গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিকশিত ভাৰত সংকল্প যাত্ৰাৰ প্ৰথম পৰ্যায়ত জনজাতীয় জিলাৰ গাঁও পঞ্চায়তসমূহক প্ৰদান কৰা হয় অভিনন্দন পত্ৰ

ডিজিটেল ইণ্ডিয়াৰ ভূমি ৰেকৰ্ড আধুনিকীকৰণ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে এক আধুনিক, ব্যাপক আৰু স্বচ্ছ ভূমি ৰেকৰ্ড ব্যৱস্থাপনা প্ৰণালী বিকশিত কৰা

ভাৰত চৰকাৰে আঁচনিসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ১৫ নৱেম্বৰ, ২০২৩ ৰ পৰা ২৬ জানুৱাৰী, ২০২৪ লৈ বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ কৰিছে

বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত ভূমি সম্পদ বিভাগে যোগ্য গাওঁসমূহলৈ অভিনন্দন পত্ৰ বিতৰণ আৰু গাওঁ পঞ্চায়তক সম্বৰ্ধনা জনোৱাৰ পৰিকল্পনা কৰিছে

प्रविष्टि तिथि: 15 NOV 2023 4:54PM by PIB Guwahati

ভাৰত চৰকাৰৰ দ্বাৰা ১০০ শতাংশ  পুঁজিৰে পৰিচালিত ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ আধুনিকীকৰণ কাৰ্যসূচী (ডিআইএলআৰএমপি) ভূমি সম্পদ বিভাগে (ডিঅ'এলআৰ) এক কেন্দ্ৰীয় আঁচনি হিচাবে ৰূপায়ণ কৰি আছে। ডিআইএলআৰএমপিৰ উদ্দেশ্য হৈছে  আধুনিক, ব্যাপক আৰু স্বচ্ছ ভূমি ৰেকৰ্ড ব্যৱস্থাপনা প্ৰণালী বিকশিত কৰা। ডিআইএলআৰএমপিৰ জৰিয়তে ভূমি সম্পৰ্কীয় বিষয়ৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে। জিলাসমূহৰ মাজত সুস্থ প্ৰতিযোগিতা আৰু নিৰীক্ষণৰ দিশত এক বিশেষ পদক্ষেপ হিচাপে এই বিভাগে জিলাসমূহৰ মাজত গ্ৰেডিং আৰম্ভ কৰিছে। প্লেটিনাম গ্ৰেডিং সেই জিলাসমূহক আৱণ্টন কৰা হৈছে যি জিলাবোৰে  ছটা মৌলিক উপাদানত ৯৯%ৰো  অধিক কাম সম্পূৰ্ণ কৰিছে। ২৬-১০-২০২৩  তাৰিখলৈকে, ৰাজ্য/কেন্দ্ৰীয়  শাসিত অঞ্চলত ৰূপায়ণ কৰা কৰা ডিআইএলআৰএমপি এম.আই.এছ.ৰ তথ্য অনুসৰি, ১৪ খন ৰাজ্যৰ ১৫৭ খন জিলাই মৌলিক ছটা উপাদান নিম্নলিখিত বিষয়সমূহত  ৯৯ % ৰো অধিক কাম সম্পূৰ্ণ কৰিছে: 

 

(১) ভূমি ৰেকৰ্ডৰ কম্পিউটাৰাইজেচন (আৰ.ও.আৰ.)

 

(২)আই.আই. কেডাষ্ট্ৰাল মেপ/এফ.এম.বি.-ৰ ডিজিটাইজেচন

 

(৩)  কেডাষ্ট্ৰাল মানচিত্ৰৰ সৈতে আৰ.ও.আৰ.-ৰ সংযোগ

 

(৪) পঞ্জীয়নৰ কম্পিউটাৰকৰণ

 

(৫) ভূমি ৰেকৰ্ডৰ সৈতে পঞ্জীয়ন (এছ.আৰ.ও.) একত্ৰীকৰণ (ৰাজহ কাৰ্যালয়)

 

(৬)আধুনিক ৰেকৰ্ড ৰুমৰ ব্যৱস্থা

 

এই ছটা উপাদানৰ ৰূপায়ণে ভূমিৰ ওপৰত বাস্তৱ-সময়ৰ তথ্য উন্নত আৰু সংৰক্ষণ কৰাত সহায় কৰিব; ভূমি সম্পদৰ ব্যৱহাৰ সুসংহতভাবে কৰাত সহায় কৰিব ; ভূমিৰগৰাকী  আৰুভূমিৰ পৰা লাভালাভ অৰ্জন কৰিব বিচৰা  দুয়োকে লাভাৱান্বিত কৰিব; আঁচনি আৰু পৰিকল্পনাত সহায় কৰিব; ভূমি বিবাদ হ্ৰাস কৰিব; প্ৰৱঞ্চনামূলক / বেনামী লেনদেন পৰীক্ষা কৰাত সহায় কৰিব; ৰাজহ/পঞ্জীয়ন কাৰ্যালয়লৈ সোঁশৰীৰে অহাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব আৰু বিভিন্ন সংগঠন/সংস্থাৰ সৈতে তথ্যৰ বিনিময় কৰাত সহায় কৰিব।

ভাৰত চৰকাৰে আঁচনিসমূহৰ বিষয়ে সজাহতা সৃষ্টিৰ উদ্দেশ্যে  প্ৰচাৰ কাৰ্যকলাপ চলাবলৈ  ১৫  নৱেম্বৰ, ২০২৩ ৰ পৰা ২৬  জানুৱাৰী, ২০২৪ লৈ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ আয়োজন কৰিছে। ইয়াৰ বাবে সমগ্ৰ পৰিষদৰ লগতে সক্ৰিয় অংশীদাৰসকলৰ  সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব । যাতে  অন্তিম মাইলৰ খুঁটিত উপনীত হৈ  সমাজৰ আটাইতকৈ দুৰ্বল লোকসকলক  কাৰ্যকৰীভাৱে সহায় কৰিব পাৰে। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ উদ্দেশ্যসমূহ হৈছে: ক. বিভিন্ন আঁচনিৰ অধীনত যোগ্য কিন্তু এতিয়ালৈকে লাভালাভ অৰ্জন  নকৰা দুৰ্বল লোকসকলৰ ওচৰলৈ গৈ পোৱা । খ. তথ্য প্ৰচাৰ আৰু আঁচনিসমূহৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা। গ. ব্যক্তিগত অভিজ্ঞতা বৰ্ণনা  কৰাৰ জৰিয়তে চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে নাগৰিকসকলৰ সৈতে বাৰ্তালাপৰ পৰা শিক্ষা লাভ কৰা। যাত্ৰাৰ সময়ত সাম্ভাব্য হিতাধিকাৰীৰ নামভৰ্তি কৰা।

বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত, ভূমি সম্পদ বিভাগে যোগ্য গাওঁসমূহলৈ অভিনন্দন পত্ৰ / প্ৰমাণপত্ৰ বিতৰণ আৰু গ্ৰাম পঞ্চায়ত / গাওঁ পৰ্যায়ৰ কৰ্মকৰ্তা যেনে পাটোৱাৰী/লেখপাল/মণ্ডল আদি তথা গাওঁ পঞ্চায়তৰ কৰ্মকৰ্তা যেনে চৰপঞ্চক বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে ভূমি ৰেকৰ্ডৰ ডিজিটাইজেশ্বনত ৯৯% বা তাতোকৈ অধিক সফলতা লাভ  কৰাৰ বাবে সম্বৰ্ধনা জনোৱাৰ পৰিকল্পনা কৰা হৈছে। অনুমোদিত প্ৰমাণপত্ৰৰ এটা ডিজিটেল সংস্কৰণ ৰাজ্যসমূহৰ সৈতে বিনিময়  কৰা হৈছে , যাতে আৰম্ভণিৰ বাবে ১০৩  খন জিলাক সামৰি ১১  খন ৰাজ্যলৈ ডি.ও.এল.আৰ.-ৰ সচিবে যোগাযোগৰ কৰি সম্বৰ্ধনা জনোৱাৰব্যৱস্থা কৰিব পাৰে।

 

সেইমৰ্মে প্ৰথম পৰ্যায়ত বিকশিত ভাৰত সংকল্প যাত্ৰা আৰু অভিনন্দন পত্ৰ বিতৰণ সম্পৰ্কীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

                                                                                 

                                           গুজৰাটৰ নৰ্মদা জিলাত অভিনন্দন পত্ৰ বিতৰণ

                                                                                 

                                          গুজৰাটৰ জিলা দাঙৰ ৱাঘাই গাঁৱত অভিনন্দন পত্ৰ বিতৰণ

                                                                                  

                                          পশ্চিম ত্ৰিপুৰা জিলাৰ জিৰানিয়া খণ্ডত সজাগতা শিবিৰ

                                                                                  

 

DM


(रिलीज़ आईडी: 1977559) आगंतुक पटल : 284
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Punjabi , Odia , Telugu