প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ ‘সঞ্চালক প্ৰধান’ ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েছাছক ভাৰতলৈ স্বাগত জনায়

গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত হ'বলগীয়া ‘পৰম্পৰাগত ঔষধ সম্পৰ্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ গোলকীয় সন্মিলন’ত অংশগ্ৰহণ কৰিব ড০ টেড্ৰোছে

Posted On: 16 AUG 2023 2:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ ‘সঞ্চালক প্ৰধান’ ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েছাছক ভাৰতলৈ স্বাগত জনাইছে। শ্ৰী মোদীয়ে ড০ টেড্ৰোছক 'তুলসী ভাই' নামৰে সম্বোধন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে সঞ্চালক প্ৰধানগৰাকীক তেওঁৰ অন্তিম ভ্ৰমণৰ সময়ত এই নামটো দিছিল। 

ড০ টেড্ৰোছে গুজৰাটৰ গান্ধীনগৰত ১৭-১৮ আগষ্ট, ২০২৩ তাৰিখে অনুষ্ঠিত হ'বলগীয়া ‘পৰম্পৰাগত ঔষধৰ সম্পৰ্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ গোলকীয় সন্মিলন’ত অংশগ্ৰহণ কৰিব।

আয়ুষ মন্ত্ৰালয়ৰ ‘এক্স থ্ৰেড’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

"মোৰ ভাল বন্ধু তুলসী ভাই নিশ্চিত ভাৱেই নৱৰাত্ৰিৰ বাবে ভালদৰে প্ৰস্তুত! ভাৰতলৈ স্বাগতম, @DrTedros!"

 

My good friend Tulsi Bhai is clearly well prepared for Navratri! Welcome to India, @DrTedros! https://t.co/NSOSe32ElW

— Narendra Modi (@narendramodi) August 16, 2023

 

***



(Release ID: 1949866) Visitor Counter : 88