প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

স্বচ্ছ ভাৰত অভিযানৰ (গ্ৰামীণ) দ্বিতীয় পৰ্যায়ৰ অধীনত উত্তৰ প্ৰদেশৰ সকলো গাঁৱৰ বাবে অ’ডিএফ প্লাছৰ মৰ্যাদাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 29 SEP 2023 10:11AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযানৰ(গ্ৰামীণ)দ্বিতীয় পৰ্যায়ৰ অধীনত উত্তৰ প্ৰদেশৰ এশ শতাংশ গাঁৱত অৰ্জন কৰা অ'ডিএফ (মুকলি শৌচ মুক্ত) প্লাছ মৰ্যাদাৰ প্ৰশংসা কৰে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথৰ এক্স সন্দৰ্ভত কৰা এটা পোষ্টৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়, ‘বহুত বহুত ধন্যবাদ!বাপুৰ জয়ন্তীৰ ঠিক আগতে উত্তৰ প্ৰদেশৰ এই অভূতপূৰ্ব সাফল্যই সমগ্ৰ দেশক অনুপ্ৰাণিত কৰিব। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আমাৰ নিৰন্তৰ প্ৰচেষ্টা নাৰী শক্তিক সন্মানৰ লগতে আমাৰ পৰিয়ালৰ সকলো সদস্যৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ।’


(रिलीज़ आईडी: 1961952) आगंतुक पटल : 150
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam