প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ২৭ আগষ্টত বি-২০ ভাৰত সন্মিলন ২০২৩ সম্বোধন কৰিব

সন্মিলনৰ বিষয়বস্তু হৈছে R.A.I.S.E অৰ্থাৎ - Responsible, Accelerated, Innovative, Sustainable আৰু Equitable Businesses (দায়িত্বশীল, দ্ৰুত, উদ্ভাৱনীমূলক, দীৰ্ঘম্যাদী আৰু সমতাপূৰ্ণ ব্যৱসায়)

Posted On: 26 AUG 2023 8:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৭ আগষ্টত দুপৰীয়া ১২ বজাত বি-২০ ভাৰত সন্মিলন ২০২৩ ত ভাষণ দিব।

বি-২০ ছামিট ইণ্ডিয়াই সমগ্ৰ বিশ্বৰ নীতি নিৰ্ধাৰক, বাণিজ্যিক নেতা আৰু বিশেষজ্ঞসকলক লৈ বি-২০ ইণ্ডিয়া কমিউনিকৰ ওপৰত আলোচনা কৰে। জি-২০ত দাখিলৰ বাবে বি-২০ ইণ্ডিয়া কমিউনিকত ৫৪ টা পৰামৰ্শ আৰু ১৭২ টা নীতিগত ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।

বিজনেছ ২০ (বি২০) হৈছে বিশ্বব্যাপী ব্যৱসায়িক সমুদায়ৰ সৈতে জি-২০ৰ চৰকাৰী আলোচনাৰ মঞ্চ। ২০১০ চনত স্থাপিত বি-২০ হৈছে জি-২০ৰ আটাইতকৈ অগ্ৰণী ‘এংগেজমেণ্ট গ্ৰুপ’বোৰৰ ভিতৰত অন্যতম, য’ত কোম্পানী আৰু ব্যৱসায়িক সংস্থাসমূহে অংশগ্ৰহণ কৰে। বি-২০-এ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নক সহায় কৰিবলৈ সুনিৰ্দিষ্ট কাৰ্য্যকৰী নীতিগত পৰামৰ্শ প্ৰদানৰ কাম কৰে।

২৫ আগষ্টৰ পৰা ২৭ আগষ্টলৈ তিনিদিনীয়া শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে। ইয়াৰ বিষয়বস্তু হৈছে R.A.I.S.E – দায়িত্বশীল, ত্বৰান্বিত, উদ্ভাৱনীমূলক, বহনক্ষম আৰু সমতাপূৰ্ণ ব্যৱসায়। ইয়াত প্ৰায় ৫৫খন দেশৰ ১৫০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।

******



(Release ID: 1954715) Visitor Counter : 117