মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহৰ প্ৰথম ১২ দিনত সমগ্ৰ দেশৰ জন আন্দোলন ডেশ্বব’ৰ্ডত ৬ কোটিৰো অধিক কাৰ্যকলাপ পঞ্জীয়ন কৰা হৈছে

'একচেটিয়া স্তনপান আৰু পৰিপূৰক খাদ্য' বিষয়বস্তুৰ ওপৰত ১ কোটিতকৈও অধিক কাৰ্যকলাপ প্ৰতিবেদিত হৈছে

তৃণমূল পৰ্যায়ৰ পুষ্টিৰ ফলাফল উন্নত কৰিবলৈ আৰু আচৰণগত পৰিৱৰ্তনক উৎসাহিত কৰিবলৈ বিভিন্ন অংশীদাৰসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে

Posted On: 16 SEP 2023 3:02PM by PIB Guwahati

২০১৮ চনৰ মাৰ্চ মাহত পোষণ অভিযান আৰম্ভ হোৱাৰ পিছত, দেশজুৰি প্ৰথমবাৰৰ বাবে পুষ্টিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জন আন্দোলন আৰম্ভ কৰা হৈছে।পোষণ অভিযানৰ অধীনত এই বাৰ্ষিক জন আন্দোলনসমূহ তৃণমূল পৰ্যায়লৈকে প্ৰসাৰিত আৰু অত্যাৱশ্যকীয় পুষ্টিকৰ খাদ্য খোৱাৰ ক্ষেত্ৰত আচৰণগত পৰিৱৰ্তন প্ৰচাৰৰ বাবে অতি গুৰুত্ব সহকাৰে আয়োজন হৈছে।নিৰ্দিষ্ট হিতাধিকাৰী, যেনে গৰ্ভৱতী মহিলা, স্তনপান কৰোৱা মাতৃ, কিশোৰী আৰু  বছৰ বয়সলৈকে শিশুক লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছে এই আন্দোলন।

জন আন্দোলন বছৰত দুবাৰকৈ উদযাপন কৰা হয়, ছেপ্টেম্বৰত পোষণ মাহ আৰু মাৰ্চ-এপ্ৰিলত পোষণ পখৱাড়াৰ সময়ত। শেহতীয়াকৈ ১০ টা জন আন্দোলন সফলতাৰে উদযাপন কৰা হৈছে (প্ৰতিটো মাহ আৰু পখৱাড়াৰ বাবে  টা) লগতে ৬০ কোটিতকৈও অধিক সংবেদনশীলতা কাৰ্যকলাপ ৰেকৰ্ড কৰা হৈছে। এইসমূহে ২০১৮ চনৰ পৰা সমগ্ৰ দেশতে বৰ্ধিত আৰু নিৰন্তৰ অংশগ্ৰহণৰ তথ্য প্ৰদৰ্শন কৰিছে

 

#RashtriyaPoshanMaah2023 which is a Jan Andolan to improve nutritional outcomes across the country has recorded more than 9 crores sensitization activities under various themes within first 13 days of month-long campaign#sahiposhandeshroshan #AmritMahotsav #SpecialCampaign3.0 pic.twitter.com/7a4WPuSHbO

— Ministry of WCD (@MinistryWCD) September 14, 2023

 

 

अब बच्चे भी जानते हैं क्या है Healthy और Unhealthy!
पूरे भारत में #राष्ट्रीयपोषणमाह2023 के अंतर्गत आयोजित गतिविधियाों के बीच एक वीडियो ने सभी का ध्यान आकर्षित किया, खेल-खेल में कैसे बच्चे जान रहे हैं कि कौन सा भोजन सही है कौन सा हानिकारक।#sahiposhandeshroshan #SpecialCampaign3.0 pic.twitter.com/PZXkfnns16

— Ministry of WCD (@MinistryWCD) September 15, 2023

 

বৰ্তমান, দেশে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত আয়োজিত ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰি আছে। এই অনুষ্ঠান সৰ্বাধিক প্ৰসাৰৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ মন্ত্ৰালয় আৰু বিভাগৰ সৈতে সহযোগিতাৰে শক্তি প্ৰদৰ্শন কৰিছে। এই উদযাপনৰ প্ৰথম ১২ দিনত, সমগ্ৰ দেশৰ জন আন্দোলন ডেশ্বব'ৰ্ডত  কোটিৰো অধিক কাৰ্যকলাপ পঞ্জীয়ন হৈছে।

এই মাহজোৰা অনুষ্ঠানত, বিভিন্ন অংশীদাৰসকলে তৃণমূল পৰ্যায়ৰ পুষ্টিৰ ফলাফল উন্নত কৰিবলৈ আৰু আচৰণগত পৰিৱৰ্তনক উৎসাহিত কৰিবলৈ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে। গ্ৰামোন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু পঞ্চায়তী ৰাজৰ দৰে মন্ত্ৰালয়ে কাম কৰাৰ লগতে গ্ৰামোন্নয়ন মন্ত্ৰালয়ে অকলেই কাম কৰি ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩- অধীনত  লাখতকৈও অধিক কাৰ্যকলাপ নথিভুক্ত কৰিছে।

ভাৰতৰ সকলো অঞ্চলতে বিভিন্ন বিষয়বস্তুৰ অধীনত বিভিন্ন কাৰ্যকলাপ পৰিচালনা কৰা হৈছে। তাৰে কেইটামান উদাহৰণ নিম্নলিখিত ধৰণৰ:

  • 'একচেটিয়া স্তনপান আৰু পৰিপূৰক খাদ্য' শীৰ্ষক বিষয়বস্তুত  কোটিৰো অধিক কাৰ্যকলাপৰ প্ৰতিবেদন প্ৰদান কৰা হৈছে
  • অৰুণাচল প্ৰদেশত বৰষুণৰ পানী সংৰক্ষণ, পুখুৰী, কুঁৱা আৰু পানীৰ টেংকৰ দৰে সামূহিক জলাশয় পৰিষ্কাৰ কৰা আৰু এইসমূহ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে 'মিছন লাইফৰ জৰিয়তে পুষ্টি উন্নত কৰা' বিষয়বস্তুৰ অধীনত কেইবাটাও কাৰ্যকলাপ সম্পন্ন কৰা হয়।
  • বিহাৰৰ সমাজ কল্যাণ আৰু ন্যায় মন্ত্ৰীয়ে পোষাণ মাহ উদযাপনৰ সৈতে সংগতি ৰাখি এলইডি লাইট সংলগ্ন 'পোষণ ৰথ' মুকলি কৰে।
  • চৰপঞ্চ, স্বাস্থ্য কৰ্মচাৰী, অভিভাৱক আৰু শিশুসকলৰ উপস্থিতিত লেহৰ বাচগো গাঁৱত অতি উৎসাহেৰে পোষণ মেলা অনুষ্ঠিত কৰা হয়।
  • কৰ্ণাটকৰ কোলাৰ, হাছান আৰু চিকমাগালুৰৰ দৰে বিভিন্ন জিলাত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩ৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যকলাপ যেনে নৱজাতকক আদৰা অনুষ্ঠান, অন্নপ্ৰাশন অনুষ্ঠান, পোষণ মেলা উদযাপন কৰে।
  • আহাৰৰ বৈচিত্ৰতা আৰু বাজৰাৰ ব্যৱহাৰৰ প্ৰচাৰৰ বাবে, গোৱা, গুজৰাট, অৰুণাচল প্ৰদেশ আৰু অসমকে ধৰি কেইবাখনো ৰাজ্যই খণ্ড কাৰ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰত ৰন্ধন প্ৰতিযোগিতাৰ আয়োজন কৰে।
  • মিজোৰামৰ বিভিন্ন ঠাইত খাদ্য সম্পদ মেপিং কাৰ্যকলাপৰ আয়োজন কৰা হয়।
  • পোষণ ভি পাঢ়াই ভি (পিবিপিবি) উদ্যোগৰ অধীনত অভিভাৱক আৰু সম্প্ৰদায়ক জড়িত কৰি প্ৰাৰম্ভিক শৈশৱৰ যতন আৰু শিক্ষাৰ (ইচিচিই) ওপৰত প্ৰশিক্ষণ আৰু সংবেদনশীলতা অধিৱেশন পূৰ্ণ গতিত চলি আছে।
  • দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিকাশ পৰিমাপ (স্বস্থ বালক স্পৰ্ধা) দৰে একে ধৰণৰ পদক্ষেপৰ প্ৰতিবেদন পোৱা গৈছে।

 

हमारे देश के भविष्य, हमारे बच्चों के संपूर्ण विकास और जीवन की हर प्रतियोगिता के लिए एक मजबूत पहचान बनाने की भावना के साथ #राष्ट्रीयपोषणमाह2023 के अंतर्गत पूरे देश में आयोजित हो रही हैं स्वस्थ बालक स्पर्धा। आइये हम सुनिश्चित करें कि बच्चों की लंबाई और वज़न की नियमित जांच कराएंगे। pic.twitter.com/flHh9T0b9V

— PIB WCD (@PIBWCD) September 15, 2023

 

 

#RashtriyaPoshanMaah2023 l Growth monitoring activities organised across the country under the theme 'Swastha Balak Spardha' to generate a positive spirit of healthy competition for good health and nutrition.
.
.
.#sahiposhandeshroshan #amritmahotsav #SpecialCampaign3.0 pic.twitter.com/4vrvgCTGPU

— PIB WCD (@PIBWCD) September 14, 2023

 

 

 

ৰক্তহীনতাৰ দৰে পুষ্টিহীনতাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে বৰ্তমানৰ অভিযানত মুখ্য বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যাৰ ভিতৰত আছে একচেটিয়া স্তনপান আৰু পৰিপূৰক খাদ্য, স্বস্ত বালক স্পৰ্ধা/বিকাশৰ পৰিমাপ আৰু বাজৰা/স্থানীয় খাদ্য/পৰম্পৰাগত খাদ্যৰ ওপৰত জনজাতীয় সম্প্ৰদায়ৰ সংবেদনশীলতা। 

নিৰ্দিষ্ট সংবেদনশীলতা কাৰ্যকলাপৰ ক্ষেত্ৰত, স্বস্থ বালাক স্পৰ্ধা/বিকাশ পৰিমাপ অভিযানে সৰ্বাধিক ১৫ লাখ কাৰ্যকলাপ পঞ্জীয়ন কৰিছে বিকাশ নিৰীক্ষণ আৰু গাওঁৰ সীমাৰ ভিতৰত "খাদ্য সম্পদ মেপিঙ'' ওপৰত সংবেদনশীলতাৰ ক্ষেত্ৰত ১৪ লাখ কাৰ্যকলাপ পঞ্জীয়ন কৰা হৈছে। ইয়াৰ উপৰিও, জনজাতীয় জিলাবোৰত শিশু, কিশোৰী আৰু মহিলাসকলৰ বাবে ৰক্তহীনতা শিবিৰত ১২ লাখতকৈও অধিক কাৰ্যকলাপ নথিভুক্ত কৰা হৈছে,  ইচিচিইৰ ওপৰত অভিভাৱকসকলক জড়িত কৰি ১১ লাখৰ ঘৰলৈ যোৱা হৈছে।

 

#राष्ट्रीयपोषणमाह2023 के अन्तर्गत देशभर में विभिन्न गतिविधियों के मध्य अरुणाचल प्रदेश में हस्तनिर्मित स्वदेशी खिलौनों पर विशेष कार्यशाला आयोजित की गई। कार्यशाला में बच्चों को आकर्षित करने वाले सुंदर खिलौने बनाने की विधियों को साझा किया गया।
.
.
.#SahiPoshanDeshRoshan pic.twitter.com/Pn0yZYEwEw

— PIB WCD (@PIBWCD) September 12, 2023

 

সামূহিকভাৱে প্ৰতিটো জন আন্দোলন আৰু ইয়াৰ অনন্য অংশগ্ৰহণমূলক সংবেদনশীলতা কাৰ্য্যকলাপৰ জৰিয়তে পুষ্টিক জন ভাগীদাৰীৰ অংশ হিচাপে গঢ়ি তোলাৰ বাবে অবিৰত অগ্ৰগতি লাভ কৰা হৈছে।

 

                                     ***



(Release ID: 1958084) Visitor Counter : 93