ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে ১ ৰ পৰা-৩০ নৱেম্বৰ, ২০২৩ তাৰিখলৈ দেশব্যাপী ডিজিটেল জীৱন প্ৰমাণপত্ৰ অভিযান ২.০ আৰম্ভ কৰিছে।

ভাৰতৰ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০০ খন চহৰৰ ৫০০ টা স্থানত দেশব্যাপী ডিজিটেল জীৱন প্ৰমাণপত্ৰ অভিযান ২.০ ৰ আয়োজন কৰা হৈছে।

দেশব্যাপী চলা ডিজিটেল জীৱন প্ৰমাণপত্ৰ অভিযান ২.০-য়ে সকলো অংশীদাৰীক এখন মঞ্চত আনি 'সম্পূৰ্ণ চৰকাৰ' ৰ দৃষ্টিভংগীক মূৰ্ত কৰিছে।

ডিজিটেল জীৱন প্ৰমাণপত্ৰৰ মুখাবয়ব প্ৰমাণীকৰণ দাখিলে পেঞ্চনাৰসকলৰ বাবে জীৱন প্ৰমাণপত্ৰ দাখিল সহজ আৰু অতুলনীয় কৰি তুলিব।

Posted On: 02 NOV 2023 10:31AM by PIB Guwahati

ডিজিটেল জীৱন প্ৰমাণপত্ৰ দাখিল কৰিবলৈ ডিএলচি/ফেচ প্ৰমাণীকৰণ প্ৰযুক্তি ব্যৱহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সকলো পেঞ্চনাৰৰ লগতে পেঞ্চন বিতৰণ কৰ্তৃপক্ষৰ মাজত সজাগতা বিয়পোৱাৰ লক্ষ্যৰে, ডিঅ'পিপিডব্লিউ (DoPPW) য়ে ২০২২ চনৰ নৱেম্বৰ মাহত দেশৰ ৩৭ খন চহৰত এক দেশব্যাপী অভিযান আৰম্ভ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰৰ ৩৫ লাখতকৈও অধিক ডিএলচি জাৰী কৰাৰ জৰিয়তে এই অভিযানে এক বৃহৎ সফলতা লাভ কৰিছিল।  একেদৰে, দেশৰ ১০০ খন চহৰৰ ৫০০ টা স্থানত ১ ৰ পৰা ৩০ নৱেম্বৰ, ২০২৩ লৈ, ১৭ টা পেঞ্চন বিতৰণকাৰী বেংক, মন্ত্ৰণালয়/বিভাগ, পেঞ্চনাৰ কল্যাণ সংস্থা, ইউআইডিএআই, মেইটৱাই (MeitY) ৰ সহযোগত ৫০ লাখ পেঞ্চনাৰক লক্ষ্য কৰি এক দেশব্যাপী অভিযানৰ আয়োজন কৰা হৈছে। 

 

 

জীৱন প্ৰমাণপত্ৰ দাখিলৰ ডিজিটেল পদ্ধতিৰ লাভালাভ দেশৰ দূৰৱৰ্তী অঞ্চলৰ পেঞ্চনাৰসকলৰ ওচৰতো উপলব্ধ হোৱাটো নিশ্চিত কৰাৰ বাবে আৰু অতি জ্যেষ্ঠ/ৰুগীয়া/অক্ষম পেঞ্চনাৰসকলক লাভান্বিত কৰাৰ বাবে, বিভাগৰ দ্বাৰা এক বিস্তৃত নিৰ্দেশনা জাৰী কৰা হৈছে।

 

