গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অভিযন্তা দিৱস উপলক্ষে টেকনক্ৰেটসকলক সম্ভাষণ জনাইছে

কিংবদন্তি অভিযন্তা ছাৰ এম বিশ্বেশ্বৰায়ৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন গৃহমন্ত্ৰীৰ

অভিযন্তাসকলে অৰ্থনীতিৰ প্ৰতিটো খণ্ডতে অৰিহণা যোগাই ৰাষ্ট্ৰ নিৰ্মাণত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

শেহতীয়াভাৱে প্ৰযুক্তিগত বিপ্লৱৰ উত্থানত তেওঁলোকে পালন কৰা ভূমিকাই বিশ্ব মঞ্চত ভাৰতৰ প্ৰতিপত্তি বৃদ্ধি কৰিছে

বিশ্বেশ্বৰায় জীয়ে তেওঁৰ অনুকৰণীয় অভিযান্ত্ৰিক প্ৰতিভাৰে আমাৰ সভ্যতাক শক্তিশালী কৰি তুলিছিল, এক বিশাল পৰিসৰৰ গঠনৰ ডিজাইন কৰিছিল আৰু গঢ় দিছিল

তেওঁৰ অৱদানে আমাৰ নৱ-প্ৰজন্মৰ সপোনক অনুপ্ৰাণিত কৰি থাকিব

प्रविष्टि तिथि: 15 SEP 2023 1:39PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অভিযন্তা দিৱস উপলক্ষে টেকনক্ৰেটসকলক সম্ভাষণ জনাইছে। গৃহমন্ত্ৰীয়ে লগতে কিংবদন্তি অভিযন্তা ছাৰ এম বিশ্বেশ্বৰায়ৰ জন্ম বাৰ্ষিকীত তেওঁক প্ৰণাম জনায়। ছাৰ এম বিশ্বেশ্বৰায়ৰ জন্ম দিনটো অভিযন্তা দিৱস হিচাপে পালন কৰা হয়।

‘এক্স’ৰ এটা প’ষ্টত শ্ৰী অমিত শ্বাহে কয়, “অৰ্থনীতিৰ প্ৰতিটো খণ্ডতে অৰিহণা যোগাই অভিযন্তাসকলে ৰাষ্ট্ৰ নিৰ্মাণত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শেহতীয়াভাৱে প্ৰযুক্তিগত বিপ্লৱৰ উত্থানত তেওঁলোকৰ ভূমিকাই বিশ্ব মঞ্চত ভাৰতৰ প্ৰতিপত্তি বৃদ্ধি কৰিছে। এই দিনটোৱে তেওঁলোকক আমাৰ ৰাষ্ট্ৰখনৰ সপোন পৰিপূৰণত অৰিহণা যোগাবলৈ অধিক অনুপ্ৰাণিত কৰক।”

‘এক্স’ত দিয়া আন এটা প’ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীয়ে কয়, “বিশ্বেশ্বৰায় জীয়ে তেওঁৰ অনুকৰণীয় অভিযান্ত্ৰিক প্ৰতিভাৰে আমাৰ সভ্যতাক শক্তিশালী কৰি তুলিছিল, এক বিশাল পৰিসৰৰ গঠনৰ ডিজাইন কৰিছিল আৰু গঢ় দিছিল। তেওঁৰ অৱদানে আমাৰ নৱ-প্ৰজন্মৰ সপোনক অনুপ্ৰাণিত কৰি থাকিব।”


*****


(रिलीज़ आईडी: 1957741) आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Gujarati , Tamil , Telugu , Kannada