প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২ কোটি লাখপতি দিদিক প্ৰতিষ্ঠাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে; ড্ৰোন কী উড়ানক শক্তি প্ৰদান কৰিব মহিলাৰ আত্মসহায়ক গোটেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
15 AUG 2023 12:42PM by PIB Guwahati
আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰপৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চৰকাৰে মহিলাৰ আত্মসহায়ক গোট (SHG)সমূহৰ সৈতে গাঁৱে-ভূঞে ২ কোটি ‘লাখপতি দিদি’ক প্ৰতিষ্ঠাৰ লক্ষ্যৰে কাম কৰি আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি ১০ কোটি মহিলা মহিলাৰ আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত হৈ আছে। “আজি গাঁৱে-ভূঞে বেংকত, অংগনৱাড়ীত আৰু ঔষধ যোগান ধৰাৰ ক্ষেত্ৰত দিদি জড়িত হৈছে।”
প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষি প্ৰযুক্তি সম্পৰ্কে কয় আৰু গ্ৰামোন্নয়নত বিজ্ঞান তথা প্ৰযুক্তিৰ সম্ভাৱনাক বাস্তৱায়িতকৰণৰ বাবে আহ্বান জনায়। ১৫,০০০ মহিলাৰ আত্মসহায়ক গোটক ঋণ প্ৰদান আৰু ড্ৰোন চালনা তথা মেৰামতিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। "ড্ৰোন কী উড়ান" এই মহিলা আত্মসহায়ক গোটসমূহৰদ্বাৰা পৰিচালিত হ'ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায়।
*****
(रिलीज़ आईडी: 1949467)
आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Nepali
,
हिन्दी
,
Punjabi
,
Gujarati
,
Kannada
,
Malayalam
,
Marathi
,
Bengali
,
English
,
Urdu
,
Manipuri
,
Tamil
,
Telugu