বিত্ত মন্ত্ৰালয়

বিত্তীয় অন্তৰ্ভুক্তিৰ ৰাষ্ট্ৰীয় অভিযান প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ (পিএমজেডিৱাই) সফল ৰূপায়ণৰ ন বছৰ সম্পূৰ্ণ

পিএমজেডিৱাইৰ নেতৃত্বত গ্ৰহণ কৰা দৃঢ় পদক্ষেপ আৰু ডিজিটেল পৰিৱৰ্তনে ভাৰতত বিত্তীয় অন্তৰ্ভুক্তিৰ বৈপ্লৱিক পৰিৱৰ্তন আনিছে: কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

পিএমজেডিৱাই একাউণ্টবোৰ ডিবিটিৰ দৰে জনকেন্দ্ৰিক পদক্ষেপৰ আধাৰ আৰু সমাজৰ সকলো শ্ৰেণীৰ, বিশেষকৈ দুখীয়া লোকসকলৰ সামগ্ৰিক বিকাশত এইবোৰে গুৰুত্বপূৰ্ণ অৰিহণা যোগায়: কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী ড০ ভাগৱত কিষাণৰাও কাৰাড

পিএমজেডিৱাই আৰম্ভ হোৱাৰ পৰা, ৫০ কোটিৰো অধিক হিতাধিকাৰীক বেংকিং সুবিধা প্ৰদান কৰা হৈছে

পিএমজেডিৱাই একাউণ্টৰ অধীনত মুঠ জমা হৈছে ২,০৩,৫০৫ কোটি টকা

প্ৰায় ৫৬ শতাংশ জন ধন একাউণ্টধাৰী মহিলা আৰু প্ৰায় ৬৭ শতাংশ জন ধন একাউণ্ট গ্ৰামাঞ্চল আৰু অৰ্ধনগৰীয়া অঞ্চলত খোলা হৈছে

পিএমজেডিৱাই একাউণ্ট ধাৰকসকললৈ মুঠ ৩৩.৯৮ কোটি ৰূপে’ কাৰ্ড জাৰি কৰা হৈছে

Posted On: 28 AUG 2023 7:45AM by PIB Guwahati

ৰাষ্ট্ৰীয় বিত্তীয় অন্তৰ্ভুক্তি মিছন ‘প্ৰধানমন্ত্ৰী জন ধন যোজনা (পিএমজেডিৱাই)’ ৰ সফল ৰূপায়ণে আজি ন বছৰ সম্পূৰ্ণ কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী জন ধন যোজনা চমুকৈ ‘পিএমজেডিৱাই’ ঘোষণা কৰিছিল। ২৮ আগষ্ট, ২০১৪ তাৰিখে আঁচনিখন আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপক দুষ্ট চক্ৰৰ পৰা দৰিদ্ৰ লোকসকলৰ মুক্তি উদযাপনৰ এক উৎসৱ হিচাপে অভিহিত কৰিছিল।

ইয়াক বিশ্বৰ সৰ্ববৃহৎ বিত্তীয় অন্তৰ্ভুক্তি পদক্ষেপত অন্তৰ্ভুক্ত কৰাৰ লগতে, বিত্ত মন্ত্ৰালয়ে ইয়াৰ বিত্তীয় অন্তৰ্ভুক্তি আধাৰিত পদক্ষেপৰ জৰিয়তে প্রান্তীয় আৰু অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ লোকসকলক বিত্তীয় অন্তৰ্ভুক্তি আৰু তেওঁলোকক প্ৰয়োজনীয় সাহায্য সমৰ্থন প্ৰদান কৰিবলৈ ধাৰাবাহিকভাৱে চেষ্টা কৰি আহিছে। বিত্তীয় অন্তৰ্ভুক্তিয়ে ন্যায়সঙ্গত আৰু সামগ্ৰিক বিকাশৰ লগতে সমাজৰ দুৰ্বল গোট যেনে নিম্ন-উপাৰ্জনকাৰী গোট আৰু প্ৰাথমিক বেংকিং সেৱা লাভ নকৰা দুৰ্বল শ্ৰেণীবোৰক সুলভ ব্যয়সাপেক্ষে বিত্তীয় সেৱা প্ৰদান কৰাত সহায় কৰে।

বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে, দৰিদ্ৰ লোকসকলৰ সঞ্চয় ব্যৱস্থাক আনুষ্ঠানিক বিত্তীয় প্ৰণালীলৈ অনা হয় আৰু এই ব্যৱস্থাই গাওঁত বাস কৰা তেওঁলোকৰ পৰিয়াললৈ ধন প্ৰেৰণ কৰাৰ সুযোগ প্ৰদান কৰে। তদুপৰি, ই তেওঁলোকক মহাজন বা দুষ্ট চক্ৰৰ কবলৰ পৰা মুক্তি দিয়ে।

প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে তেওঁৰ বাৰ্তাত কয়, “পিএমজেডিৱাইৰ নেতৃত্বত গ্ৰহণ কৰা দৃঢ় পদক্ষেপ আৰু ডিজিটেল পৰিৱৰ্তনে ভাৰতত বিত্তীয় অন্তৰ্ভুক্তিৰ বৈপ্লৱিক পৰিৱৰ্তন আনিছে। জন ধন একাউণ্ট খুলি ৫০ কোটিতকৈও অধিক লোকক আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ আওঁতালৈ অনাটো অতি সুখৰ বিষয়।  ইয়াৰে প্ৰায় ৫৫.৫ শতাংশ একাউণ্ট মহিলাৰ, আৰু ৬৭ শতাংশ একাউণ্ট গ্ৰাম্য/অৰ্ধ-নগৰীয়া অঞ্চলত খোলা হৈছে। এই একাউণ্টবোৰত মুঠ জমা ২ লাখ কোটি টকাতকৈও অধিক হৈছে। ইয়াৰ উপৰিও, কোনো মাচুল অবিহনে এই একাউণ্টবোৰৰ বাবে প্ৰায় ৩৪ কোটি ‘ৰূপে কাৰ্ড’ বিলি কৰা হৈছে। কেৱল সেয়াই নহয়, ইয়াৰ অধীনত ২ লাখ টকাৰ দুৰ্ঘটনা বীমা সুৰক্ষাও প্ৰদান কৰা হৈছে।”

“অংশীদাৰ, বেংক, বীমা কোম্পানী, আৰু চৰকাৰী বিষয়াৰ সহযোগিতামূলক প্ৰচেষ্টাত পিএমজেডিৱাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে থিয় দিছে, যিয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা ধৰণে দেশৰ বিত্তীয় অন্তৰ্ভুক্তিৰ পৰিৱেশ সলনি কৰি দিছে,” শ্ৰীমতী সীতাৰমণে কয়।

কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী ড° ভাগৱত কিষাণৰাও কাৰাদেও এই সন্দৰ্ভত পিএমজেডিৱাইক লৈ নিজৰ চিন্তা ব্যক্ত কৰে। তেওঁ কয়, ‘পিএমজেডিৱাই আঁচনিয়ে সমাজৰ প্ৰান্তীয় শ্ৰেণীক আনুষ্ঠানিক বেংকিংৰ পৰিসৰলৈ আনি বিত্তীয় ক্ষেত্ৰত থকা ভাৰসাম্যহীনতা হ্ৰাস কৰিছে। সমাজৰ দুৰ্বল শ্ৰেণীক বেংকিং সুবিধাৰ সুবিধা প্ৰদান কৰি, ঋণৰ উপলব্ধতাৰ সুবিধা প্ৰদান কৰি, বীমা আৰু পেঞ্চন সুৰক্ষা প্ৰদান কৰি, বিত্তীয় সজাগতা সৃষ্টি কৰি আঁচনিখনৰ ফলাফল সুদূৰপ্ৰসাৰী আৰু অৰ্থনীতিত বহুগুণে প্ৰভাৱ পেলায়। তদুপৰি জন ধন–আধাৰ–ম’বাইল (জে এ এম) সংৰচনাই চৰকাৰী সুবিধাসমূহ সাধাৰণ মানুহৰ একাউণ্টলৈ সফলভাৱে হস্তান্তৰ কৰিবলৈ সক্ষম কৰি তুলিছে। পিএমজেডিৱাই একাউণ্টসমূহ ডিবিটিৰ দৰে জনকেন্দ্ৰিক পদক্ষেপৰ মূল স্থানত পৰিণত হৈছে আৰু সমাজৰ সকলো শ্ৰেণী, বিশেষকৈ অভাৱগ্ৰস্ত লোকসকলৰ সৰ্বাংগীন বৃদ্ধিৰ দিশত অৰিহণা যোগাইছে।”

