গৃহ মন্ত্ৰালয়

ছিকিম ভ্ৰমণৰ দ্বিতীয় দিনা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় কুমাৰ মিশ্ৰই ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙৰ সৈতে এখনি উচ্চ-স্তৰীয় বৈঠকত মিলিত হয়

সম্পদৰ সমন্বয়, সাহায্য অভিযান তথা উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰি তুলিবলৈ সহায় সন্দৰ্ভত আলোচনা

শ্ৰী অজয় কুমাৰ মিশ্ৰই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰখনৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে ক্ষীপ্ৰ আৰু ফলপ্ৰসূ স্থিতাৱস্থা সুনিশ্চিতকৰণৰ অংগীকাৰৰ কথা দোহাৰে

ছিকিমৰ মুখ্যমন্ত্ৰীয়ে ভাৰত চৰকাৰক ক্ষীপ্ৰতাৰে সঁহাৰি জনোৱাৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান হাতত লোৱাৰ কথা ব্যক্ত কৰে

Posted On: 08 OCT 2023 7:57PM by PIB Guwahati

ছিকিম ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ আজি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় কুমাৰ মিশ্ৰই ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙৰ সৈতে এখনি উচ্চ-স্তৰীয় বৈঠকত মিলিত হয়।

এই বৈঠকত মূলতঃ ৰাজ্যখনক প্ৰভাৱিত কৰা শেহতীয়া বান পৰিস্থিতিৰ পিছত হাতত লোৱা উদ্ধাৰ অভিযান সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াত দুয়োগৰাকী মন্ত্ৰীয়ে সাম্প্ৰতিক পৰিস্থিতিৰে মোকাবিলাকৰণৰ অৰ্থে তাৎক্ষণিক আৰু দীৰ্ঘ্যম্যাদী কৌশল সন্দৰ্ভত বিস্তৃতভাৱে পৰ্য্যালোচনা কৰে। উক্ত বৈঠকত সম্পদৰ সমন্বয়, সাহায্য অভিযান তথা উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰি তুলিবলৈ সহায় আগবঢ়োৱাত গুৰুত্ব আৰোপ কৰা হয়।

                                                                      

ইয়াত গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় কুমাৰ মিশ্ৰই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰখনৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে ক্ষীপ্ৰ আৰু ফলপ্ৰসূ স্থিতাৱস্থা সুনিশ্চিতকৰণৰ অংগীকাৰৰ কথা দোহাৰে। ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙে ভাৰত চৰকাৰক ক্ষীপ্ৰতাৰে সঁহাৰি জনোৱাৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে লগলাগি ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান হাতত লোৱাৰ কথা ব্যক্ত কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে পুনৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ নিৰলসভাৱে কাম কৰাৰ লগতে শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য আগবঢ়োৱাৰ সংকল্প পুনৰবাৰ ব্যক্ত কৰে।

                                                                     

আজি গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় কুমাৰ মিশ্ৰই মংগন জিলাৰ নগাৰ দুৰ্য্যোগে প্ৰভাৱিত কৰা অঞ্চলসমূহ পৰিদৰ্শনো কৰে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য আৰু সহায়ৰ আশ্বাস প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে এই পৰিস্থিতি নিৰন্তৰভাৱে নিৰীক্ষণ কৰি আছে বুলি জনায়। শ্ৰী মিশ্ৰই বিচ্ছিন্ন অঞ্চলসমূহত আবদ্ধ লোকসকলক উদ্ধাৰ কৰা আৰু তেওঁলোকলৈ সাহায্য আগবঢ়োৱাৰ প্ৰচেষ্টাক অগ্ৰাধিকাৰ প্ৰদানৰ জৰুৰী প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

                                                                      

ভাৰত তিব্বত সীমান্ত আৰক্ষীয়ে (ITBP) আজি মংগন জিলাৰ তিস্তা জলবিদ্যুৎ প্ৰকল্পৰ সমীপস্থ চুংথাম চহৰত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এটা সুৰংগৰপৰা এটা মৃতদেহ উদ্ধাৰ কৰে বাহিনীটোৱে। ৰাইজৰ আহ-যাহৰ বাবে তিস্তা নদীৰ ওপৰত এখন লগ ব্ৰীজ নিৰ্মাণ কৰা হয়। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (NDRF) দুটা দলে পাকয়ং জিলাৰ ৰংপো আৰু গেংটকৰ চিংটামত পৃথকে-পৃথকে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে, এনডিআৰএফৰ আৰু দুটা দল চুংথামত উপস্থিত হৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই আছে। 

 

*****

SB/SS



(Release ID: 1965822) Visitor Counter : 95