কেবিনেট

‘জাপান-ভাৰত অৰ্ধপৰিবাহী যোগান শৃংখলাৰ অংশীদাৰিত্ব’ৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজত সম্পাদিত সহযোগিতা সম্পৰ্কীয় চুক্তিলৈ অনুমোদন জনাইছে কেবিনেটে

Posted On: 25 OCT 2023 3:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ২০২৩ চনৰ জুলাই মাহত ভাৰত গণৰাজ্যৰ ‘ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়’ আৰু জাপানৰ ‘অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়’ৰ মাজত ‘জাপান-ভাৰত অৰ্ধপৰিবাহী(ছেমিকণ্ডাক্টৰ) যোগান শৃংখলা অংশীদাৰিত্ব সন্দৰ্ভত স্বাক্ষৰিত সহযোগিতা চুক্তি’খনৰ বিষয়ে অৱগত কৰা হয়।

এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু জাপানৰ মাজত অৰ্ধপৰিবাহীৰ যোগান শৃংখলা প্ৰসাৰৰ দিশত সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে, উদ্যোগ আৰু ডিজিটেল প্ৰযুক্তিৰ উত্তৰণৰ বাবে ‘অৰ্ধপৰিবাহী’-ৰ গুৰুত্বক স্বীকৃতি প্ৰদান কৰে।

বুজাবুজিৰ চুক্তিখন পক্ষসমূহে স্বাক্ষৰ কৰা তাৰিখৰ পৰা কাৰ্যকৰী হ'ব আৰু আগন্তুক পাঁচ বছৰৰ বাবে কাৰ্যকৰী হৈ থাকিব।

স্থিতিস্থাপক ‘অৰ্ধপৰিবাহী’ যোগান শৃংখলা আগবঢ়াই নিয়া আৰু পৰিপূৰক শক্তিৰ সুবিধা গ্ৰহণৰ ক্ষেত্ৰত ‘জি-২জি’ আৰু ‘বি২বি’ উভয় দ্বিপাক্ষিক সহযোগিতাই প্ৰযোজ্য হ’ব।

চুক্তিখনে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত নিযুক্তিৰ সুযোগ পোৱাকৈ উন্নত সহযোগিতাৰ পৰিকল্পনা কৰিছে।

 

পৃষ্ঠভূমি:

ইলেক্ট্ৰনিক্স-ৰ নিৰ্মাণৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ ‘মেইট ৱাই’-য়ে সক্ৰিয়ভাৱে কাম কৰি আছে। ভাৰতত এক ‘শক্তিশালী আৰু বহনক্ষম অৰ্ধপৰিবাহী’ আৰু ‘ডিছপ্লে নিৰ্মাণ’-ৰ পৰিৱেশতন্ত্ৰৰ বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে  কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। উক্ত কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ‘অৰ্ধপৰিবাহী ফেব’, ‘ডিচপ্লে’ ফেব’, ‘যৌগিক অৰ্ধপৰিবাহী’/ছিলিকন ফটোনিক্স/চেন্সৰ/পৃথক অৰ্ধপৰিবাহী আৰু অৰ্ধপৰিবাহীৰ সংযোজন, পৰীক্ষা, ‘মাৰ্কিং, আৰু পেকেজিং’ (এটিএমপি)/’আউটছৰ্চড’ অৰ্ধপৰিবাহী এচেম্বলী আৰু পৰীক্ষা (অ’এছএটি) সুবিধা স্থাপনৰ বাবে বিত্তীয় সমৰ্থন আগবঢ়োৱা। লগতে, দেশত অৰ্ধপৰিবাহীৰ বিকাশ আৰু ‘ডিছপ্লে’ নিৰ্মাণৰ পৰিস্থিতিতন্ত্ৰ’ বিকশিত কৰাৰ বাবে ভাৰতৰ ৰণনীতি চলাবলৈ ‘ডিজিটেল ইণ্ডিয়া কৰ্পোৰেশ্যন’ (ডিআইচি)ৰ অধীনত ‘ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন’ (আইএছএম) স্থাপন কৰা হৈছে।

দ্বিপাক্ষিক আৰু আঞ্চলিক পৰিকাঠামোৰ অধীনত তথ্য প্ৰযুক্তিৰ উদীয়মান আৰু সীমান্ত ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰাৰ বাবেও ‘মেইট-ৱাই’-ক দায়বদ্ধ কৰা হৈছে। এই উদ্দেশ্যৰ সৈতে, ‘মেইট-ৱাই’-য়ে দ্বিপাক্ষিক সহযোগিতা আৰু তথ্যৰ আদান-প্ৰদানৰ বাবে বিভিন্ন দেশৰ প্ৰতিপক্ষ সংগঠন/সংস্থাসমূহৰ সৈতে বুজাবুজি চুক্তি/বুজাবুজি চুক্তি তৈয়াৰ কৰাৰ লগতে যোগান শৃংখলাৰ স্থিতিস্থাপকতা নিশ্চিত কৰিছে যাতে ভাৰতে বিশ্বস্ত অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। এই বুজাবুজি চুক্তিৰ জৰিয়তে জাপান আৰু ভাৰতীয় কোম্পানীসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাটো ভাৰত আৰু জাপানৰ মাজত পাৰস্পৰিক ভাৱে লাভজনক অৰ্ধপৰিবাহী সম্পৰ্কীয় ব্যৱসায়িক সুযোগ আৰু অংশীদাৰিত্বৰ দিশত এনে এক পদক্ষেপ।

 

দুয়োখন ৰাষ্ট্ৰৰ মাজত সমন্বয় আৰু পৰিপূৰকতাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৮ চনৰ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীৰ জাপান ভ্ৰমণৰ সময়ত "ভাৰত-জাপান ডিজিটেল অংশীদাৰিত্ব" (আইজেডিপি) আৰম্ভ কৰা হৈছিল, যাৰ ফলত সহযোগিতাৰ বিদ্যমান ক্ষেত্ৰসমূহৰ লগতে এছ এণ্ড টি/আইচিটি-ত সহযোগিতাৰ পৰিসৰৰ ভিতৰত নতুন পদক্ষেপৰ লগতে "ডিজিটেল আইচিটি প্ৰযুক্তি"ৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল। চলিত ‘আইজেডিপি’ আৰু ‘ভাৰত-জাপান ঔদ্যোগিক প্ৰতিযোগিতামূলক অংশীদাৰিত্ব’ (আইজেআইচিপি)ক ভিত্তি কৰি জাপান-ভাৰত অৰ্ধপৰিবাহী যোগান শৃংখলাৰ অংশীদাৰিত্ব সন্দৰ্ভত এই বুজাবুজি চুক্তিয়ে ‘ইলেক্ট্ৰনিক্স পৰিস্থিতিতন্ত্ৰ’-ৰ ক্ষেত্ৰত সহযোগিতা অধিক বিস্তৃত আৰু গভীৰ কৰি তুলিব। উদ্যোগ আৰু ডিজিটেল প্ৰযুক্তিৰ উত্তৰণৰ বাবে ‘অৰ্ধপৰিবাহী’-ৰ গুৰুত্বক স্বীকাৰ কৰি এই ‘এমঅ'চি’-য়ে অৰ্ধপৰিবাহী যোগান শৃংখলাৰ স্থিতিস্থাপকতা বৃদ্ধিৰ ব্যৱস্থা কৰিব।

 

******

DS/SKS/KB/PN



(Release ID: 1971037) Visitor Counter : 77