আয়ুষ
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ‘ৱৰ্ল্ড ফুড ইণ্ডিয়া’ৰ উদ্বোধনী ভাষণত আয়ুৰ্বেদ আৰু যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে

আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আয়ুষ আলোচনা অধিৱেশনৰ আয়োজন আৰু বিশেষজ্ঞসকলে আয়ুষ ভিছা, আয়ুষ ডায়েট, কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কে তেওঁলোকৰ মতামত প্ৰকাশ কৰে

আয়ুষ খাদ্যৰ বজাৰৰ মূল্য ১০০ বিলিয়ন টকালৈ বৃদ্ধিৰ সম্ভাৱনা, আয়ুৰ্বেদিক চুপাৰফুডসমূহ আন্তৰ্জাতিক খাদ্যশৈলীৰ অংশ হৈ পৰিছে

Posted On: 03 NOV 2023 8:16PM by PIB Guwahati

ৱৰ্ল্ড ফুড ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "ভাৰতৰ বহনক্ষম খাদ্য সংস্কৃতি হাজাৰ হাজাৰ বছৰৰ যাত্ৰাৰ এক ফল। আমাৰ পূৰ্বপুৰুষসকলে আয়ুৰ্বেদক সাধাৰণ মানুহৰ খাদ্যশৈলীৰ সৈতে সংযোগ কৰিছিল। ভাৰতৰ উদ্যোগত যেনেকৈ আন্তঃৰাষ্ট্ৰীয় খাদ্য সংস্কৃতিৰ বিকাশ ঘটিছিল, যোগ দিৱসে যোগক বিশ্বৰ প্ৰতিটো কোণলৈ লৈ গ’ল, একেদৰে এতিয়া মিলেটেও বিশ্বৰ প্ৰতিটো কোণত গৈ উপনীত হ'ব।

                                                                     

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ৱৰ্ল্ড ফুড ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত আয়ুৰ্বেদ আৰু যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে যোগৰ বিশ্বব্যাপী প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উদ্বোধনী অনুষ্ঠানৰ অন্তত আয়ুষ মন্ত্ৰালয়ে আয়োজন কৰা জ্ঞান অধিৱেশনত জয়পুৰৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ পৰা অহা অধ্যাপক অনুপম শ্ৰীবাস্তৱে 'চিকিৎসা মূল্য পৰ্যটন'ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সমান্তৰালকৈ কয় যে আয়ুষ ভিছা ব্যৱস্থাটো সমগ্ৰ বিশ্বৰ স্বাস্থ্য সেৱাৰ প্ৰয়োজন হোৱা লোকসকলৰ বাবে অতি উপযোগী।

অম্নি এক্টিভ হেল্থ টেকন’লজিছৰ পৰিচালন সঞ্চালক সঞ্জয় মাৰিৱালাই কয় যে বৰ্তমান আয়ুষৰ সামগ্ৰীৰ ভাৰতীয় বজাৰ মূল্য প্ৰায় ৩.৫ বিলিয়ন মাৰ্কিন ডলাৰ, তাৰোপৰি এই মূল্য ১০০ বিলিয়নলৈকে যোৱাৰ সম্ভাৱনা আছে। অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদৰ সহযোগী অধ্যাপক ডাঃ শিৱ কুমাৰ হাৰ্টীৰ মতে খাদ্য, টোপনি, আৰু জীৱনশৈলী মানুহৰ স্বাস্থ্যৰ তিনিটা প্ৰধান অংশ। আনহাতে আয়ুষ সামগ্ৰী বৰ্তমান আন্তঃৰাষ্ট্ৰীয় খাদ্যশৈলীৰ এক অংশ হৈ পৰিছে। দিল্লীৰ ফাউণ্ডেশ্যন ফৰ ইনোভেচন এণ্ড টেকন’লজি ট্ৰেন্সফাৰ-ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা অহা ড০ সাকেত চট্টোপাধ্যায়ে নতুন আয়ুষ সামগ্ৰীৰ বিকাশত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় কেনেদৰে ল’ব পাৰি সেই বিষয়েও ব্যাখ্যা কৰে।

                                                                      

হিমালয় ৱেলনেছ কোম্পানীৰ নিয়ন্ত্ৰক মুৰব্বী বিজেন্দ্ৰ প্ৰকাশে কয় যে আয়ুষ উদ্যোগৰ বিকাশত সহযোগিতা আৰু অংশগ্ৰহণেৰেহে প্ৰকৃত উন্নয়ন কল্পনা কৰিব পৰা যায়। আয়ুষ মন্ত্ৰালয়ৰ মিডিয়া উপদেষ্টা শ্ৰীযুত সঞ্জয় দেৱে আয়ুষ জ্ঞান অধিৱেশনত সমন্বয়কৰ ভূমিকা কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য পুনৰাবৃত্তি কৰি কয় যে আয়ুৰ্বেদ আমাৰ দেশত হাজাৰ হাজাৰ বছৰ ধৰি বসতি স্থাপন কৰা লোকসকলৰ সংস্কৃতিৰ এক অংশ। আয়ুষে এই ব্যৱস্থাটোক আগুৱাই নিয়াৰ বাবে কাম কৰি আছে।

ৱৰ্ল্ড ফুড ইণ্ডিয়াৰ এই অনুষ্ঠানত আয়ুষ মন্ত্ৰালয়ে অংশীদাৰৰ ভূমিকা পালন কৰিছে। আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা ৱৰ্ল্ড ফুড ইণ্ডিয়াত আয়ুষ মণ্ডপ তৈয়াৰ কৰা হৈছে য'ত আয়ুৰ্বেদৰ খাদ্যৰ লগতে বৰ্তমান সময়ত আয়ুষ খাদ্যৰ উপযোগিতা, আয়ুষ খাদ্যৰ গুৰুত্ব, ইয়াক লাভ কৰাৰ পদ্ধতি ইত্যাদিৰ লগতে আয়ুৰ্বেদ খাদ্যৰ বিষয়ে বিতং তথ্য দিয়া হৈছে । ইয়াৰ লগতে পৰম্পৰাগত চিকিৎসা পদ্ধতি অনুসৰি উপযুক্ত খাদ্য আৰু খাদ্যৰ কাঁহি আদিৰ বিষয়েও বুজাই দিয়া হৈছে। ইফালে আয়ুষৰ সম্পাদক বৈদ্য ৰাজেশ কোটেচাও আজি আয়ুষ পেভিলিয়ন পৰিদৰ্শন কৰে। অনুষ্ঠানত আয়ুষ মন্ত্ৰালয়ৰ বহু জ্যেষ্ঠ বিষয়া, আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিষ্ঠানৰ বিষয়া, আৰু আন আন ব্যক্তিসকলো উপস্থিত আছিল।

*******

AR/BM


(Release ID: 1974889) Visitor Counter : 94