প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছিকিমৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

ছিকিমৰ কিছু অংশত হোৱা দুৰ্ভাগ্যজনক প্ৰাকৃতিক দুৰ্যোগৰ পিছত পৰিস্থিতিৰ বুজ লয়

Posted On: 04 OCT 2023 3:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙৰ সৈতে কথা পাতি ছিকিমৰ কিছু অংশত সংঘটিত হোৱা দুৰ্ভাগ্যজনক প্ৰাকৃতিক দুৰ্যোগৰ বুজ লয়। এই পৰিস্থিতিত তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক সকলো ধৰণৰ সহায় সহযোগিতাৰো আশ্বাস দিছে।

শ্ৰী মোদীয়ে ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষা আৰু মংগলৰ বাবেও প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰত কয়, “‘চিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী @PSTAmangGolayৰ সৈতে কথা পাতি ৰাজ্যৰ কিছু অংশত হোৱা দুৰ্ভাগ্যজনক প্ৰাকৃতিক দুৰ্যোগৰ বুজ ল’লোঁ। এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁক সকলো সম্ভাৱ্য সমৰ্থনৰ আশ্বাস দিছো। লগতে ক্ষতিগ্ৰস্ত সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰোঁ।””

 

Spoke to Sikkim CM Shri @PSTamangGolay and took stock of the situation in the wake of the unfortunate natural calamity in parts of the state. Assured all possible support in addressing the challenge. I pray for the safety and well-being of all those affected.

— Narendra Modi (@narendramodi) October 4, 2023

 

***

DS/ST/MS/BM



(Release ID: 1964315) Visitor Counter : 95