প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৩ ছেপ্টেম্বৰত দিল্লীৰ উপ-ৰাজ্যপালৰ সৈতে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে জি-২০ শীৰ্ষ সন্মিলনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে পৰিদৰ্শন কৰিলে বিভিন্ন স্থান

Posted On: 03 SEP 2023 10:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড পি কে মিশ্ৰই দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী বিনয় কুমাৰ ছাক্সেনাৰ সৈতে সমগ্ৰ দিল্লীৰ একাধিক স্থানত পৰিদৰ্শন কৰি আগন্তুক জি-২০ সন্মিলনৰ বাবে প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

প্ৰধান সচিব হৈছে জি-২০ শীৰ্ষ সন্মিলনৰ প্ৰস্তুতিৰ সৈতে জড়িত সমন্বয় সমিতিৰ অধ্যক্ষ। ইয়াৰ পৰিপ্ৰেক্ষিতত এক স্মৰণীয় সন্মিলন আয়োজনৰ বাবে পৰিকল্পনা অনুসৰি সকলো দিশ যাতে সঠিকভাৱে স্থাপন কৰা হয় তাৰ বাবে ড° পি কে মিশ্ৰই পৰ্যালোচনা কৰে। সন্মিলনৰ বাবে অহা সকলো ৰাষ্ট্ৰপতি আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় গণ্যমান্য ব্যক্তিয়ে যাতে তেওঁলোকৰ ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ সংস্কৃতিৰ আভাস আৰু বিশ্বমানৰ অভিজ্ঞতা লাভ কৰিব পাৰে তাৰ বাবে এই পৰিদৰ্শন হাতত লয়৷

প্ৰধান সচিবগৰাকীয়ে ভাৰত মণ্ডপমৰ লগতে ৰাজঘাট, চি হেক্সাগন-ইণ্ডিয়া গেট, বিমানবন্দৰৰ টাৰ্মিনেল-৩ আৰু ইয়াৰ ভিআইপি লাউঞ্জ, এৰ’চিটি এলেকা, প্ৰধান পথসমূহৰ মূল অংশ আদিকে ধৰি প্ৰায় ২০টা স্থান পৰিদৰ্শন কৰি পৰ্যালোচনা কৰে।

দিল্লীৰ প্ৰধান স্থান আৰু ৰ’টাৰীৰ লগতে ৰাজঘাটৰ বাহিৰৰ অঞ্চলসমূহো সৌন্দৰ্য্যবৰ্ধন কৰা হৈছে। ভাৰত মণ্ডপমত ‘শিৱ-নটৰাজ’ স্থাপন কৰা হৈছে। প্ৰায় ২০টন ওজনৰ ২৭ ফুট উচ্চতাৰ নটৰাজ ফিগাৰটো অষ্ট-ধাতুৰে তৈয়াৰী পৰম্পৰাগত ঢালাই পদ্ধতিৰে নিৰ্মাণ কৰা হৈছে। জি-২০ৰ অধ্যক্ষতাৰ সময়ত ভাৰত মণ্ডপমৰ সন্মুখত স্থাপন কৰা নৃত্যৰত প্ৰভু শিৱ নটৰাজ হৈছে নটৰাজৰ আটাইতকৈ ওখ ব্ৰঞ্জৰ আইকন।

প্ৰধান সচিবেও যান-বাহন পৰিস্থিতিৰ পৰ্যালোচনা কৰি প্ৰশাসনক পৰামৰ্শ দিয়ে যে সাধাৰণ ৰাইজক বিকল্প ব্যৱস্থাৰ বিষয়ে পৰ্যাপ্ত তথ্য প্ৰদান কৰিব লাগে যাতে তেওঁলোকে কোনো অসুবিধা নাপায়। বিশেষকৈ অতিথিসকলক আদৰণি জনোৱাৰ বাবে কৰা সুবিধাসমূহৰ ক্ষেত্ৰত দিল্লী বিমানবন্দৰত কৰা ব্যৱস্থাৰো পৰ্যালোচনা কৰা হয়।

মিশ্ৰই পালামৰ এয়াৰফৰ্চ ষ্টেচনৰ কাৰিকৰী এলেকাও পৰিদৰ্শন কৰে য’ত ৰাষ্ট্ৰপতিসকলৰ বিমান অৱতৰণ কৰিব। বায়ুসেনাৰ জ্যেষ্ঠ বিষয়াসকলে ড মিশ্ৰক বিমানসমূহ পাৰ্কিং কৰাৰ সুবিধা, ৰাষ্ট্ৰপতিৰ অভ্যৰ্থনা, লাউঞ্জ আৰু অন্যান্য সুবিধাসমূহৰ বিষয়ে অৱগত কৰে। কাৰিকৰী বিমানবন্দৰ এলেকাত জৰুৰী চিকিৎসাৰ সুবিধাও স্থাপন কৰা হৈছে।

দিল্লীৰ উপ-ৰাজ্যপালে এক বৃহৎ সৌন্দৰ্য্যবৰ্ধন অভিযান হাতত লৈছে যাৰ ফলত চহৰখনৰ পৰিৱেশ অধিক সুন্দৰ হৈছে। যিবোৰ আন্তঃগাঁথনি ব্যৱহাৰ নোহোৱা হৈছিল সেইবোৰ সংস্কাৰ কৰা হৈছে। চাফাই অভিযানৰ উপৰিও বহুতো চালে চকুৰোৱা পানীৰ ফোয়াৰা স্থাপন কৰা হৈছে। সমগ্ৰ চহৰখনতে দেশৰ বৈচিত্ৰ্য দেখুৱাই বৃহৎ সংখ্যক মূৰ্তি আৰু পোষ্টাৰ স্থাপন কৰা হৈছে যিবোৰ যাত্ৰী আৰু দৰ্শনাৰ্থীৰ বাবে আনন্দদায়ক দৃশ্য হিচাপে আত্মপ্ৰকাশ কৰিছে। গুৰুত্বপূৰ্ণ স্থানত জি-২০ দেশসমূহৰ ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰা হয় আৰু আনকি জি-২০ দেশৰ ৰাষ্ট্ৰীয় প্ৰাণীৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে বিষয়াৰ দলসমূহে কৰা কামৰ শলাগ লয়।

জনসাধাৰণৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবগৰাকীয়ে সকলো জ্যেষ্ঠ বিষয়াৰ সৈতে এখন মিনিবাছত যাত্ৰা কৰিছিল। সন্ধিয়া ৫ বজাৰ পৰা ৮:৩০ বজাৰ ভিতৰত এই পৰিদৰ্শন কাৰ্য সম্পন্ন কৰে।

পৰ্যালোচনাৰ সময়ত তেওঁৰ সৈতে প্ৰধানমন্ত্ৰীৰ উপদেষ্টা শ্ৰী অমিত খাৰে আৰু আৰক্ষী আয়ুক্তৰ মুখ্য সচিব শ্ৰী তৰুণ কাপুৰৰ লগতে আন কেইবাজনো শীৰ্ষ বিষয়াও উপস্থিত থাকে।

***

DS/DB



(Release ID: 1954581) Visitor Counter : 85