প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা দেশবাসীলৈ দুৰ্গা পূজাৰ শুভেচ্ছা

অষ্টমীৰ দিনা মা মহা গৌৰীক প্ৰণাম

प्रविष्टि तिथि: 22 OCT 2023 10:32AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে সকলো দেশবাসীক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছে। তেওঁ দেৱীৰ ওচৰত সকলোৰে সুখ আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে।

টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়, 

"সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। মা দুৰ্গাই সকলোকে সুস্বাস্থ্য আৰু সুখী জীৱনৰ আশীৰ্বাদ কৰক।"

প্ৰধানমন্ত্ৰীয়ে আজি অষ্টমী পূজা উপলক্ষে মা মহা গৌৰীক প্ৰণাম জনাই আৰু এটা শ্ৰুতি শ্বেয়াৰ কৰে। 

"আজি মা মহাগৌৰীৰ বিশেষ পূজাৰ শুভ দিন। কৰুণাময়ী আৰু অমোঘ ফলদায়িনী দেৱী মাক প্ৰাৰ্থনা জনাইছো যাতে তেওঁ সকলো ভক্তক আশীৰ্বাদ কৰি কল্যাণ সাধন কৰে।"

***

DS


(रिलीज़ आईडी: 1971745) आगंतुक पटल : 132
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam