প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইউ এ ইৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত দুয়োগৰাকী নেতাৰ মাজত মত বিনিময়

সন্ত্ৰাসবাদ, হিংসা আৰু সাধাৰণ নাগৰিকৰ জীৱন হেৰুৱাৰ বিষয়ে তেওঁলোকে উদ্বেগ প্ৰকাশ কৰে

নিৰাপত্তা আৰু মানৱীয় পৰিস্থিতিৰ আগতীয়া সমাধানৰ আহ্বান দুয়োগৰাকী নেতাৰ

নেতা দুগৰাকীয়ে ব্যাপক কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে

प्रविष्टि तिथि: 03 NOV 2023 6:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউ এ ইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত দুয়োগৰাকী নেতাই মত বিনিময় কৰে।

দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদ, অৱনতি ঘটা নিৰাপত্তা পৰিস্থিতি আৰু সাধাৰণ নাগৰিকৰ প্ৰাণ হেৰুওৱা ঘটনাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই নিৰাপত্তা আৰু মানৱীয় পৰিস্থিতিৰ আগতীয়া সমাধানৰ আহ্বান জনায়। তেওঁলোকে অঞ্চলটোত স্থায়ী শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

নেতাদ্বয়ে ভাৰত-ইউ এ ইৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ পৰিসৰৰ ভিতৰত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিও পুনৰবাৰ প্ৰকাশ কৰে।

*****

DS/ST/MS/BM


(रिलीज़ आईडी: 1974665) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam