কেবিনেট সচিবালয়

ছিকিমক পৰিস্থিতি পৰ্যালোচনাৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতি(এনচিএমচি)ৰ

Posted On: 04 OCT 2023 7:52PM by PIB Guwahati

কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাৰ অধ্যক্ষতাত ছিকিমক পৰিস্থিতি পৰ্যালোচনাৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতি(এনচিএমচি)ৰ এখন বৈঠক অনুষ্ঠিত হয়৷

ছিকিমৰ মুখ্য সচিবে ভিডিঅ’ কনফাৰেন্সিংযোগে বৈঠকত যোগদান কৰি ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে৷ তেওঁ লগতে সমিতিক ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহাৰ্য আৰু উদ্ধাৰ অভিযানৰ সন্দৰ্ভত চমুকৈ সদৰি কৰে৷ গৃহ সচিবে সমিতিক জনায় যে কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ পৰ্যায়ত ২৪ ঘণ্টাই পৰিস্থিতি নিৰীক্ষণ কৰি আছে৷ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ দুয়োটা নিয়ন্ত্ৰণ কক্ষই পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হৈছে।

 

ইতিমধ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীয়ে তিনিটা দল মোতায়েন কৰিছে আৰু অতিৰিক্ত দল গুৱাহাটী আৰু পাটনাত ৰখা আছে। উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ প্ৰচেষ্টাত ৰাজ্যখনক সহায় কৰিবলৈ সেনা আৰু বায়ুসেনাৰ পৰ্যাপ্ত সংখ্যক দল নিয়োগ কৰাৰ লগতে সঁজুলি ব্যৱহাৰ কৰা হৈছে।

 

কেন্দ্ৰীয় সংস্থা আৰু ছিকিম চৰকাৰৰ সাহায্য আৰু উদ্ধাৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰি কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাই সজোৰে কয় যে চুংথাং বান্ধৰ সুৰংগত আবদ্ধ হৈ থকা লোক আৰু পৰ্যটকক উদ্ধাৰৰ কাম অগ্ৰাধিকাৰ ভিত্তিত লোৱা হ’ব পাৰে। তেওঁ লগতে এনডিআৰএফৰ অতিৰিক্ত দল নিয়োগ আৰু কম সময়ৰ ভিতৰতে পথ, দূৰসংযোগ আৰু বিদ্যুৎ সংযোগ পুনৰ স্বাভাৱিক হ’ব বুলি পৰ্যালোচনা আগবঢ়ায়।

 

কেবিনেট সচিবগৰাকীয়ে ছিকিম চৰকাৰক সকলো কেন্দ্ৰীয় সংস্থা সাজু আৰু সহায়ৰ বাবে উপলব্ধ হ’ব বুলি আশ্বাস দিয়ে।

বৈঠকত কেন্দ্ৰীয় গৃহ সচিব, ছিকিমৰ মুখ্য সচিব, শক্তি মন্ত্ৰালয়ৰ সচিব, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সচিব, সামৰিক পৰিক্ৰমা বিভাগৰ, সচিব; দূৰসংযোগ বিভাগৰ, সচিব,  জলসম্পদ বিভাগৰ সচিব, আৰডি আৰু জিআৰ, সদস্য সচিব, এনডিএমএ, চিআইএছচি আইডিএছ, ডিজি, আইএমডি, ডিজি, এনডিআৰএফ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷

*****

RK /ASH / AKS / RR/ AS/DB/BM



(Release ID: 1964529) Visitor Counter : 83