কেবিনেট সচিবালয়
ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিয়ে ছিকিমৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰে
Posted On:
09 OCT 2023 4:05PM by PIB Guwahati
আজি কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিয়ে (এনচিএমচি) বৈঠকত মিলিত হয় আৰু ছিকিমৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰে।
ছিকিমৰ মুখ্য সচিবে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বৈঠকত যোগদান কৰে। তেওঁ জনায় যে বেছিভাগ অঞ্চলতে পথ সংযোগ স্থাপন কৰা হৈছে। তেওঁ লগতে জনায় যে বতৰৰ পৰিস্থিতি উন্নত হোৱাৰ ফলস্বৰূপে, আৱদ্ধ লোকসকলক স্থানান্তৰ আৰু বিমানেৰে উদ্ধাৰ আৰম্ভ কৰা সম্ভৱ হৈছে। আজি পুৱা ৮০ জন লোকক স্থানান্তৰ কৰা হৈছে। তেওঁ লগতে সমিতিখনক সাহায্য আৰু উদ্ধাৰ ব্যৱস্থাৰ বিষয়ে অৱগত কৰে আৰু কয় যে ২৮ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে আৰু ৬,৮০০ তকৈও অধিক লোকে সেই শিবিৰসমূহত আশ্ৰয় লৈছে। তদুপৰি ক্ষতিগ্ৰস্ত অঞ্চলতসমূহত খাদ্য সামগ্ৰী, ঔষধ আৰু এলপিজিকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে।
ডিজি, আইএমডিয়ে সমিতিক অৱগত কৰে যে পূৰ্বানুমান অনুসৰি ১১ ৰ পৰা ১৩ অক্টোবৰলৈ বতৰ অনুকূল হৈ থকাৰ সম্ভাৱনা আছে। এনডিআৰএফৰ ডিজিয়ে সমিতিক অৱগত কৰে যে ৰাজ্যখনত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৬ টা দল মোতায়েন কৰা হৈছে। লগতে শিলিগুৰিত এনডিআৰএফৰ ৩ টা সংৰক্ষিত দল সাজু কৰি ৰখা হৈছে। ৰাজ্যখনক উদ্ধাৰ আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত সহায় কৰিবলৈ পৰ্যাপ্ত সংখ্যক সেনা আৰু বায়ু সেনাৰ দল মোতায়েন কৰা হৈছে।
গৃহ সচিবে কয় যে কেন্দ্ৰীয় চৰকাৰে এই পৰিস্থিতিৰ ওপৰত সৰ্বোচ্চ পৰ্যায়ত ২৪ ঘণ্টাই নিৰীক্ষণ কৰি আছে। তেওঁ সমিতিক জনায় যে পৰিস্থিতিৰ বুজ ল'বলৈ আন্তঃমন্ত্ৰালয় সমন্বয় দল (আইএমচিটি) ছিকিমত উপস্থিত হৈছে। প্ৰয়োজনীয় অতিৰিক্ত কেন্দ্ৰীয় সাহায্য ছিকিম চৰকাৰলৈ মুকলি কৰি দিয়া হৈছে।
কেন্দ্ৰীয় সংস্থা আৰু ছিকিম চৰকাৰৰ সাহায্য আৰু উদ্ধাৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰি কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাই গুৰুত্ব আৰোপ কৰে যে অতি কম সময়ৰ ভিতৰত লোকসকলক স্থানান্তৰ কৰাটো ছিকিম চৰকাৰ আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ বাবে অগ্ৰাধিকাৰ হ'ব লাগে। যিসমূহ অঞ্চলত যোগাযোগৰ বাবে থকা দলং ভাঙিছে বা জাহ গৈছে, সেই লোকসকলৰ বাবে পথ সংযোগ পুনৰুদ্ধাৰ কৰিবলৈ অগ্ৰাধিকাৰ ভিত্তিত বেইলী দলং মুকলি কৰিব লাগে। কেবিনেট সচিবে আশ্বাস দিয়ে যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বাবে সকলো সম্ভৱপৰ সমৰ্থন আৰু সহায় আগবঢ়াব।
আজিৰ এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব, ছিকিমৰ মুখ্য সচিব, পথ পৰিবহণ আৰু ঘাইপথৰ সচিব, ডি/অ' সামৰিক পৰিক্ৰমা সচিব, এনডিএমএৰ সদস্য সচিব, চিআইএছচি আইডিএছ, ডিজি এনডিআৰএফ, ডিজিএমঅ', ডিজি আইএমডি, ডিডিজি বিআৰঅ', গৃহ মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
************
RK/AY/ASH/AKS/AS
(Release ID: 1966004)
Visitor Counter : 110