প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মন কী বাতৰ বাবে ইনপুট বিচাৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
17 NOV 2023 10:42AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৬ নৱেম্বৰত প্ৰচাৰ হ’বলগীয়া মন কী বাত কাৰ্যসূচীৰ বাবে নাগৰিকসকলৰ পৰা ইনপুট বিচাৰি আহ্বান জনাইছে।
এই মাহৰ মন কী বাতৰ বাবেও বৃহৎ হাৰত ইনপুট অহা দেখি তেওঁ আনন্দ প্ৰকাশ কৰিছে।
যিসকলে এতিয়াও মাইগভ বা NaMo এপত শ্বেয়াৰ কৰা নাই, তেওঁলোকক তেওঁলোকৰ ইনপুটসমূহ শ্বেয়াৰ কৰিবলৈও তেওঁ আহ্বান জনাইছে।
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“২৬ নৱেম্বৰত প্ৰচাৰ হ’বলগীয়া এই মাহৰ #MannKiBaat ৰ বাবে বৃহৎ হাৰত ইনপুট অহা দেখি আনন্দিত হৈছো।
https://www.mygov.in/group-issue/inviting-ideas-mann-ki-baat-prime-minister-narendra-modi-26th-november-2023/
জনতাই শ্বেয়াৰ কৰা প্ৰেৰণাদায়ক জীৱন যাত্ৰাই হৈছে এই অনুষ্ঠানৰ সাৰমৰ্ম, যিয়ে প্ৰতিটো খণ্ডক অধিক সমৃদ্ধিশালী আৰু অন্তৰ্দৃষ্টিসম্পন্ন কৰি তুলিছে।
যিসকলে এতিয়াও তেওঁলোকৰ ইনপুট শ্বেয়াৰ কৰা নাই তেওঁলোকে মাইগভ বা NaMo এপত শ্বেয়াৰ কৰিব পাৰিব।”
***
DS/ST/DB
(रिलीज़ आईडी: 1977587)
आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam