প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত ৭১টা পদক জয়ৰ বাবে খেলুৱৈসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 04 OCT 2023 12:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত ৭১টা পদক জয়ৰ বাবে খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এয়া ভাৰতৰ সৰ্বোত্তম পদক তালিকা আখ্যা দিয়ে৷

তেওঁ এই পদক তালিকাক খেলুৱৈসকলৰ অতুলনীয় নিষ্ঠা, দৃঢ়তা আৰু খেলুৱৈসুলভ মনোভাৱৰ প্ৰমাণ বুলি অভিহিত কৰে। 

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“এছিয়ান গেমছত পূৰ্বতকৈ অধিক উজ্জ্বলি উঠিছে ভাৰত!

এই ৭১টা পদকেৰে, আমি সৰ্বোত্তম পদক তালিকা উদযাপন কৰিছো, এয়া আমাৰ খেলুৱৈসকলৰ অতুলনীয় নিষ্ঠা, দৃঢ়তা আৰু খেলুৱৈসুলভ মনোভাৱৰ প্ৰমাণ৷

প্ৰতিটো পদকে কঠোৰ পৰিশ্ৰম আৰু আবেগৰ জীৱন যাত্ৰাক আলোকপাত কৰিছে৷

সমগ্ৰ দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আমাৰ খেলুৱৈসকলক বহুত বহুত অভিনন্দন৷”

 

India shines brighter than ever before at the Asian Games!

With 71 medals, we are celebrating our best-ever medal tally, a testament to the unparalleled dedication, grit and sporting spirit of our athletes.

Every medal highlights a life journey of hard work and passion.

A… pic.twitter.com/lkLaRvm8pn

— Narendra Modi (@narendramodi) October 4, 2023

 

***

DS/RT/DB/BM


(Release ID: 1964092) Visitor Counter : 94