এই আঁচনিখনৰ সফল ৰূপায়ণৰ ৯ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে আমি এই আঁচনিখনৰ এতিয়ালৈকে হোৱা প্ৰধান দিশ আৰু কৃতিত্বসমূহৰ ওপৰত চকু ফুৰাওঁ।

প্ৰেক্ষাপট

প্ৰধানমন্ত্ৰী জন ধন যোজনা (PMJDY) হৈছে বিত্তীয় সেৱা, যেনে, বেংকিং/ চেভিংছ এণ্ড ডিপ’জিট একাউণ্ট, ৰেমিটেন্স, ক্ৰেডিট, বীমা, পেঞ্চন সুলভ মূল্যত লাভ কৰাটো নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় বিত্তীয় অন্তৰ্ভুক্তি অভিযান।

  1. উদ্দেশ্য:

    • সুলভ মূল্যত বিত্তীয় সামগ্ৰী আৰু সেৱাসমূহৰ উপলব্ধতা নিশ্চিত কৰা

    • খৰচ কম কৰিবলৈ আৰু প্ৰসাৰ বহল কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ।

  2. আঁচনিখনৰ মৌলিক নীতিসমূহ

    • বেংকিং নোহোৱাসকলক বেংকিং কৰা - নূন্যতম নথি-পত্ৰৰ সৈতে মৌলিক চেভিংছ বেংক জমা (বিএছবিডি) একাউণ্ট খোলা, শিথিল কেৱাইচি, ই-কেৱাইচি, কেম্প মোডত একাউণ্ট খোলা, শূন্য বেলেঞ্চ আৰু শূন্য মাচুলেৰে একাউণ্ট খোলা।

    • অসুৰক্ষিতসকলক সুৰক্ষিত কৰা - ২ লাখ টকাৰ বিনামূলীয়া দুৰ্ঘটনা বীমা কভাৰেজৰ সৈতে ব্যৱসায়িক স্থানত নগদ ধন উলিওৱা আৰু পেমেণ্টৰ বাবে থলুৱা ডেবিট কাৰ্ড জাৰি কৰা।

    • পুঁজিহীনক পুঁজিৰ যোগান - অন্যান্য বিত্তীয় সামগ্ৰী যেনে সূক্ষ্ম-বীমা, অভাৰড্ৰাফ্টৰ সুবিধা, সূক্ষ্ম-পেঞ্চন আৰু সূক্ষ্ম-ঋণ।

  1. পিএমজেডিৱাইৰ প্ৰাৰম্ভিক বৈশিষ্ট্যসমূহ

তলত উল্লেখ কৰা ৬টা মূল দিশৰ আধাৰত এই আঁচনিখন আৰম্ভ কৰা হৈছিল -
বেংকিং সেৱাৰ সাৰ্বজনীন প্ৰৱেশ – শাখা আৰু বি চি

  • প্ৰতিজন যোগ্য প্ৰাপ্তবয়স্কলৈ ১০,০০০/- টকাৰ অভাৰড্ৰাফ্টৰ সুবিধা থকা বেচিক চেভিংছ বেংক একাউণ্ট।

  • বিত্তীয় সাক্ষৰতা কাৰ্যসূচী– সঞ্চয়ৰ প্ৰসাৰ, এটিএমৰ ব্যৱহাৰ, ঋণৰ বাবে সাজু হোৱা, বীমা আৰু পেঞ্চনৰ সুবিধা লোৱা, আৰু বেংকিঙৰ বাবে মৌলিক মোবাইল ফোন ব্যৱহাৰ কৰা।

  • ঋণ নিশ্চয়তা পুঁজি সৃষ্টি – বেংকসমূহক ঋণ পৰিশোধ নকৰা ঘটনাৰ বিৰুদ্ধে কিছু নিশ্চয়তা প্ৰদান কৰা।

  • ২০১৪ চনৰ ১৫ আগষ্টৰ পৰা ২০১৫ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত খোলা একাউণ্টৰ ক্ষেত্ৰত দুৰ্ঘটনা বীমাই ১,০০,০০০ টকা পৰ্যন্ত আৰু ৩০,০০০ টকাৰ জীৱন সুৰক্ষা সামৰি লয়।

  • অসংগঠিত খণ্ডৰ বাবে পেঞ্চন আঁচনি।

  1. অভিজ্ঞতাৰ ভিত্তিত পিএমজেডিৱাইত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদ্ধতি:

খোলা একাউণ্টসমূহ বেংকৰ মূল বেংকিং ব্যৱস্থাৰ অনলাইন একাউণ্ট, বিক্ৰেতাৰ সৈতে প্ৰযুক্তি লক-ইনৰ সৈতে অফলাইন একাউণ্ট খোলাৰ পূৰ্বৰ পদ্ধতিৰ পৰিৱৰ্তে।

  1.  

    • RuPay ডেবিট কাৰ্ড বা আধাৰ সক্ষম পেমেন্ট ব্যৱস্থা (AePS) ৰ জৰিয়তে আন্তঃকাৰ্য্যক্ষমতা

    • ফিক্সড-পইণ্ট ব্যৱসায়িক প্ৰতিনিধি

    • জটিল কেৱাইচি আনুষ্ঠানিকতাৰ ঠাইত সৰলীকৃত কেৱাইচি / ই-কেৱাইচি

  2. নতুন বৈশিষ্ট্যৰ সৈতে পিএমজেডিৱাইৰ সম্প্ৰসাৰণ – চৰকাৰে কিছু সালসলনিৰে ২৮.৮.২০১৮ৰ পাছত পিএমজেডিৱাইৰ বিস্তৃত কাৰ্যসূচী সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লয়

    • ‘প্ৰতিটো ঘৰ’ৰ পৰা প্ৰতিজন বেংক একাউণ্টবিহীন প্ৰাপ্তবয়স্কলৈ’ গুৰুত্বৰ স্থানান্তৰন।

    • RuPay Card Insurance - ২৮.৮.২০১৮ৰ পিছত খোলা PMJDY একাউণ্টৰ বাবে RuPay কাৰ্ডত বিনামূলীয়া আকস্মিক বীমা সুৰক্ষা ১ লাখৰ পৰা ২ লাখ টকালৈ বৃদ্ধি।

    • অভাৰড্ৰাফ্টৰ সুবিধা বৃদ্ধি: অভাৰড্ৰাফ্টৰ সীমা ৫,০০০/- টকাৰ পৰা ১০,০০০/- টকালৈ দুগুণ বৃদ্ধি, অভাৰড্ৰাফ্ট ২,০০০/- টকালৈ (চৰ্তবিহীন) আৰু অভাৰড্ৰাফ্টৰ বয়সৰ উচ্চ সীমা ৬০ বছৰৰ পৰা ৬৫ বছৰলৈ বৃদ্ধি।

  3. পিএমজেডিৱাইৰ প্ৰভাৱ

পিএমজেডিৱাই জনকেন্দ্ৰিক অৰ্থনৈতিক পদক্ষেপৰ আধাৰশিলা হৈ আহিছে। প্ৰত্যক্ষ লাভালাভ হস্তান্তৰেই হওক, ক’ভিড-১৯ৰ আৰ্থিক সাহায্যই হওক, পিএম-কিষাণেই হওক, এমজিএনৰেগাৰ অধীনত বৃদ্ধি কৰা মজুৰিয়েই হওক, বা জীৱন আৰু স্বাস্থ্য বীমা কভাৰেই হওক, এই সকলোবোৰ পদক্ষেপৰ প্ৰথম স্তৰটো হ’ল প্ৰতিজন প্ৰাপ্তবয়স্কক বেংক একাউণ্ট প্ৰদান কৰা, যিটো পিএমজেডিৱাইৰ ক্ষেত্ৰত প্ৰায় সম্পূৰ্ণ হও হও অৱস্থাত আছে। 

২০১৪ চনৰ মাৰ্চৰ পৰা ২০২০ চনৰ মাৰ্চ মাহৰ ভিতৰত খোলা ২টা একাউণ্টৰ ভিতৰত এটা আছিল পিএমজেডিৱাই একাউণ্ট। দেশজোৰা লকডাউনৰ ১০ দিনৰ ভিতৰত প্ৰায় ২০ কোটিৰো অধিক মহিলা পিএমজেডিৱাই একাউণ্টত প্ৰতিগৰাকী মহিলা পিএমজেডিৱাই একাউণ্টত ডিবিটিৰ জৰিয়তে তিনিমাহৰ বাবে প্ৰতিমাহে ৫০০ টকা আৰ্থিক সাহায্য জমা কৰা হয়।

ক’ভিড-১৯ মহামাৰীৰ সময়ত প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি) সমূহে সমাজৰ দুৰ্বল শ্ৰেণীক যিদৰে সৱল কৰি তুলিছে আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰিছে, সেই উল্লেখযোগ্য ক্ষিপ্ৰতা আৰু ধাৰাবাহিকতা আমি দেকিবলৈ পাইছো। এটা গুৰুত্বপূৰ্ণ দিশ হ’ল পিএমজেডিৱাই একাউণ্টৰ জৰিয়তে ডিবিটিয়ে প্ৰতিটো টকাই ইয়াৰ উদ্দেশ্যপ্ৰণোদিত হিতাধিকাৰীৰ ওচৰ পোৱাটো নিশ্চিত কৰিছে আৰু ব্যৱস্থাগত সুৰুঙা নাইকিয়া কৰিছে।

পিএমজেডিৱাইয়ে বেংকিং ব্যৱস্থাত বেংকিং নোহোৱাসকলক আনি ভাৰতৰ বিত্তীয় স্থাপত্য সম্প্ৰসাৰণ কৰি প্ৰায় প্ৰতিজন প্ৰাপ্তবয়স্কৰ বাবে বিত্তীয় অন্তৰ্ভুক্তি আনিছে।

  1. পিএমজেডিৱাইৰ অধীনত কৃতিত্ব- ১৬ আগষ্ট’২৩ তাৰিখৰ হিচাপত:

  1. PMJDY একাউণ্টছ

২৩ আগষ্টৰ ৯ তাৰিখলৈকে মুঠ পিএমজেডিৱাই একাউণ্টৰ সংখ্যা: ৫০.০৯ কোটি; ইয়াৰে ৫৫.৬% (২৭.৮২ কোটি) জন-ধন একাউণ্টধাৰী মহিলা আৰু ৬৬.৭% (৩৩.৪৫ কোটি) জন ধন একাউণ্ট গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলৰ।

  • আঁচনিখনৰ প্ৰথম বছৰত ১৭.৯০ কোটি পিএমজেডি একাউণ্ট খোলা হয়।

  • পিএমজেডিৱাইৰ অধীনত একাউণ্টৰ সংখ্যা নিৰন্তৰ বৃদ্ধি

  • পিএমজেডিৱাই একাউণ্ট ১৫ মাৰ্চত ১৪.৭২ কোটিৰ পৰা ১৬-০৮-২০২৩ তাৰিখলৈকে ৫০.০৯ কোটিলৈ তিনিগুণ (৩.৪) বৃদ্ধি পাইছে। নিঃসন্দেহে বিত্তীয় অন্তৰ্ভুক্তি কাৰ্যসূচীৰ বাবে এক উল্লেখযোগ্য যাত্ৰা।

