প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইউএনডব্লিউটিঅ’ৰ দ্বাৰা শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে সন্মানীত গুজৰাটৰ ধোৰদোক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
20 OCT 2023 3:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা (ইউএনডব্লিউটিঅ’)ৰ দ্বাৰা শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে সন্মানীত গুজৰাটৰ ধোৰদোক প্ৰশংসা কৰিছে৷
ধোৰদোৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি তেওঁ ২০০৯ আৰু ২০১৫ চনত গাঁওখন ভ্ৰমণৰ কেইখনমান ছবি শ্বেয়াৰ কৰে৷
টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“কচ্চৰ ধোৰদোক ইয়াৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে উদযাপন কৰা দেখি যথেষ্ট ৰোমাঞ্চিত হৈছো। এই সন্মানে কেৱল ভাৰতীয় পৰ্যটনৰ সম্ভাৱনাই নহয়, বিশেষকৈ কচ্চৰ জনসাধাৰণৰ নিষ্ঠাকো প্ৰদৰ্শন কৰিছে।
ধোৰদো উজ্জ্বলি থাকক আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীক আকৰ্ষণ কৰি যাওক!
২০০৯ আৰু ২০১৫ চনত ধোৰদো ভ্ৰমণৰ কিছু স্মৃতি শ্বেয়াৰ কৰিলো। লগতে আপোনালোক সকলোকে ধোৰদো ভ্ৰমণৰ স্মৃতি শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছো। ইয়াৰ ফলত অধিক লোকে ভ্ৰমণ কৰিবলৈ অনুপ্ৰাণিত হ’ব। আৰু #AmazingDhordo ব্যৱহাৰ কৰিবলৈ নাপাহৰিব।"
***
DS/RT/DB/BM
(रिलीज़ आईडी: 1969420)
आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam