প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰোজগাৰ মেলাৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ২৮ আগষ্টত চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি পোৱা ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব

নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব বুলি প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক শক্তিশালী পদক্ষেপ হৈছে ৰোজগাৰ মেলা

নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলে অনলাইন মডিউল ‘কৰ্মযোগী প্ৰাৰম্ভ’ৰ জৰিয়তে নিজকে প্ৰশিক্ষিত কৰিব

Posted On: 27 AUG 2023 6:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ আগষ্ট, ২০২৩ তাৰিখে পুৱা ১০:৩০ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে নতুনকৈ নিযুক্তি পোৱা ৫১,০০০ৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে নিযুক্তিপ্ৰাপ্তসকলক সম্বোধনো কৰিব।

দেশৰ ৪৫ টা স্থানত আয়োজন কৰা হ’ব এই ৰোজগাৰ মেলা। এই ৰোজগাৰ মেলা অনুষ্ঠানৰ জৰিয়তে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ), সশস্ত্ৰ সীমা বল (এছ এছ বি), অসম ৰাইফলছ, কেন্দ্ৰীয় ঔদ্যোগিক সশস্ত্ৰ আৰক্ষী বাহিনী(CISF) ), ইণ্ডো-তিব্বেতান ব’ৰ্ডাৰ পুলিচ(ITBP) আৰু নাৰ্কোটিকছ নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো (NCB)ৰ লগতে দিল্লী আৰক্ষীত কৰ্মচাৰী নিযুক্তি দি থকা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নতুনকৈ নিৰ্বাচিত হোৱা কৰ্মচাৰীসকলে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ বিভিন্ন সংগঠনৰ কনিষ্টবল (জেনেৰেল ডিউটি), চাব-ইন্সপেক্টৰ (জেনেৰেল ডিউটি) আৰু নন জেনেৰেল ডিউটি ​​কেডাৰ পদৰ দৰে বিভিন্ন পদত নিযুক্তি লাভ কৰিব।

চিএপিএফৰ লগতে দিল্লী আৰক্ষীক শক্তিশালী কৰিলে এই বাহিনীসমূহে আভ্যন্তৰীণ নিৰাপত্তা, সন্ত্ৰাসবাদ বিৰোধী, বিদ্ৰোহ বিৰোধী, বাওঁপন্থী বিচ্ছিন্নতাবাদ বিৰোধী অভিযানত সহায় কৰা আৰু দেশৰ সীমান্ত পহৰা দিয়াৰ বহুমুখী ভূমিকা অধিক ফলপ্ৰসূভাৱে পালন কৰিবলৈ সক্ষম হ’ব।

নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত ৰোজগাৰ মেলা হৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আশা কৰা হৈছে যে এই ৰোজগাৰ মেলাই নিয়োগ সৃষ্টিৰ কচৰৎক আগুৱাই নিয়াত অনুঘটক হিচাপে কাম কৰিব আৰু যুৱক-যুৱতীসকলক তেওঁলোকৰ সৱলীকৰণ আৰু ৰাষ্ট্ৰীয় উন্নয়নত অংশগ্ৰহণৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব।

নতুন নিযুক্তিপ্ৰাপ্তসকলে iGOT কৰ্মযোগী পৰ্টেলত অনলাইন মডিউল ‘কৰ্মযোগী প্ৰাৰম্ভ’ৰ জৰিয়তে নিজকে প্ৰশিক্ষণ দিয়াৰ সুযোগ লাভ কৰিছে, য’ত ‘যিকোনো ঠাইত যিকোনো ডিভাইচ’ শিক্ষণ ফৰ্মেটৰ বাবে ৬৭৩টাতকৈও অধিক ই-লাৰ্নিং পাঠ্যক্ৰম উপলব্ধ কৰা হৈছে।

*******



(Release ID: 1953478) Visitor Counter : 81