পিএমজেডিৱাই একাউণ্টৰ অধীনত জমা ধন –

পিএমজেডিৱাই একাউণ্টৰ অধীনত মুঠ বকেয়া জমা ২,০৩,৫০৫ কোটি টকা।

  • জমা ধন প্ৰায় ১৩ গুণ বৃদ্ধি পাইছে আৰু একাউণ্ট ৩.৩৪ গুণ বৃদ্ধি পাইছে (আগষ্ট ২৩ / আগষ্ট ১৫)।

প্ৰতিটো পিএমজেডিৱাই একাউণ্টত গড় জমা ধন –

১৬.০৮.২০২৩ তাৰিখলৈকে প্ৰতিটো একাউণ্টত গড় জমা ধন ৪,০৬৩ টকা

  • ১৫ আগষ্টৰ তুলনাত প্ৰতিটো একাউণ্টত গড় জমা ধন ৩.৮ গুণতকৈও অধিক বৃদ্ধি পাইছে

  • গড় জমা ধন বৃদ্ধি হোৱাটো একাউণ্টৰ ব্যৱহাৰ বৃদ্ধি আৰু একাউণ্টধাৰীৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলাৰ আন এক ইংগিত।

  1. PMJDY একাউণ্টধাৰীক প্ৰদান কৰা RuPay Card

পিএমজেডিৱাই একাউণ্টধাৰীক প্ৰদান কৰা মুঠ RuPay কাৰ্ড: ৩৩.৯৮ কোটি

  • সময়ৰ লগে লগে RuPay কাৰ্ডৰ সংখ্যা আৰু ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

  1. জন ধন দৰ্শক এপ (JDD App)

JDD App হৈছে এক মোবাইল এপ্লিকেচন যিয়ে দেশত বেংকিং টাচ পইণ্ট যেনে বেংক শাখা, ATM, Banking Correspondents (BCs), Indian Post Payment Bank আদিৰ স্থান নিৰ্ণয়ৰ বাবে নাগৰিককেন্দ্ৰিক প্লেটফৰ্ম প্ৰদান কৰে। জেডিডি এপত ১৩ লাখৰো অধিক বেংকিং টাচপইণ্ট মেপ কৰা হৈছে। জন ধন দৰ্শক এপৰ অধীনত থকা সা-সুবিধাসমূহ সাধাৰণ ৰাইজৰ প্ৰয়োজন আৰু সুবিধা অনুযায়ী লাভ কৰিব পৰা যাব। এই এপ্লিকেচনৰ ৱেব সংস্কৰণ http://findmybank.gov.in লিংকত প্ৰৱেশ কৰিব পাৰিব।

এই এপটো ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বেংকিং আউটলেটৰ দ্বাৰা এতিয়াও সামৰি ল’ব নোৱাৰা গাঁও চিনাক্তকৰণৰ বাবেও ব্যৱহাৰ কৰা হৈছে। এই চিনাক্তকৃত গাঁওসমূহ সংশ্লিষ্ট SLBC সমূহে বেংকিং আউটলেট খোলাৰ বাবে বিভিন্ন বেংকক আবণ্টন দিয়ে। এই প্ৰচেষ্টাৰ ফলত অনাবৃত গাঁৱৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

০২৩ চনৰ জুলাই মাহলৈকে জেডিডি এপত মুঠ ৬.০১ লাখ গাঁৱৰ মেপ কৰা হৈছে।ইয়াৰে মুঠ মেপ কৰা গাঁৱৰ ৫,৯৯,৪৬৮ (৯৯.৭%) বেংকিং আউটলেটৰ দ্বাৰা আবৃত। (৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বেংকৰ শাখা, বেংকিং কৰ্ণাৰ বা ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক (আই পি পি বি)।)

  1. নিশ্চিত কৰাৰ দিশত সুচল ডিবিটি লেনদেন

বেংকসমূহে জনোৱা মতে, প্ৰায় ৬.২৬ কোটি পিএমজেডিৱাই একাউণ্টধাৰীয়ে বিভিন্ন আঁচনিৰ অধীনত চৰকাৰৰ পৰা প্ৰত্যক্ষ বেনিফিট ট্ৰেন্সফাৰ (ডিবিটি) লাভ কৰে। যোগ্য হিতাধিকাৰীসকলে সময়মতে ডিবিটি লাভ কৰাটো নিশ্চিত কৰিবলৈ বিভাগে ডিবিটি মিছন, এনপিচিআই, বেংক, আৰু অন্যান্য বিভিন্ন মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি ডিবিটি বিফলতাৰ পৰিহাৰযোগ্য কাৰণ চিনাক্তকৰণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে।

  1. ডিজিটেল লেনদেন: পিএমজেডিৱাইৰ অধীনত ৩৩.৯৮ কোটিতকৈ অধিক টকা ডেবিট কাৰ্ড প্ৰদান, ৭৯.৬১ লাখ প’এছ/এমপিঅ’এছ মেচিন স্থাপন, আৰু ইউপিআইৰ দৰে মোবাইল ভিত্তিক পেমেণ্ট ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত বিত্তীয় লেনদেনৰ মুঠ সংখ্যা ১৭-১৮ বৰ্ষত ১৪৭১ কোটিৰ পৰা ২২-২৩ বিত্তীয় বৰ্ষত ১১,৩৯৪ কোটি টকালৈ বৃদ্ধি পাইছে। ২০১৭-১৮ বিত্তীয় বৰ্ষত ইউপিআইৰ মুঠ বিত্তীয় লেনদেনৰ সংখ্যা ৯২ কোটিৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষত ৮,৩৭১ কোটিলৈ বৃদ্ধি পাইছে। একেদৰে PoS আৰু ই-কমাৰ্চত RuPay কাৰ্ডৰ লেনদেনৰ মুঠ সংখ্যা ২০১৭-১৮ বিত্তীয় বৰ্ষত ৬৭ কোটিৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষত ১২৬ কোটিলৈ বৃদ্ধি পাইছে।

ভৱিষ্যৎ কাৰ্যপন্থা

  1. ক্ষুদ্ৰ বীমা আঁচনিৰ অধীনত পিএমজেডিৱাই একাউণ্টধাৰীসকলৰ কভাৰেজ নিশ্চিত কৰাৰ প্ৰয়াস কৰা। যোগ্য পিএমজেডিৱাই একাউণ্টহোল্ডাৰসকলক পিএমজেজেবিৱাই আৰু পিএমএছবিৱাইৰ অধীনত সামৰি লোৱাৰ বাবে প্ৰয়াস কৰা হ’ব। ইতিমধ্যে বেংকসমূহেও একে ধৰণৰ প্ৰয়াস অব্যাহত ৰাখিছে।

  2. সমগ্ৰ ভাৰতত গ্ৰহণযোগ্যতা আন্তঃগাঁথনি সৃষ্টিৰ জৰিয়তে পিএমজেডিৱাই একাউণ্টহোল্ডাৰসকলৰ মাজত ৰুপে ডেবিট কাৰ্ড ব্যৱহাৰকে ধৰি ডিজিটেল পেমেণ্টৰ প্ৰসাৰ।

  3. পিএমজেডি একাউণ্টধাৰীসকলৰ ক্ষুদ্ৰ ঋণ আৰু ক্ষুদ্ৰ বিনিয়োগ যেনে ফ্লেক্সি-ৰিকাৰিং ডিপ’জিট আদিৰ সুবিধা উন্নত কৰা।

****



(Release ID: 1952884) Visitor Counter : 189