প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত মহিলাৰ ডাবলছ বেডমিণ্টন ইভেণ্টত ৰূপ পদক জয়ৰ বাবে মানসী নয়না যোশী, থুলাসীমাথী মুৰুগেছানক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 27 OCT 2023 6:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত মহিলাৰ ডাবলছ-এছএল৩-এছইউ৫ ইভেণ্টত ৰূপ পদক জয়ৰ বাবে মানসী নয়না যোশী, থুলাসীমাথী মুৰুগেছানক অভিনন্দন জনাইছে।

তেওঁ লগতে তেওঁলোকৰ দলগত কামৰ প্ৰশংসা কৰে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

"মহিলাৰ ডাবলছ-এছএল৩-এছইউ৫ ইভেণ্টত চমকপ্ৰদ প্ৰদৰ্শনেৰে ৰূপ পদক জয়ৰ বাবে @joshimanasi11 আৰু @Thulasimathi11 অভিনন্দন জনাইছো। তেওঁলোক দলগত কাম আৰু সমৰ্পনক প্ৰশংসা কৰিছো।"

****

DS/RT/DB


(रिलीज़ आईडी: 1972477) आगंतुक पटल : 95
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam