আয়ুষ

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান ৰাজ্যিক চিকিৎসালয়সমূহত সংহত আয়ুষ চিকিৎসা বিভাগৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

হিমালয় অঞ্চলৰ চহকী উদ্ভিদে আয়ুষ খণ্ডৰ সম্ভাৱনা বৃদ্ধি কৰি কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰেঃ সৰ্বানন্দ সোণোৱাল

Posted On: 26 AUG 2023 2:14PM by PIB Guwahati

* ৰাষ্ট্ৰীয় আয়ুস মিছনৰ আঞ্চলিক পৰ্যালোচনা বৈঠকত উত্তৰ-পূব অঞ্চলৰ সকলো ৰাজ্যই অংশগ্ৰহণ কৰে

*“জীৱনৰ মান উন্নত কৰাৰ লক্ষ্যৰে স্বাস্থ্যসেৱা সমাধানৰ এক সামগ্ৰিক পৰিসৰ বিকশিত কৰিবলৈ আধুনিক চিকিৎসা বিজ্ঞানৰ সৈতে পৰম্পৰাগত চিকিৎসা বিজ্ঞানত বিনিয়োগ, উদ্ভাৱন আৰু একত্ৰিত কৰা হব”: শ্ৰী সৰ্বানন্দ সোণোৱাল

*অৰুণাচল প্ৰদেশত শীঘ্ৰে আয়ুষ স্বাস্থ্য সেৱা সঞ্চালকালয় স্থাপন কৰিব: আলো লিবাং

 *লোকটক হ্ৰদৰ মাজভাগত বিশেষ পঞ্চকৰ্ম কেন্দ্ৰ স্থাপনঃ ড° সপম ৰঞ্জন সিং

 

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুস মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি ইয়াত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উত্তৰ-পূব অঞ্চলৰ ৰাজ্যসমূহৰ আঞ্চলিক পৰ্যালোচনা বৈঠক আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই বৈঠকত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ছিকিম, ত্ৰিপুৰাৰ স্বাস্থ্য মন্ত্ৰীসকলৰ লগতে মেঘালয়, নাগালেণ্ড আদি ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে। এই উপলক্ষে আয়ুস আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ মহেন্দ্ৰ ভাই মুঞ্জাপাৰা, আয়ুস মন্ত্ৰালয়ৰ সম্পাদক বৈদ্য ৰাজেশ কোটেচা আৰু মন্ত্ৰালয় তথা ৰাজ্য চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয় যে আজি আমাৰ দেশত আয়ুস চিকিৎসা পদ্ধতিৰ প্ৰসাৰ আৰু প্ৰচাৰ সন্দৰ্ভত এক অতি অৰ্থপূৰ্ণ আলোচনা হয়। সমগ্ৰ বিশ্বৰ লগতে আমাৰ মনোমোহা হিমালয় অঞ্চলত পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ গুৰুত্ব আৰু জনপ্ৰিয়তা বাঢ়িছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাৰ বাবে পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ যুগ যুগ ধৰি চলি অহা আৰু প্ৰমাণিত উপকাৰিতাক একত্ৰিত কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ব্যৱহাৰক উৎসাহিত কৰাই নহয়, পৰম্পৰাগত চিকিৎসা বিজ্ঞানত বিনিয়োগ, উদ্ভাৱন আৰু আধুনিক চিকিৎসা বিজ্ঞানৰ সৈতে একত্ৰিত কৰি স্বাস্থ্যসেৱাৰ সমাধানৰ এক সামগ্ৰিক পৰিসৰ বিকশিত কৰাৰ বাবে বিশ্বব্যাপী অভিযানৰ নেতৃত্ব দিছে। একে মনোভাৱেৰে উত্তৰ-পূৱ ভাৰতৰ সকলো ৰাজ্যকে আহ্বান জনাইছো যে তেওঁলোকৰ সকলো প্ৰধান ৰাজ্যিক চিকিৎসালয়তে সংহত আয়ুষ বিভাগ স্থাপনৰ সম্ভাৱনাক অন্বেষণ কৰক, যাৰ অধীনত ১৯খন এইমছতে একেধৰণৰ বিভাগ স্থাপনৰ দিশত মোডী জীয়ে পথ প্ৰদৰ্শন কৰিছে৷ আজি আমাক এই অনন্য সুযোগ দিয়া হৈছে যে আমি আমাৰ সকলো ডাঙৰ ৰাজ্যিক চিকিৎসালয়ত সংহত চিকিৎসা বিভাগ স্থাপনৰ অভিযান আৰম্ভ কৰিছো, যাৰ ফলত সমগ্ৰ দেশখনে অনুকৰণ কৰিব পৰা সংহত চিকিৎসাৰ ধাৰণাটো জনপ্ৰিয় আৰু কাৰ্যকৰী হৈছে। চিকিৎসা বিজ্ঞানৰ পৰম্পৰাগত ব্যৱস্থাক অধিক প্ৰসাৰিত কৰি আমি মোডী জীৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিব পাৰো আৰু আয়ুসৰ নেতৃত্বত অৰ্থনৈতিক উন্নয়নৰ কেন্দ্ৰ হ’ব পাৰো, বিশেষকৈ আমাৰ দেশৰ হিমালয় অঞ্চলত কৰ্মসংস্থাপন আৰু বাণিজ্য বৃদ্ধি কৰিব পাৰো।

আলোচনাৰ সময়ত অৰুণাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙে কয় যে ৰাজ্যখনে হিমালয়ৰ ৰাজ্যত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ প্ৰচাৰৰ বাবে আয়ুস হেল্থকেয়াৰৰ বাবে পূৰ্ণাংগ সঞ্চালকালয় গঠনৰ পৰিকল্পনা কৰিছে। মণিপুৰৰ স্বাস্থ্যমন্ত্ৰী ডাঃ সপম ৰঞ্জন সিঙে নিশ্চিত কৰিছে যে লোকটক হ্ৰদৰ মাজত বিশেষ পঞ্চকৰ্ম কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে। মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী ড° আৰ. লালথাংলিয়ানাই পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ উপকাৰিতাৰ শলাগ লৈ আয়ুস গ্ৰাম ইনিচিয়েটিভ আৰু জন আৰোগ্য সমিতিয়ে কেনেদৰে ৰাজ্যত আয়ুস চিকিৎসা পদ্ধতি জনপ্ৰিয় কৰি তুলিছে সেই বিষয়ে ব্যাখ্যা কৰে।

***



(Release ID: 1953480) Visitor Counter : 93