প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দিল্লী কেণ্টমেণ্টৰ সেনা চিকিৎসালয় (আৰ এণ্ড আৰ), দিল্লী কেণ্টমেণ্টৰ কাণ, নাক আৰু ডিঙি (ইএনটি) বিভাগে বিগত ১৮ মাহত একেলগে ৫০জন ৰোগীৰ দুয়োখন কাণত শ্ৰৱণ যন্ত্ৰ সংস্থাপন কৰি লাভ কৰা কৃতিত্বৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 05 OCT 2023 11:04AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী কেণ্টমেণ্টৰ সেনা চিকিৎসালয় (আৰ এণ্ড আৰ)ৰ কাণ, নাক আৰু ডিঙি (ইএনটি) বিভাগে বিগত ১৮ মাহত একেলগে ৫০জন ৰোগীৰ দুয়োখন কাণত শ্ৰৱণ যন্ত্ৰ সংস্থাপন কৰি লাভ কৰা কৃতিত্বৰ প্ৰশংসা কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত প্ৰেছ ইনফৰমেচন ব্যুৰোৰ এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;

“দুয়োখন কাণত শ্ৰৱণ যন্ত্ৰ সংস্থাপনৰ ক্ষেত্ৰত এক ডাঙৰ কৃতিত্ব অৰ্জনৰ বাবে অভিনন্দন। এই ধৰণৰ নিষ্ঠা আৰু বিশেষজ্ঞতাই বহুতৰে উজ্জ্বল আৰু সুস্থ ভৱিষ্যত নিশ্চিত কৰে। এই কৃতিত্বই আমাৰ চিকিৎসা পেছাদাৰীসকলৰ প্ৰতিশ্ৰুতিৰ বিষয়েও বহু কথাই কয়।”

 

Compliments for setting a great benchmark in cochlear implants. Such dedication and expertise ensure a brighter and healthier future for many. This accomplishment also speaks volumes about our medical professionals' commitment. https://t.co/NPdW800vSc

— Narendra Modi (@narendramodi) October 5, 2023

 

***

DS/TS/MK/BM



(Release ID: 1964655) Visitor Counter : 84