প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰোজগাৰ মেলাৰ অধীনত ২৬ ছেপ্টেম্বৰত বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নৱনিযুক্ত প্ৰায় ৫১ হেজাৰ প্ৰাৰ্থীলৈ প্ৰধানমন্ত্ৰীৰ নিযুক্তিপত্ৰ বিতৰণ
নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে ৰোজগাৰ মেলা হৈছে এটা পদক্ষেপ
কৰ্মযোগী প্ৰাৰম্ভ অনলাইন মডিউলৰ জৰিয়তে নৱনিযুক্ত প্ৰাৰ্থী সকলে প্ৰশিক্ষণ লাভ কৰিব
प्रविष्टि तिथि:
25 SEP 2023 2:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৬ ছেপ্টেম্বৰত দিনৰ চাৰে দহ বজাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰায় ৫১ হাজাৰ নৱনিযুক্ত প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ বিতৰণ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰী গৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থী সকলক সম্বোধনো কৰিব।
দেশজুৰি ৪৬ টা স্থানত ৰোজগাৰ মেলা অনুষ্ঠিত হ'ব। এই পদক্ষেপৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় বিভাগসমূহৰ লগতে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰ শাসিত অঞ্চলসমূহতো এই নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ নৱ নিযুক্ত প্ৰাৰ্থীসকলে অন্যান্য বিভাগসমূহৰ লগতে ডাক বিভাগ, ভাৰতীয় হিচাব পৰীক্ষা আৰু গণনা বিভাগ, পাৰমাণৱিক শক্তি বিভাগ, ৰাজহ বিভাগ, উচ্চ শিক্ষা বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়কে ধৰি বিভিন্ন মন্ত্ৰালয় তথা বিভাগত যোগদান কৰিব।
নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে ৰোজগাৰ মেলা হৈছে এটা পদক্ষেপ। এই ৰোজগাৰ মেলাই অধিক নিয়োগ সৃষ্টিত অৰিহণা যোগোৱাৰ লগতে যুৱচামক সবলীকৰণ তথা ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ অৰ্থপূৰ্ণ সুযোগ দিব বুলি আশা কৰা হৈছে।
নৱনিযুক্ত প্ৰাৰ্থীসকলে iGOT কৰ্মযোগী প'ৰ্টেলত থকা কৰ্মযোগী প্ৰাৰম্ভ শীৰ্ষক অনলাইন মডিউলৰ জৰিয়তে নিজকে প্ৰশিক্ষিত কৰাৰ সুযোগো লাভ কৰিব । এই ব্যৱস্থাত 'যিকোনো আহিলাৰ জৰিয়তে যিকোনো স্থানৰ পৰা' শৈলীৰ দ্বাৰা ৬৮০ টাতকৈও অধিক ই লাৰ্নিঙৰ পাঠ্যক্ৰম উপলব্ধ কৰা হৈছে।
**********
DS/SK
(रिलीज़ आईडी: 1960546)
आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam