প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জি-২০ সন্মিলনলৈ অহা নেতাসকলক আদৰণি প্ৰধানমন্ত্ৰীৰ

Posted On: 08 SEP 2023 8:04PM by PIB Guwahati

২০২৩ৰ ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ বাবে উপস্থিত হোৱা নেতাসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উষ্ম আদৰণি জনাইছে।

মৰিচাছৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই শ্ৰী মোদীয়ে এক্সত লিখিছেঃ

‘’মোৰ বন্ধু, প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জগন্নাথক ভাৰতলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ বৈঠকলৈ বাট চাই আছোঁ।”

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰিচালন সঞ্চালকক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছেঃ

“সম্পূৰ্ণ একমত, ক্ৰিষ্টালিনা জৰ্জিভা। আমি সকলোৱে মিলি আমাৰ সময়ৰ জৰুৰী প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাৰে আমাৰ যুৱ প্ৰজন্মৰ এটি উন্নত ভৱিষ্যৎ সুনিশ্চিত কৰিব পাৰোঁ। আপুনি দিল্লীত উপস্থিত হোৱাৰ সময়ত আমাৰ সংস্কৃতিৰ প্ৰতি প্ৰদৰ্শন কৰা মৰমৰো মই শলাগ লৈছোঁ।”

ইউৰোপিয়ান ইউনিয়ন কমিচনৰ অধ্যক্ষক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছেঃ

“উৰ্চুলা ভন ডেৰ লেয়েন, জি-২০ সন্মিলনৰ বাবে দিল্লীত আপোনাক দেখি আনন্দিত হৈছোঁ। ইউৰোপিয়ান ইউনিয়ন কমিচনৰ সমৰ্থন আৰু প্ৰতিশ্ৰুতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সামূহিকভাৱে আমি সন্মুখীন হোৱা জৰুৰী প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিম। ফলপ্ৰসূ আলোচনা আৰু সহযোগিতামূলক কাৰ্য্যৰ বাবে আগ্ৰহী হৈ উঠিছোঁ।”

যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই শ্ৰী মোদীয়ে এক্সত লিখিছেঃ

“আদৰণি ঋষি সুনক! এক ফলপ্ৰসূ সন্মিলনৰ বাবে আগ্ৰহী হৈ উঠিছোঁ। আমি একেলগে এটা উন্নত গ্ৰহৰ বাবে কাম কৰিব পাৰিম।”

স্পেইনৰ প্ৰতিনিধি দলটোক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পেইনৰ ৰাষ্ট্ৰপতিক সম্বোধনেৰে এক্সত লিখিছেঃ

“পেড্ৰ’ ছানচেজ, আপোনাৰ সুস্বাস্থ্য আৰু আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। আগন্তুক জি-২০ সন্মিলন সন্দৰ্ভত আপোনাৰ অন্তৰ্দৃষ্টিসম্পন্ন বক্তব্যই আমাক পুলকিত কৰিছে। একে সময়তে ভাৰতলৈ অহা স্পেইনৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছোঁ।”

আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছেঃ

“ৰাষ্ট্ৰপতি আলবাৰ্টো ফাৰ্নাণ্ডেজক আদৰণি জনাই ভাৰত আনন্দিত হৈছোঁ। জি-২০ সন্মিলনৰ কাৰ্য্যসূচীত আপোনাৰ অন্তৰ্দৃষ্টিসম্পন্ন মতামতলৈ আগ্ৰহী হৈ উঠিছোঁ।‘’

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছেঃ

“৭ লোক কল্যাণ মাৰ্গত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক আদৰণি জনাই সুখী হৈছোঁ। আমাৰ বৈঠকখন অতি ফলপ্ৰসূ আছিল। আমি অসংখ্য বিষয়ত আলোচনা কৰোঁ যিয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অৰ্থনৈতিক আৰু জনসাধাৰণৰ মাজত সংযোগক অধিক আগুৱাই নিব। আমাৰ ৰাষ্ট্ৰসমূহৰ মাজত থকা বন্ধুত্বই বিশ্বৰ মংগলৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালন কৰি যাব।”

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছেঃ

"ৰাষ্ট্ৰপতি জোকো উইডোডোক স্বাগতম জনাইছোঁ। জাকাৰ্টাত অনুষ্ঠিত সন্মিলনৰ পিছত জি-২০ সন্মিলনৰ বাবে দিল্লীত আপোনাক লগ পাই বৰ ভাল লাগিল।"

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছেঃ

"ৰাষ্ট্ৰপতি লুলাক ভাৰতলৈ আদৰণি জনাই সুখী হৈছোঁ। শেহতীয়াকৈ জোহান্সবাৰ্গত তেওঁক লগ পাইছিলোঁ আৰু জি-২০ সন্মিলনত তেওঁক পুনৰ লগ পোৱাৰ সুযোগ লাভ কৰি আনন্দিত হৈছোঁ। ভিন্ন বিষয়ত তেওঁৰ মতামতৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিলোঁ।"

*****



(Release ID: 1955788) Visitor Counter : 114