প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্মদিন উপলক্ষে শুভেচ্ছা জনোৱা প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

Posted On: 17 SEP 2023 10:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ জন্মদিন উপলক্ষে শুভেচ্ছা জনোৱা প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ লগতে দেশ তথা বিশ্বজুৰি লাভ কৰা অগণিত শুভেচ্ছাত অভিভূত হৈ পৰে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“সমগ্ৰ ভাৰত তথা বিশ্বজুৰি লাভ কৰা অগণিত শুভেচ্ছাৰ বাবে অভিভূত হৈ পৰিছো৷ যিসকলে শুভেচ্ছা জনাইছে, তেওঁলোক সকলোকে ধন্যবাদ জনাইছো৷

এই দিনটোত বহুলোকে নিস্বাৰ্থ সামাজিক কামত লিপ্ত হোৱা দেখি আপ্লুত হৈছো। প্ৰতিটো কামেই বিশেষ আৰু আমাৰ সামূহিক মনোভাৱক শক্তিশালী কৰে৷”

***



(Release ID: 1958664) Visitor Counter : 107