ডিএলচি দাখিল আৰু পেঞ্চনাৰ/ পাৰিবাৰিক পেঞ্চনাৰসকলৰ দ্বাৰা ডিএলচি দাখিলৰ বাবে ফেচ প্ৰমাণীকৰণ এপ ব্যৱহাৰৰ সজাগতা বিস্তাৰৰ বাবে, অসমৰ গুৱাহাটী, যোৰহাট আৰু কামৰূপ জিলাতো শিবিৰৰ আয়োজন কৰা হৈছে। ভাৰতীয় ষ্টেট বেংকে গুৱাহাটীৰ আইডিচি আমিনগাঁও, সৰভোগ, ৰঙিয়া, পাঠশালা আৰু বৰপেটা শাখাত বিশেষ শিবিৰৰ আয়োজন কৰিছে, আনহাতে বেংক অফ ইণ্ডিয়াই কামাখ্যা (মালিগাঁও), গুৱাহাটী, খানপাৰা, ওদালবাক্ৰা আৰু দিচপুৰ শাখাত শিবিৰ আয়োজন কৰিছে। পেঞ্চনাৰ কল্যাণ সংস্থাসমূহকো ডিএলচি দাখিলৰ সুবিধাৰ হেতু পেঞ্চনাৰসকলৰ বাবে শিবিৰ অনুষ্ঠিত কৰিবলৈ অৱগত কৰা হৈছে আৰু উত্তৰ সীমান্ত ৰে'লৱে পেঞ্চনাৰ সংস্থাইও ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ, ২০২৩ তাৰিখলৈ এই সন্দৰ্ভত শিবিৰৰ আয়োজন কৰিছে।

 

 

সকলো পেঞ্চনাৰ / পাৰিবাৰিক পেঞ্চনাৰে ডিজিটেল মাধ্যমৰ জৰিয়তে তেওঁলোকৰ জীৱন প্ৰমাণপত্ৰ দাখিল কৰিবলৈ কেন্দ্ৰবোৰলৈ যাব আৰু লগতে বৰ্তমান আৰু ভৱিষ্যতে তেওঁলোকৰ ঘৰৰ পৰা আৰামত তেওঁলোকৰ ডিজিটেল জীৱন প্ৰমাণপত্ৰ দাখিল কৰাৰ বাবে তেওঁলোকৰ এণ্ড্ৰইড মোবাইল ফোনত ফেচ প্ৰমাণীকৰণ এপটো ডাউনলোড কৰি ল’ব।

 

কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ 'জীৱনধাৰণৰ সহজতা' বৃদ্ধি কৰিবলৈ, পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে ডিজিটেল জীৱন প্ৰমাণপত্ৰ (ডিএলচি) অৰ্থাৎ ডিজিটেল জীৱন প্ৰমাণৰ ব্যাপক প্ৰচাৰ কৰি আহিছে। ২০১৪ চনত, বায়োমেট্ৰিক সঁজুলি ব্যৱহাৰ কৰি ডিএলচি দাখিল কৰা আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী সময়ত, বিভাগটোৱে আধাৰ ডাটাবেছৰ ওপৰত আধাৰিত এটা ফেচ প্ৰমাণীকৰণ প্ৰযুক্তি প্ৰণালী বিকশিত কৰিবলৈ মেইটৱাই (MeitY)আৰু ইউআইডিএআই(UIDAI)ৰ সৈতে জড়িত হয়, যাৰ দ্বাৰা যিকোনো এণ্ড্ৰইড আধাৰিত স্মাৰ্ট ফোনৰ পৰা এলচি দাখিল কৰা সম্ভৱ হৈ উঠে।  এই সুবিধা অনুসৰি, এজন ব্যক্তিৰ পৰিচয় মুখ প্ৰমাণীকৰণ কৌশলৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হয় আৰু ডিএলচি সৃষ্টি হয়। ২০২১ চনৰ নৱেম্বৰত মুকলি কৰা এই যুগান্তকাৰী প্ৰযুক্তিয়ে বাহ্যিক বায়’-মেট্ৰিক সঁজুলিৰ ওপৰত পেঞ্চনাৰসকলৰ নিৰ্ভৰশীলতা হ্ৰাস কৰে আৰু স্মাৰ্টফোন-আধাৰিত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি প্ৰক্ৰিয়াটো অধিক সুলভ আৰু জনসাধাৰণৰ বাবে ব্যয়সাধ্য কৰি তোলে।

 

 

xxx



(Release ID: 1974349) Visitor Counter : 75