প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান পেৰা গেমছত বেডমিণ্টনৰ ছিংগলছত স্বৰ্ণ জয় কৰা প্ৰমোদ ভগতক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 27 OCT 2023 7:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌ ‘এছিয়ান পেৰা গে’মছ’ত অনুষ্ঠিত বেডমিণ্টন পুৰুষৰ ‘একক এছ এল ৩ প্ৰতিযোগিতা’ত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে প্ৰমোদ ভগতক আজি অভিনন্দন জ্ঞাপন কৰে।

তেওঁ ভগতৰ দৃঢ়তা আৰু পাৰদৰ্শিতাক আদৰণি জনায়।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"বেডমিণ্টনত পুৰুষৰ ‘একক এছএল ৩ প্ৰতিযোগিতা’ত আকাংক্ষিত ভাবেই স্বৰ্ণ পদক দখল কৰাৰ বাবে প্ৰমোদ ভগতক অভিনন্দন জনাইছোঁ।

তেওঁৰ দৃঢ় সংকল্প আৰু পাৰদৰ্শিতাই আমাৰ দেশক অপৰিসীম গৌৰৱৰে উদ্বেলিত কৰিছে।"

****

DS/RT/KB



(Release ID: 1972699) Visitor Counter : 64