উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ জ্যেষ্ঠ বিষয়াসকল, ৰাজ্য চৰকাৰসমূহ তথা পৰ্যটন আৰু আতিথ্য সংস্থাসমূহৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰিব। এই মাৰ্ট পূৰ্বে গুৱাহাটী, টাৱাং, শ্বিলং, গেংটক, আগৰতলা, ইম্ফল, কহিমা আৰু আইজলত অনুষ্ঠিত হৈছিল। শ্বিলঙত দ্বিতীয়বাৰৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয়কে প্ৰমুখ্য কৰি প্ৰায় ১০০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

 

ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় অংশীদাৰ তথা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাসকলৰ মাজত এখনি বিশেষ ব্যৱসায়িক বৈঠক অনুষ্ঠিত হ’ব। ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যই নিজ-নিজ নতুন সাফল্যৰাজিৰ লগতে নিজ-নিজ ৰাজ্যত সৃষ্টি হোৱা নতুন সুযোগৰাজি সম্পৰ্কে অৱগত কৰিব। চৰকাৰ আৰু ব্যক্তিগত খণ্ড উভয়ৰে পেনেলিষ্টসকলৰ সৈতে অনুষ্ঠিতব্য নলেজ চেছন আৰু পেনেল আলোচনাত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি আৰু বিকাশ সন্দৰ্ভত আলোচনা কৰা হ’ব। যোৱা বছৰকেইটাত উত্তৰ-পূৰ্বাঞ্চলেৰে বিমান সংযোগ ব্যাপকভাৱে বৃদ্ধি পাইছে। বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ ১৬ ৰোধিক বিমানবন্দৰে পৰ্যটন স্থানসমূহলৈ সুচল যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিছে। পৰ্যটন মন্ত্ৰালয়ে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়লৈ আৰচিএছ-উড়ান (RCS-UDAN) আঁচনিৰ অধীনত সহযোগিতা আগবঢ়াইছে। এই সহযোগিতাৰ অংশ হিচাপে ৫৩টা টুৰিজিম ৰুট কাৰ্য্যক্ষম হৈ উঠিছে, ইয়াৰে ১০টা পথ কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ বাবে। উত্তৰ-পূৰ্বাঞ্চলত চলি থকা ৩ খন ভিষ্টাডোম ৰেলে কেৱল যোগাযোগৰ ক্ষেত্ৰতে নহয়, ইয়াৰ পৰ্যটনৰ আকৰ্ষণ বৃদ্ধিতো যথেষ্ট অৰিহণা যোগাইছে।

 

তদুপৰি, মিছন লাইফৰ অধীনত পৰ্যটন মন্ত্ৰালয়ে আৰম্ভ কৰা খণ্ডভিত্তিক কাৰ্য্যসূচী ট্ৰেভেল ফৰ লাইফক (Travel for LiFE) আগুৱাই নিবলৈ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ, উদ্যোগ, গন্তব্যস্থান আৰু পৰ্যটকসকলকে প্ৰমুখ্য কৰি পৰ্যটন বাতাবৰণৰ সকলো অংশীদাৰৰ সৈতে কাম কৰি আছে। ট্ৰেভেল ফৰ লাইফ কাৰ্য্যক্ৰমে ভাৰতক ২০৩০ৰ ভিতৰত বহনক্ষম আৰু দায়বদ্ধ পৰ্যটনক প্ৰোৎসাহিতকৰণৰ ক্ষেত্ৰত তথা পৰ্যটনক বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ আধাৰ হিচাপে ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰথমখনি দেশ হিচাপে পৰিগণিতকৰণৰ পৰিকল্পনা কৰিছে।

 

উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আন্তঃগাঁথনিৰ উন্নয়ন আৰু পৰ্যটনক প্ৰোৎসাহন

 

উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন আন্তঃগাঁথনিৰ উন্নয়ন আৰু পৰ্যটনক প্ৰোৎসাহনৰ কাম-কাজত পৰ্যটন মন্ত্ৰালয়ে সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। স্বদেশ দৰ্শন আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মুঠ ১৩০৯.০০ কোটি টকা মূল্যৰ ষোল্লটা প্ৰকল্পত অনুমোদন জনোৱা হৈছে। পৰ্যটন আৰু গন্তব্যস্থান-কেন্দ্ৰিক দৃষ্টিভংগীৰে বহনক্ষম আৰু দায়বদ্ধ গন্তব্যস্থান গঢ়ি তোলাৰ উদ্দেশ্যেৰে নৱীকৃত স্বদেশ দৰ্শন আঁচনি ২.০ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত মুঠ ১৫টা পৰ্যটনস্থলীক উন্নয়ন সাধনৰ বাবে বিবেচনা কৰা হৈছে। তদুপৰি, প্ৰসাদ (PRASHAD) আঁচনিৰ অধীনত পৰ্যটন মন্ত্ৰালয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ চিনাক্তকৃত তীৰ্থস্থানসমূহৰ সংহত উন্নয়নৰ বাবে ২৫৬.৪৫ কোটি টকা মূল্যৰ মুঠ ৮টা প্ৰকল্পত অনুমোদন জনাইছে। পৰ্যটন মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ঘাইপথ নেটৱৰ্কৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি আৰু আনুষংগিক সেৱাসমূহ যথাঃ বাণিজ্যিক স্থান, লজিষ্টিক পাৰ্ক, যাতায়াতকাৰীৰ সুবিধা যেনেঃ পথৰ কাষৰ সুবিধাসমূহ (WSA) প্ৰদান কৰিবলৈ ৪৪.৪৪ কোটি টকা ব্যয় সাপেক্ষে ২২টা ভিউপইন্টৰ উন্নয়ন সাধনত অনুমোদন জনাইছে। স্বদেশ দৰ্শন ১.০ আৰু প্ৰসাদ আঁচনিৰ অধীনত অনুমোদিত একাধিক প্ৰকল্পক ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱাত ৰাষ্ট্ৰখনলৈ উৎসৰ্গা কৰা হৈছে।

****

Beena Yadav/SB


(Release ID: 1978222) Visitor Counter : 194