তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণী দাহোদ এফএম ৰিলে ষ্টেচন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে



১০ কিলোৱাট এফএম ষ্টেচনে গুজৰাট আৰু মধ্য প্ৰদেশৰ ২৫ লাখ বাসিন্দাক সেৱা প্ৰদান কৰিব

Posted On: 27 SEP 2023 6:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটত আকাশবাণী দাহোদ এফএম ৰিলে ষ্টেচন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যখনৰ বোডেলীৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আন আন প্ৰকল্পৰ লগতে ভাৰ্চুৱেল মাধ্যমেৰে ১০ কিলোৱাট এফএম ৰিলে ষ্টেচনৰো আধাৰশিলা স্থাপন কৰে।

আনুমানিক ১১ কোটি টকা ব্যয়েৰে স্থাপন হ'বলগীয়া ষ্টেচনটোৱে প্ৰায় ৫৫ কিলোমিটাৰ ব্যাসাৰ্ধ আগুৰি লোৱাৰ লগতে দাহোদৰ জনজাতীয় জিলাখনৰ প্ৰায় ৭৫ শতাংশ অঞ্চল সামৰি ল'ব। ইয়াৰোপৰি, এই ট্ৰান্সমিটাৰে আলিৰাজপুৰ আৰু ঝাবুৱাকে ধৰি মধ্য প্ৰদেশৰ চুবুৰীয়া জনজাতীয় জিলাসমূহকো আংশিকভাৱে সামৰি ল'ব।

দাহোদ ষ্টেচনৰ শুভাৰম্ভণিয়ে গুজৰাট আৰু মধ্য প্ৰদেশৰ ২৫ লাখতকৈও অধিক বাসিন্দাক উচ্চ মানদণ্ডৰ এফএম সম্প্ৰচাৰৰ সুবিধা প্ৰদান কৰিব। ইয়াৰোপৰি, এই সেৱাই কেৱল অঞ্চলটোৰ সাংস্কৃতিক আৰু জ্ঞান বৃদ্ধি কৰাই নহয়, সংশ্লিষ্ট সম্প্ৰদায়সমূহক উন্নত যোগাযোগ আৰু সংযোগ প্ৰদান কৰিব।

৩৯ কোটিতকৈ অধিক ব্যয়েৰে প্ৰসাৰ ভাৰতীয়ে ভুজ, ভাবনগৰ, দ্বাৰকা, ৰাধণপুৰ আৰু দেশাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত এফএম ট্ৰান্সমিটাৰ স্থাপনৰ কাম কৰি আছে। 

এই প্ৰকল্পসমূহৰ পুঁজি, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত আৰু তথ্য সম্প্ৰচাৰ আন্তঃগাঁথনি নেটৱৰ্ক উন্নয়ন আঁচনিৰ অংশ। প্ৰকল্পসমূহ আৰম্ভ হোৱাৰ  পিছত, ৰাজ্যখনত এফএম কভাৰেজ প্ৰায় ৬৫ শতাংশ এলেকালৈ বৃদ্ধি হ'ব।

ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯১ টা ১০০ ৱাটৰ এফএম ট্ৰান্সমিটাৰ উদ্বোধন কৰে। আকাশবাণীয়ে প্ৰকাশ কৰা অনুসৰি, বৰ্তমানলৈকে ভাৰতত মুঠ ৬১৩ টা কাৰ্যকৰী এফএম ট্ৰান্সমিটাৰ আছে যি দেশৰ প্ৰায় ৫৯.২ শতাংশ এলেকাত এফএম সেৱা প্ৰদান কৰে আৰু প্ৰায় ৭৩.৫ শতাংশ জনসংখ্যাক সেৱা আগবঢ়ায়। ইয়াৰ উপৰিও, মিডিয়াম ৱেভত কাম কৰা আকাশবাণী এএম নেটৱৰ্কে ইতিমধ্যে দেশৰ ৮৮ শতাংশ অঞ্চল আৰু জনসংখ্যাৰ ৯৫ শতাংশ সামৰি লৈছে।

আকাশবাণী এফএম-এ সমগ্ৰ দেশৰ লাখ লাখ শ্ৰোতাক উচ্চ মানদণ্ডৰ আৰু বিবিধ বিষয়বস্তু প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এক সমৃদ্ধ ইতিহাস আৰু দূৰদৰ্শী দৃষ্টিভংগীৰ সৈতে আকাশবাণীৰ এফএম মনোৰঞ্জন, তথ্য আৰু সাংস্কৃতিক সমৃদ্ধিৰ এক নিৰ্ভৰযোগ্য উৎস হৈ আছে।

*****

BM/AR



(Release ID: 1961530) Visitor Counter : 110