প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰ প্ৰদেশৰ ঝান্সীত জল সংৰক্ষণ আৰু ভূগৰ্ভস্থ জলস্তৰ বৃদ্ধিৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 05 SEP 2023 8:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ ঝান্সীত জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে জল সংৰক্ষণ আৰু ভূগৰ্ভস্থ জলস্তৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এই মহৎ উদ্দেশ্যৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে।

বিলুপ্ত হৈ যোৱা নদীসমূহৰ পুনৰুজ্জীৱিতকৰণ আৰু সমষ্টিটোত বিভিন্ন অমৃত সৰোবৰ নিৰ্মাণৰ সন্দৰ্ভত ঝান্সীৰ সাংসদৰ এক্স পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়;

"উত্তৰ প্ৰদেশৰ ঝান্সীত জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে জল সংৰক্ষণ আৰু ভূগৰ্ভস্থ জলস্তৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ পৰিণাম অতি উৎসাহজনক আৰু ই দেশৰ বাবে এক উদাহৰণ। এই মহৎ উদ্দেশ্যৰ সৈতে জড়িত সকলোকে বহুত অভিনন্দন জনাইছোঁ!"

   

 

************** 


(रिलीज़ आईडी: 1955398) आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam