প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক'মৰ'ছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 10 SEP 2023 7:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ছেপ্টেম্বৰ, ২০২৩ত দিল্লীত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ একাষৰীয়াকৈ ক’মৰ’ছ সংঘৰ সভাপতি মহানুভৱ আজালি আছৌমানী ডাঙৰীয়াৰে মিলিত হয়।

ৰাষ্ট্ৰপতি আছৌমানীয়ে আফ্ৰিকান ইউনিয়নক জি-২০ৰ স্থায়ী সদস্য হিচাপে গঢ়ি তোলাৰ পদক্ষেপ আৰু প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়। ভাৰতৰ ভূমিকা আৰু আফ্ৰিকাৰ সৈতে সম্পৰ্ক বিবেচনা কৰি ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ত এনে হোৱা বুলি তেওঁ বিশেষ আনন্দৰ কথা ব্যক্ত কৰে। তেওঁ অনুভৱ কৰে যে ইয়াৰ দ্বাৰা ভাৰত - ক’মৰ’ছৰ সম্পৰ্কৰো এক উত্থান হ’ব। তেওঁ ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে আফ্ৰিকান ইউনিয়ন আৰু ক’ম’ৰ’ছক জি-২০ত যোগদান কৰাৰ বাবে অভিনন্দন জনায় আৰু ভইচ অৱ গ্ল’বেল ছাউথক আৰ্টিকুলেট কৰাৰ বাবে ভাৰতে কৰা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে আৰু ২০২৩ চনৰ জানুৱাৰী মাহত ভাৰতে আহ্বান কৰা ভইচ অৱ গ্ল’বেল ছাউথ শীৰ্ষ সন্মিলনৰ কথা মনত পেলায়।

দুয়োগৰাকী নেতাই নিজৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিষয়েও আলোচনা কৰাৰ সুযোগ লাভ কৰে। তেওঁলোকে চলি থকা অসংখ্য পদক্ষেপৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে, আৰু সামুদ্ৰিক সুৰক্ষা, সামৰ্থ্য বিকাশ আৰু উন্নয়ন অংশীদাৰিত্বৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ সুযোগৰ বিষয়ে আলোচনা কৰে।

**********

DS/AK



(Release ID: 1956269) Visitor Counter : 108