প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সঞ্চালক প্ৰধান শ্ৰী ৰাফেল মাৰিয়ানো গ্ৰ’ছিৰ

শান্তি আৰু উন্নয়নৰ বাবে পাৰমাণৱিক শক্তিৰ নিৰাপদ তথা সুৰক্ষিত ব্যৱহাৰৰ প্ৰতি ভাৰতৰ অংগীকাৰ সম্পৰ্কে আলোকপাত প্ৰধানমন্ত্ৰীৰ

গ্ৰ’ছিয়ে ভাৰতৰ দায়বদ্ধ পাৰমাণৱিক শক্তি হিচাপে আৰু সমাজৰ লাভৰ বাবে ইয়াৰ বৈশ্বিক নেতৃত্বক প্ৰশংসা কৰে

গ্ল’বেল চাউথত পাৰমাণৱিক প্ৰযুক্তিৰ প্ৰয়োগৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰত আৰু আইএইএয়ে সহযোগিতা আগবঢ়াব

Posted On: 23 OCT 2023 4:30PM by PIB Guwahati

আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সঞ্চালক প্ৰধান শ্ৰী ৰাফেল মাৰিয়ানো গ্ৰ’ছিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে শান্তি আৰু উন্নয়নৰ বাবে পাৰমাণৱিক শক্তিৰ নিৰাপদ আৰু সুৰক্ষিত ব্যৱহাৰৰ প্ৰতি ভাৰতৰ দৃঢ় অংগীকাৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ শক্তি মিশ্ৰণৰ অংশ হিচাপে পৰিবেশ-অনুকূল পাৰমাণৱিক শক্তি উৎপাদন ক্ষমতাৰ অংশ বৃদ্ধিৰ অৰ্থে ভাৰতৰ অভিলাষী লক্ষ্য সম্পৰ্কে ব্যক্ত কৰে।

সঞ্চালক প্ৰধান গ্ৰ’ছিয়ে ভাৰতৰ দায়বদ্ধ পাৰমাণৱিক শক্তি হিচাপে অভিলেখক প্ৰশংসা কৰে। তেওঁ পাৰমাণৱিক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিক প্ৰশংসা কৰে, বিশেষকৈ থলুৱা পাৰমাণৱিক শক্তি কেন্দ্ৰৰ বিকাশ আৰু নিয়োগ কাৰ্য্যৰ শলাগ লয়। তেওঁ সমাজৰ সুবিধাৰ বাবে অসামৰিক পাৰমাণৱিক শক্তিৰ প্ৰয়োগত ভাৰতৰ বৈশ্বিক নেতৃত্বৰ ভূমিকাক স্বীকাৰ কৰে। ভাৰতে পাৰমাণৱিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত যি উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে সেয়া হৈছেঃ স্বাস্থ্য, খাদ্য, পানী পৰিশোধন, প্লাষ্টিক প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহকে প্ৰমুখ্য কৰি মানৱ জাতিয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধান সূত্ৰ আগবঢ়াইছে।

ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ আৰু মাইক্ৰ’-ৰিয়েক্টৰৰ জৰিয়তে তথা নেট জিৰ’ প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত পাৰমাণৱিক শক্তিৰ ভূমিকাৰ সম্প্ৰসাৰণত মত-বিনিময় কৰা হয়।

সঞ্চালক প্ৰধান গ্ৰ’ছিয়ে আইএইএ আৰু ভাৰতৰ মাজৰ অসাধাৰণ অংশীদাৰিত্বৰ বাবে প্ৰশংসা কৰে। তেওঁ ভাৰতৰ প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ কাৰ্য্যসূচীৰ বাবে প্ৰশংসা কৰে যিয়ে বহু দেশক সহায় কৰিছে। দুয়োপক্ষই গ্ল’বেল চাউথত অসামৰিক পাৰমাণৱিক প্ৰযুক্তিৰ প্ৰয়োগৰ সম্প্ৰসাৰণৰ বাবে ভাৰত আৰু আইএইএৰ মাজত সহযোগিতাৰ পথ অন্বেষণ কৰিবলৈ সন্মতি প্ৰকাশ কৰে।

***

DS/LP/SB
 



(Release ID: 1971398) Visitor Counter : 79