ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

ডিজিটেল ইণ্ডিয়াৰ অধীনত এনইজিডিৰ দ্বাৰা ৰাজ্য়িক সামৰ্থ্য নিৰ্মাণ কৰ্মশালাৰ আৰম্ভণি

प्रविष्टि तिथि: 10 OCT 2023 11:02AM by PIB Guwahati

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ ৰাষ্ট্ৰীয় ই-শাসন বিভাগে বিভাগীয় জ্ঞান (নোলেজ পাৰ্টনাৰ) অংশীদাৰৰ সহযোগত নিজৰ সামৰ্থ্য বিকাশ আঁচনিৰ অধীনত ৰাজ্যিক সামৰ্থ্য বিকাশ কৰ্মশালা আৰম্ভ কৰিছে। এই কৰ্মশালাসমূহৰ লক্ষ্য হৈছে সেৱা প্ৰদানৰ উন্নতিৰ ক্ষেত্ৰত উদীয়মান প্ৰযুক্তিসমূহৰ সম্ভাৱনাক সহজ কৰা আৰু নতুন ডিজিটেল পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ নীতি আৰু কৌশলসমূহৰ বিকাশ সাধন কৰা।

২০২৩ বৰ্ষটোত ৯-১২ অক্টোবৰলৈ মহাৰাষ্ট্ৰত চৰকাৰৰ বিভিন্ন বিভাগৰ ২৮ জনতকৈ অধিক বিষয়াই অংশগ্ৰহণ কৰা প্ৰথমখন কৰ্মশালা অনুষ্ঠিত হৈছে। এই চাৰিদিনীয়া গাঢ় প্ৰশিক্ষণ শিবিৰত নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ আৰু ৰূপায়ণৰ ক্ষেত্ৰত ধাৰাবাহিকতা বজাই ৰাখিবলৈ নীতি নিৰ্ধাৰক ৰাজহুৱা বিষয়াসকলৰ অধীনত কাম কৰা দলটোক পৰিচিত কৰি দিয়াৰ পদক্ষেপ সম্পৰ্কত প্ৰশিক্ষণ দিয়া হৈছে।

এই প্ৰশিক্ষণ শিবিৰ এনইজিডিৰ জ্য়েষ্ঠ বিষয়াসকল তথা আই-টিৰ নিৰ্দেশক আৰু ৱাধৱানী ইনষ্টিটিউড অফ টেকন’ল’জী এণ্ড পলিচিৰ (ডাব্লিউআটিপি) নিমা আৰোৰাই উদ্বোধন কৰে।

চৰকাৰী জ্যেষ্ঠ বিষয়াসকলে উদীয়মান প্ৰযুক্তিসমূহৰ ভিতৰত কোনটোৱে তেওঁলোকৰ বিভাগৰ বাবে থকা প্ৰয়োজনীয়তাসমূহৰ সঠিক সমাধান ৰূপায়ণ কৰাত সহায় কৰিব সেই বিষয়টো সন্দৰ্ভত নিৰ্ণায়ক ভূমিকা লোৱাৰ ক্ষেত্ৰত উদ্বোধনী অনুষ্ঠানত ধাৰাবাহিক অধিবেশন হয়।

কৰ্মশালাখনে উদ্যোগ আৰু চৰকাৰী বিশেষজ্ঞৰ এক শৃংখলক একত্ৰিত কৰি বাস্তৱ জীৱনৰ কেতবোৰ তথ্য়ৰ ভিত্তিত আলোচনাৰ অধিৱেশন, সঁজুলিৰ প্ৰদৰ্শন আৰু ধাৰণাসমূহক বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ দৃষ্টিভংগীৰ বাবে একত্ৰিত কৰিছে।

২০২৩ চনৰ আগষ্ট মাহত আৰম্ভ হোৱা এই কৰ্মশালাসমূহ চৰকাৰ আৰু উদ্যোগ কনচৰ্টিয়ামৰ মাজত অংশীদাৰিত্বৰ জৰিয়তে চৰকাৰে যাতে নতুন প্ৰযুক্তি সূচাৰুৰূপে ৰূপায়ন কৰি ৰাজহুৱা সেৱা উন্নত কৰা, শাসন ব্যৱস্থা শক্তিশালী কৰা আৰু উন্নত সিদ্ধান্ত ল’ব পাৰে তাৰ ওপৰত গুৰুত্ব দিছে। আগন্তুক কৰ্মশালাবোৰ কেৰালা, লাডাখ, তেলেংগানা আদিত অনুষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে।

**********

DK/DK/SKG/BM


(रिलीज़ आईडी: 1966257) आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Tamil , Telugu