প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ জনসাধাৰণে এই কঠিন সময়ত ইজৰাইলৰ সৈতে দৃঢ়ভাবে থিয় দিছেঃ প্ৰধানমন্ত্ৰী

Posted On: 10 OCT 2023 4:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক তেওঁৰ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত অৱগত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।  

 

সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কঠিন সময়ত ইজৰাইলৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে Xৰ জৰিয়তে দিয়া এটা পোষ্টত প্ৰকাশ কৰে-

 

“মই প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক তেওঁৰ ফোন কলৰ বাবে তথা দেশখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণ ইজৰাইলৰ সৈতে দৃঢ়ভাবে থিয় দিছে। ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদক দ্ব্যৰ্থহীন তথা শক্তিশালীভাবে গৰিহণা দিয়ে।"

 

I thank Prime Minister @netanyahu for his phone call and providing an update on the ongoing situation. People of India stand firmly with Israel in this difficult hour. India strongly and unequivocally condemns terrorism in all its forms and manifestations.

— Narendra Modi (@narendramodi) October 10, 2023

 

**********

DS/RT/SKG/BM



(Release ID: 1966294) Visitor Counter : 78