ক'অপাৰেশ্বন মন্ত্ৰালয়

নতুন দিল্লীত নেচনেল কোঅ’পাৰেটিভি কনজিউমাৰ ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ সঞ্চালক মণ্ডলীক সম্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহৰ

২০২৭-২৮ বৰ্ষৰ ভিতৰত ৫০,০০০ কোটি টকাৰ লেনদেনেৰে স্বাৱলম্বী হ’ব লাগিব এনচিচিএফ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘সহকৰ ছে সমৃদ্ধি’ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে এনচিচিএফে

প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত সমবায় মন্ত্ৰালয়ে আৰম্ভণিৰে পৰাই দেশৰ সমবায় আন্দোলন শক্তিশালী কৰাৰ লগতে জিডিপিত সমবায়ৰ অংশ বৃদ্ধিৰ বাবে বিগত ২৬ মাহত ৫২টা পদক্ষেপ গ্ৰহণ কৰিছে

এনচিচিএফে সমগ্ৰ দেশৰ পেকছ আৰু অন্যান্য সমবায় প্ৰতিষ্ঠানসমূহক ইয়াৰ সদস্য হিচাপে গঢ়ি তোলাত গুৰুত্ব দিয়া উচিত, কাৰণ এই এনচিচিএফে ইয়াৰ ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব আৰু ব্যৱসায়িক পদ্ধতি সলনি কৰিব লাগিব

Posted On: 20 OCT 2023 1:22PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত নেচনেল কোঅ’পাৰেটিভি কনজিউমাৰ ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড(এনচিচিএফ)ৰ সঞ্চালক মণ্ডলীক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ এই উপলক্ষে শ্ৰী অমিত শ্বাহে ২০২৭-২৮ বৰ্ষৰ ভিতৰত ৫০,০০০ কোটি টকাৰ লেনদেনেৰে এনচিচিএফক স্বাৱলম্বী হ’ব লাগিব বুলি কয়৷ তেওঁ কয় যে এনচিচিএফে সমগ্ৰ দেশৰ প্ৰাথমিক কৃষি ঋণ সমিতি (পেকছ) আৰু অন্যান্য সমবায় প্ৰতিষ্ঠানসমূহক সদস্য হিচাপে গঢ়ি তোলাত গুৰুত্ব দিব লাগে যাতে এনচিচিএফৰ মূলধনৰ অংশত সমবায়ৰ অনুপাত তুলনামূলকভাৱে অধিক হয়। কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ বাবে এনচিচিএফে ইয়াৰ ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব আৰু ব্যৱসায়িক দৃষ্টিভংগী সলনি কৰিব লাগিব।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘সহকৰ ছে সমৃদ্ধি’ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি এনচিচিএফে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত সমবায় মন্ত্ৰালয়ে আৰম্ভণিৰে পৰাই দেশৰ সমবায় আন্দোলন শক্তিশালী কৰাৰ লগতে জিডিপিত সমবায়ৰ অংশ বৃদ্ধিৰ বাবে বিগত ২৬ মাহত ৫২টা পদক্ষেপ গ্ৰহণ কৰিছে৷

                                                                     

শ্ৰী অমিত শ্বাহে কয় যে এনচিচিএফে এক স্বাৱলম্বী সমবায় প্ৰতিষ্ঠান হ’বলৈ অহা ১০ বছৰৰ বাবে ৰোডমেপ প্ৰস্তুত কৰিব লাগে। তেওঁ কয় যে সমবায় মন্ত্ৰালয়ে এনে এক ৰোডমেপ ৰূপায়ণৰ ক্ষেত্ৰত এনচিচিএফক সম্পূৰ্ণ সহায় আগবঢ়াব। কেন্দ্ৰীয় সমবায় মন্ত্ৰীয়ে ইথানল উৎপাদনৰ বাবে এনচিচিএফৰ সহযোগী কোম্পানীসমূহৰ সৈতে গুজৰাট, বিহাৰ, আৰু অন্যান্য ৰাজ্যৰ কৃষকৰ পৰা কুঁহিয়াৰ ক্ৰয় কৰাটো নিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে যদি এনচিচিএফ আৰু নাফেডে ইচ্ছা কৰে, তেন্তে সমবায় মন্ত্ৰালয়ে তেওঁলোকক ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰৰ পৰা ডিজিটেল প্লেটফৰ্মত তেওঁলোকৰ বাবে এটা উমৈহতীয়া এপ প্ৰস্তুত কৰাত সহায় কৰিব পাৰে আৰু এই এপটো কুঁহিয়াৰ ক্ৰয়ৰ সমন্বয়ৰ বাবে ব্যৱহাৰ কৰিব পাৰিব৷ শ্ৰী শ্বাহে এনচিচিএফক কৃষকৰ পৰা ক্ৰয় কৰা মাহজাতীয় শস্যৰ ৰপ্তানিৰ সুযোগ সন্ধান কৰিবলৈ আৰু এনে ক্ৰয় যাতে ন্যূনতম সমৰ্থিত মূল্যত (এমএছপি) কৰা হয়, সেইটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।

মন্ত্ৰী শ্বাহে লগতে তেওঁৰ ভাষণত পৰামৰ্শ দিয়ে যে এনচিচিএফে পিঁয়াজ আৰু দাইল ক্ৰয়ৰ বাবে পেকছৰ সৈতে সহযোগিতাৰে কাম কৰিব পাৰে, যাতে সমবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ সংৰক্ষণ আঁচনিৰ অধীনত ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব পৰা যায়। তেওঁ কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ সুযোগ সন্ধান কৰিবলৈ আৰু ধান ক্ৰয় কৰি ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড (এনইচিএল)ৰ জৰিয়তে ৰপ্তানি কৰিবলৈও কয়।

এনচিচিএফৰ অধ্যক্ষ শ্ৰী বিশাল সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীয়ে দিয়া পৰামৰ্শৰ ভিত্তিত লক্ষ্য পূৰণৰ আশ্বাস দিয়ে। সঞ্চালক মণ্ডলীৰ বৈঠকত সমবায় মন্ত্ৰালয়ৰ সচিব শ্ৰী জ্ঞানেশ কুমাৰ আৰু এনচিচিএফৰ পৰিচালন সঞ্চালিকা শ্ৰীমতী এনিছ জোচেফ চন্দ্ৰাও উপস্থিত থাকে৷

 

*****

DB/BM



(Release ID: 1969385) Visitor Counter : 67