ৰাষ্ট্ৰপতি সচিবালয়
ৰাষ্ট্ৰপতিয়ে ভাৰ্চুৱেলী আৰম্ভ কৰিলে আয়ুষ্মান ভৱ অভিযান
प्रविष्टि तिथि:
13 SEP 2023 1:59PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (১৩ ছেপ্টেম্বৰ, ২০২৩) গান্ধীনগৰৰ ৰাজ ভৱনৰ পৰা আয়ুষ্মান ভৱ অভিযানৰ ভাৰ্চুৱেলী শুভাৰম্ভ কৰে।
অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে 'আয়ুষ্মান ভৱ অভিযানৰ লক্ষ্য হৈছে- কোনো ব্যক্তিয়ে পিছপৰি নাথাকিব আৰু কোনো গাঁৱকে পিছপৰি থাকিবলৈ দিয়া নহ’ব। ই আমাৰ দেশক ইউনিভাৰ্চেল হেল্থ কভাৰেজৰ লক্ষ্যপ্ৰাপ্তিত সফল কৰি তুলিব। ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে কয় যে যদি প্ৰতিজন ব্যক্তি আৰু প্ৰতিটো পৰিয়াল স্বাস্থ্যৱান হৈ থাকে, তেন্তে এক স্বাস্থ্যৱান ভাৰত গঢ়ি তোলাৰ সংকল্প পূৰণ হ'ব। তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে এই লক্ষ্য প্ৰাপ্তিৰ বাবে এক বহু-মন্ত্ৰী পৰ্যায়ৰ দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে। তেওঁ আৰু কয় যে এইধৰণৰ ডাঙৰ লক্ষ্য পূৰণত সকলোৰে সহযোগিতা সহায়ক হ'ব।
ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে সকলো হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা; গাওঁবাসীক স্বাস্থ্য, পৰিচ্ছন্নতা আৰু পুষ্টিৰ বিষয়ে সজাগ কৰাৰ বাবে আয়ুষ্মান সভা আয়োজন কৰা; আয়ুষ্মান মেলাৰ আয়োজন; আৰু আয়ুষ্মান আপকে দ্বাৰ ৩.০ উদ্যোগৰ অধীনত সপ্তাহত এবাৰকৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত বিশেষজ্ঞ চিকিৎসকৰ পৰিদৰ্শনৰ ব্যৱস্থা কৰাটো প্ৰশংসনীয় পদক্ষেপ।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে বিভিন্ন ক্ষেত্ৰত নতুন প্ৰযুক্তি আৰু কাৰ্যপদ্ধতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত অতি উৎসাহেৰে আগবাঢ়ি গৈছে। ২০২১ চনৰ ছেপ্টেম্বৰত 'আয়ুষ্মান ভাৰত ডিজিটেল মিছন' আৰম্ভ হোৱাত ৰাষ্ট্ৰপতি মুৰ্মুৱে আনন্দ প্ৰকাশ কৰে । ভাৰতে অন্যান্য খণ্ডৰ দৰে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো ডিজিটেল অন্তৰ্ভুক্তিৰ দৃষ্টান্ত স্থাপন কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।
আয়ুষ্মান ভৱ অভিযান হৈছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক ব্যাপক দেশব্যাপী স্বাস্থ্যসেৱা প্ৰচেষ্টা যাৰ উদ্দেশ্য হৈছে দেশৰ প্ৰতিখন গাওঁ আৰু চহৰত স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ চেচুৰেশ্যন কভাৰেজ প্ৰদান কৰা। এই অভিযান 'সেৱা পখৱাড়া'ৰ সময়ত ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে ৰূপায়ণ কৰা হ'ব।
Please click here to see the President's Speech -
*************************
DS/AK/KG
(रिलीज़ आईडी: 1957019)
आगंतुक पटल : 202
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam