প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১০০ পদক-এছিয়ান গেমছত ভাৰতৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব: প্ৰধানমন্ত্ৰী
১০ অক্টোবৰত এছিয়ান গেমছৰ প্ৰতিযোগীসকলক অভ্যৰ্থনা জনাব আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
07 OCT 2023 8:27AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এছিয়ান গেমছত আমাৰ খেলুৱৈসকলে ১০০টা পদকৰ মাইলৰ খুঁটি অতিক্ৰম কৰাটোৱে দেশবাসীক ৰোমাঞ্চিত কৰি তুলিছে।
১০ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে প্ৰতিযোগীসকলক অভ্যৰ্থনা জনোৱাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“এছিয়ান গেমছত ভাৰতৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব!
১০০টা পদকৰ মাইলৰ খুঁটি অতিক্ৰম কৰাটোৱে ভাৰতৰ জনসাধাৰণক ৰোমাঞ্চিত কৰি তুলিছে৷
আমাৰ অসাধাৰণ খেলুৱৈসকললৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো, যিসকলৰ প্ৰচেষ্টাই ভাৰতক এই ঐতিহাসিক মাইলৰ খুঁটিত উপনীত কৰিছে৷
প্ৰতিটো বিষ্ময়কৰ প্ৰদৰ্শনে ইতিহাস ৰচনা কৰি আমাৰ অন্তৰ গৌৰৱেৰে ভৰাই তুলিছে।
১০ অক্টোবৰত আমাৰ এছিয়ান গেমছৰ প্ৰতিযোগীসকলক অভ্যৰ্থনা জনাবলৈ আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰিবলৈ মই আগ্ৰহী হৈ আছো।”
***
DS/DB
(ৰিলিজ আই ডি : 1965622)
অতিথি কক্ষ : 130
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Marathi
,
Punjabi
,
Gujarati
,
Tamil
,
Malayalam
,
Odia
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Telugu