গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

চৰকাৰে পিঁয়াজৰ ঘৰুৱা উপলব্ধতা বজাই ৰাখিবলৈ প্ৰতি মেট্ৰিক টন পিঁয়াজত নূন্যতম ৰপ্তানি মূল্য (এমইপি) নিৰ্ধাৰণ কৰিলে ৮০০ মাৰ্কিন ডলাৰ



চৰকাৰে মজুতৰ বাবে ইতিমধ্যে ক্ৰয় কৰা ৫ লাখ টন পিঁয়াজৰ উপৰি অতিৰিক্ত ২ লাখ টন পিঁয়াজ ক্ৰয় কৰিব

মূল্য হ্ৰাস কৰিবলৈ আৰু কৃষকসকলে লাভজনক মূল্য পোৱাটো নিশ্চিত কৰিবলৈ মজুতস্থলীত পিঁয়াজৰ হ’ব নিৰন্তৰ ক্ৰয় আৰু যোগানৰ ব্যৱস্থা

प्रविष्टि तिथि: 28 OCT 2023 7:03PM by PIB Guwahati

চৰকাৰে ২৯ অক্টোবৰ, ২০২৩ তাৰিখৰ পৰা ৩১  ডিচেম্বৰ, ২০২৩  লৈকে পিঁয়াজৰ ৰপ্তানিৰ ওপৰত প্ৰতি মেট্ৰিক টন, এফ.ও.বি. আধাৰত ৮০০ মাৰ্কিন ডলাৰৰ নূন্যতম  ৰপ্তানি মূল্য (এমইপি) নিৰ্ধাৰণ কৰাৰ জাননী জাৰি কৰিছে। ঘৰুৱা গ্ৰাহকসকলৰ বাবে সুলভ মূল্যত পিঁয়াজৰ পৰ্যাপ্ত উপলব্ধতা বজাই ৰখাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । কিয়নো পিঁয়াজ ৰপ্তানিৰ মাত্ৰা  নিয়ন্ত্ৰণ কৰি ২০২৩ ৰ সঞ্চিত ৰবি শস্যৰ  পৰিমাণ হ্ৰাস সন্তুলিত কৰিব বিচৰা হৈছে। প্ৰতি মেট্ৰিক টনত ৮০০  মাৰ্কিন ডলাৰৰ নূন্যতম  ৰপ্তানি মূল্য নিৰ্ধাৰণৰ অৰ্থ হৈছে প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ মূল্য প্ৰায় ৬৭ টকাৰ সমান ।   

পিঁয়াজ ৰপ্তানিৰ ওপৰত নূন্যতম  ৰপ্তানি মূল্য আৰোপ কৰাৰ সিদ্ধান্তৰ লগতে চৰকাৰে ইতিমধ্যে ক্ৰয় কৰা ৫  লাখ টনৰ উপৰি মজুতৰ  বাবে অতিৰিক্ত ২  লাখ টন পিঁয়াজ ক্ৰয় কৰাৰ কথাও ঘোষণা কৰিছে। মজুতস্থলীৰ পৰা পিঁয়াজ আগষ্টৰ দ্বিতীয় সপ্তাহৰ পৰা সমগ্ৰ দেশৰ মুখ্য  কেন্দ্ৰবোৰত নিৰন্তৰভাৱে আগবঢ়াই থকা হৈছে।  লগতে এনচিচিএফ আৰু এনএএফইডি-ৰ দ্বাৰা পৰিচালিত মোবাইল ভেনৰ জৰিয়তে খুচুৰা গ্ৰাহকসকলক  প্ৰতি কিলোগ্ৰাম পিঁয়াজ ২৫ টকাত যোগান ধৰা হৈছে। আজিলৈকে মজুতস্থলীৰ  পৰা প্ৰায় ১.৭০ লাখ মেট্ৰিক টন পিঁয়াজ যোগান  ধৰা হৈছে। পিঁয়াজ খেতিয়কসকলে লাভজনক মূল্য পোৱাটো নিশ্চিত কৰাৰ লগতে গ্ৰাহকসকলৰ বাবে মূল্য হ্ৰাস কৰাৰ বাবে মজুতস্থলীত পিঁয়াজৰ নিৰন্তৰ ক্ৰয় আৰু যোগান অব্যাহত ৰখা হৈছে৷

প্ৰতি মেট্ৰিক টনত  ৮০০ মাৰ্কিন   ডলাৰ  নূন্যতম  ৰপ্তানি মূল্য  আৰোপ কৰি চৰকাৰে  ঘৰুৱা গ্ৰাহকসকলৰ বাবে পিঁয়াজ সুলভ কৰি তোলাৰ পদক্ষেপ তথা  সংকল্প গ্ৰহণ  কৰিছে।

 

***


(रिलीज़ आईडी: 1972683) आगंतुक पटल : 205
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali-TR , Gujarati , Odia , Telugu