প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ইউনেস্কোৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত কোজিকোডক 'সাহিত্যৰ চহৰ' আৰু গোৱালিয়ৰক 'সংগীতৰ চহৰ' হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰশংসা কৰে
प्रविष्टि तिथि:
01 NOV 2023 4:56PM by PIB Guwahati
ইউনেস্কোৰ ক্ৰিয়েটিভ চিটিনেটৱৰ্কত কোজিকোডক 'সাহিত্যৰ চহৰ' আৰু গোৱালিয়ৰক 'সংগীতৰ চহৰ' হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এই উল্লেখযোগ্য সাফল্যৰ বাবে কোজিকোড আৰু গোৱালিয়ৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কোজিকোডৰ সমৃদ্ধ সাহিত্যিক উত্তৰাধিকাৰীৰ সৈতে ভাৰতৰ সাংস্কৃতিক প্ৰাণৱন্ততা বিশ্বৰ মঞ্চত অধিক উজ্জ্বল হৈ উঠিছে। তেওঁ কয় যে গোৱালিয়ৰে যি অংগীকাৰৰ সৈতে সংগীতৰ ঐতিহ্য সংৰক্ষণ আৰু সমৃদ্ধ কৰিছে, তাৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্বতে শুনিবলৈ পোৱা গৈছে।
কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে এক্সত কৰা পোষ্টৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়;
"কোজিকোডৰ সমৃদ্ধ সাহিত্যিক উত্তৰাধিকাৰী আৰু আৰু গোৱালিয়ৰৰ সুমধুৰ ঐতিহ্য এতিয়া সন্মানীয় ইউনেস্কো ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত অন্তৰ্ভুক্ত হৈ পৰাত বিশ্বৰ মঞ্চত ভাৰতৰ সাংস্কৃতিক প্ৰাণৱন্ততা উজ্জ্বল হৈ পৰিছে।
এই উল্লেখযোগ্য সাফল্যৰ বাবে কোজিকোড আৰু গোৱালিয়ৰৰ লোকসকলক অভিনন্দন!
আমি এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি উদযাপন কৰাৰ লগে লগে, আমাৰ ৰাষ্ট্ৰই আমাৰ বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰাৰ সংৰক্ষণ আৰু প্ৰচাৰৰ প্ৰতি ইয়াৰ অংগীকাৰ পুনৰ নিশ্চিত কৰিছে।
এই প্ৰশংসাবোৰে আমাৰ অনন্য সাংস্কৃতিক গাঁথাবোৰক প্ৰোত্সাহিত আৰু ভাগ বতৰা কৰাৰ বাবে সমৰ্পিত প্ৰতিজন ব্যক্তিৰ সামূহিক প্ৰচেষ্টাকো প্ৰতিফলিত কৰে।"
*************************
DS/TS/KG/BM
(रिलीज़ आईडी: 1974013)
आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam